NORTHEAST NOW (Assamese)

বহু কৰ্মচাৰীৰ চাকৰি খাব কৃত্ৰিম বুদ্ধিমত্তাই! বাজেটৰ পূৰ্বে প্ৰকাশ পোৱা আৰ্থিক সমীক্ষাৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য

February 2, 2025 2:34 pm · এন ই নাও নিউজ, গুৱাহাটী

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো আদৰ বাঢ়িছে  কৃত্ৰিম বুদ্ধিমত্তাৰ (AI)। ২০২৫-২৬ চনৰ কেন্দ্ৰীয় বাজেটৰ পূৰ্বে এআইৰ উত্থানক লৈ উদ্বেগ প্ৰকাশ পাইছে দেশৰ অৰ্থনৈতিক সমীক্ষাত।

কেৱল সেয়াই নহয়, কৃত্ৰিম বুদ্ধিমত্তাৰ অত্যধিক প্ৰসাৰ ৰোধৰ বাবে শীঘ্ৰে নিৰ্দিষ্ট নীতি প্ৰণয়ন কৰিবলৈ কেন্দ্ৰক পৰামৰ্শ দিয়া হৈছে।

এই অৰ্থনৈতিক সমীক্ষাত কৃত্ৰিম বুদ্ধিমত্তাৰ উত্থানে দেশৰ নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীৰ চাকৰিৰ ক্ষেত্ৰত কেনে প্ৰভাৱ পেলাব সেই বিষয়ে বিতংভাৱে উল্লেখ কৰিছে।

ইয়াৰ উপৰিও কোৱা হৈছে যে বৰ্তমানৰ পৃথিৱীখন প্ৰযুক্তি অবিহনে স্থবিৰ হৈ পৰিব। যাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰো প্ৰয়োজন। কিন্তু বৃহৎ জনসংখ্যা থকা দেশ ভাৰতত অৰ্থনৈতিক দিশত শ্ৰমিকৰ সংখ্যা বহু বেছি। শ্ৰমিকৰ আয়ত যাতে কোনো প্ৰভাৱ নপৰে তাৰ বাবে এআইৰ ব্যৱহাৰৰ সমান্তৰালকৈ শ্ৰমিকৰ বাবে উপাৰ্জনৰ বিকল্প উপায়ো সৃষ্টি কৰিব লাগিব।

আন্তৰ্জাতিক শ্ৰমিক সংস্থাই আশংকা প্ৰকাশ কৰিছে যে এআইৰ বাবে বিশ্বৰ ৭.৫ কোটি চাকৰি সম্পূৰ্ণৰূপে নাইকিয়া হব। অতীতৰ ইতিহাসলৈ চালে আমি দেখিম যে প্ৰযুক্তিৰ বিকাশৰ বাবে এনে ঘটনা আগতেও ঘটিছে।

অধ্যয়নটোৱে ভৱিষ্যদ্বাণী কৰিছে যে স্বাস্থ্য, গৱেষণা, ন্যায়, শিক্ষা, ব্যৱসায়, বিত্তীয় সেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত এআইয়ে মানৱ প্ৰদৰ্শনক অতিক্ৰম কৰিব। এনে পৰিস্থিতিত এনে কিছুমান নীতি প্ৰণয়ন কৰা উচিত যিয়ে শ্ৰমিকসকলৰ বাবে আয়ৰ বিকল্প উৎস মুকলি কৰাই নহয়, তেওঁলোকৰ সুৰক্ষাও নিশ্চিত কৰিব।

একে সময়তে খবৰ পোৱা গৈছে যে ২০৩০ চনৰ ভিতৰত কৃষি খণ্ডৰ বাহিৰত ৭৮.৫ নিযুত নতুন চাকৰিৰ সৃষ্টি হব লাগিব যাতে সকলো শৃংখলাবদ্ধ হৈ থাকে। অন্যথা দেশৰ শ্ৰম বজাৰত সমস্যাৰ সৃষ্টি হব। যিয়ে উন্নয়নৰ গতি লেহেমীয়া কৰিব।

মন কৰিবলগীয়া যে বিশ্বৰ বজাৰত কৃত্ৰিম বুদ্ধিমত্তা যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ ফলত চাকৰিৰ বজাৰত সংকটৰ সৃষ্টি হব বুলি বিশেষজ্ঞসকলে দাবী কৰিছে যদিও ইয়াৰ দ্বাৰা নিয়োগৰ বিকল্প পথো মুকলি হব বুলি অস্বীকাৰ কৰিব নোৱাৰি।

এই সন্দৰ্ভত খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে বৰ্তমান সময়ত প্ৰযুক্তিৰ প্ৰয়োজন হলেও চাকৰিৰ ক্ষেত্ৰত যাতে বেছি প্ৰভাৱ নপৰে সেয়াও নিশ্চিত কৰিব লাগে।

Related News