• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দায়সৰা স্পষ্টীকৰণ! DGP কাৰ্য্যালয়, PWD কে ধৰি বিল পৰিশোধ নকৰা বিভাগৰ বিদ্যুৎ কৰ্তন কৰিবলৈ সাহস হ’বনে?

সৰিয়হৰ ডুলিতে ভূত! কোনে পৰিশোধ কৰিব ৰাজ্যৰ বিয়াগোম বিভাগৰ কোটি-কোটি টকাৰ বিদ্যুতৰ বিল?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 4, 2021 7:02 pm
503
VIEWS
Share on FacebookShare on Twitter

বিদ্যুৎ চুৰি কৰাসকলক ৰঙা চকু দেখুওৱা স্বয়ং ৰাজ্যৰ DGP ৰ ঘোষণা আছিল “বিদ্যুৎ চুৰি নকৰিব আৰু সময়মতে বিল পৰিশোধ কৰক। অসম আৰক্ষীয়ে নিৰাপত্তা দিব বিদ্যুৎ কৰ্তন কৰিবলৈ যোৱা কৰ্মচাৰীক।”

কিন্তু অসমীয়াত এষাৰ কথা আছে নেচাই দালে গালে ঘাটি….

নৰ্থ ইষ্ট নাওৰ হাতত আহি পৰা তথ্য অনুসৰি স্বয়ং আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্য্যালয়ে কোটি কোটি টকাৰ বিদ্যুতৰ বিল পৰিশোধ কৰা নাই। হয়তো আৰক্ষী সঞ্চালক প্ৰধান মহোদয় এই ক্ষেত্ৰত অজ্ঞাত যে ‘আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্য্যালয়ে পৰিশোধ কৰা নাই ৩,৭২,০৭৭৭৬ টকা!

তথ্য অনুসৰি ২০২১ চনৰ মাৰ্চ মাহলৈকে পৰিশোধ কৰা নাই এই বিল।

এয়া মাথো এক উদাহৰণহে। ঠিক সেইদৰে আমি লাভ কৰা তথ্য অনুসৰি ৰাজ্যৰ লোক নিৰ্মাণ বিভাগে ৪,২৯,৪৮,৯৭১ টকা, জলসিঞ্চন বিভাগে ৬,৩৯,৯৪,১২৫ টকা, জনস্বাস্থ্য কাৰিকৰী বিভাগে ২৬,৩১,২৫,২৪১ টকা, বন বিভাগে ৪,৯৪,০৮৫৭৩ টকা, IGP বিশেষ শাখাৰ কাৰ্য্যালয়ে ২৮,৯১,৫৮৭ টকা, মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ১,২৬,৭০,৬০৬ কোটি টকা চলিত বৰ্ষৰ মাৰ্চ মাহলৈকে বিদ্যুৎ মাছুল পৰিশোধ কৰা নাই।

ইতিমধ্যে, ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এইসমূহ তথ্য আৰু ইয়াক লৈ সৰৱ হৈ পৰিছে কৰদাতা নাগৰিকসকল।
এতিয়া প্ৰশ্ন হৈছে ‘চৰকাৰী কাৰ্য্যালয়ে যদি চৰকাৰক বিদ্যুতৰ মাছুল নিদিয়ে তেন্তে সাধাৰণ ৰাইজৰ ক্ষেত্ৰত কঠোৰ হৈছে কিয় ৰাজ্যৰ বিদ্যুত বিভাগ?

ডিজিপি কাৰ্য্যালয়কে ধৰি ৰাজ্যৰ অন্য বিভাগৰ বিদ্যুত সেৱা কৰ্তন কৰিবলৈ সাহস হ’ব নে?

ইফালে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্য্যালয়ৰ বিদ্যুতৰ বিল পৰিশোধ নকৰাক কেন্দ্ৰ কৰি আমি প্ৰতিক্ৰিয়া বিচাৰিছিলো police Security ৰ ADGP ৰ প্ৰতিক্ৰিয়া ল’বলৈ চেষ্টা কৰিছিলো যদিও তেওঁ প্ৰতিক্ৰিয়া দিয়াৰ পৰা বিৰত থাকে। তাৰোপৰি আমি এই সন্দৰ্ভত DGP ভাস্কৰজ্যোতি মহন্তৰ সৈতে যোগাযোগ কৰিছিলো যদিও তেওঁৰ সৈতে যোগাযোগ সম্ভৱ নহ’ল।

এতিয়া ‘সৰিয়হৰ ডুলিৰ ভূত’টো চৰকাৰৰ বিদ্যুৎ বিভাগে কেনেকৈ আঁতৰাই সেয়া সময়ত লক্ষণীয় হ’ব।

এই তথ্য ছ’চিয়েল মিডিয়া আৰু ডিজিটেল মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ মুখ্য প্ৰবন্ধকৰ দায় সৰা প্ৰেছ বিজ্ঞপ্তি।

pl

জলসিঞ্চন, স্বাস্থ্য, সাধাৰণ প্রশাসন, গৃহ আৰু আৰক্ষী বিভাগকে ধৰি নটা চৰকাৰী বিভাগৰ বিদ্যুৎ বিল অসম চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগে কেন্দ্রীয়ভাবে নিয়মীয়াকৈ পৰিশোধ কৰে। আৰক্ষী বিভাগৰ নামত এ পি ডি চি এল-য়ে দিয়া শেহতীয়া বিলখন সাধাৰণ প্রশাসন বিভাগৰ ওচৰতে আছে আৰু যাৱতীয় প্রক্রিয়াৰ পাছত আগৰ দৰেই এ পি ডি চি এল-য়ে এই বিলৰ ধন লাভ কৰিব।

Recent News

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd