DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বহু যোগ্যতা সম্পন্ন শিক্ষক বৰ্তমানেও নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ আছে!

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
September 11, 2021 6:43 pm
Tet
214
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ এক সংবাদমেলত বহু যোগ্যতা সম্পন্ন শিক্ষক বৰ্তমানেও নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ থকাৰ কথা উল্লেখ কৰে।

এই সন্দৰ্ভত সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্রার্থমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত নেওগে কয় “দীর্ঘদিনীয়া সমস্যাৰাজি সমাধান কৰি চলিত বৰ্ষৰ ৩০ জানুৱাৰীত গুৱাহাটীৰ খানাপাৰাত ৰাজ্যৰ ৪,৫১১ গৰাকী শিক্ষকৰ হাতত নিযুক্তি পত্ৰ দাঙি ধৰিছিল। কিন্তু দুর্ভাগ্যজনক বিষয় যে নিযুক্তি প্ৰক্ৰিয়াত ৰৈ যোৱা বিভিন্ন আসোঁৱাহৰ বাবে বহু যোগ্যতা সম্পন্ন শিক্ষক বর্তমানেও নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ আছে।

এই সন্দৰ্ভত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত তেতিয়াৰ শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক অনলাইন পৰ্টেল প্রস্তুত কৰি ৪৫ দিনৰ ভিতৰতে সমস্যা সমূহ সমাধান কৰা হ’ব বুলি ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যদিও বর্তমানেও উক্ত সমস্যাসমূহ সমাধান হোৱা নাই।

ৰাজ্যখনৰ দীর্ঘদিনীয়া সমস্যাৰাজি সমাধান কৰি আমাক শিক্ষক হিচাবে কাম কৰি যাবৰ বাবে যিখিনি সুবিধা প্ৰদান কৰিলে আমি কোনোদিন পাহৰিব নোৱাৰোঁ। আপোনালোকৰ চৰকাৰৰ ওচৰত আমাৰ অগাধ বিশ্বাস আৰু আস্থা আছে আৰু ভৱিষ্যতেও থাকিব। সাধাৰণ সম্পাদক দাসে কয়।

আমাৰ বিশ্বাস বাকী ৰৈ যোৱা কামসমূহ আপুনি অতি সোনকালে সমাধান কৰি শিক্ষা জগতৰ পৰা এই সমস্যা সম্পূৰ্ণ ৰূপে নির্মূল কৰিব।

নিযুক্তি প্রক্রিয়াত ৰৈ যোৱা নিন্মোক্ত আসোঁৱাহ আৰু ন্যায্য দাবীসমূহ সংবাদ মেলত উত্থাপন কৰিছে সংস্থাই—

১। পূৰ্বতে দৰমহা লাভ কৰা আৰু বুনিয়াদী প্রশিক্ষণপ্রাপ্ত শিৱসাগৰ জিলা ৪৪ গৰাকীৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাৰ শিক্ষক নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ ৰ’ল।

২। শিৱসাগৰ জিলাৰ ৫৩ গৰাকী আৰু লখিমপুৰ জিলাৰ গৰাকী বুনিয়াদী প্রশিক্ষণপ্রাপ্ত শিক্ষকে “টিউটৰ’ হিচাবে নিযুক্তি লাভ কৰিব লগা হয়। আনহাতে প্রশিক্ষণ নথকা শিক্ষকেও ‘শিক্ষক’ পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে।

৩। লখিমপুৰ জিলাৰৰ ৫৪ গৰাকী শিক্ষকৰ নাম ধেমাজি জিলাত অন্তর্ভূক্ত হোৱাৰ বাবে নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ আছে।

৪| শিৱসাগৰ জিলাৰ ১৮ গৰাকী শিক্ষকৰ নামৰ বিপৰীতে দুখনকৈ বিদ্যালয়ৰ নাম সন্নিবিষ্ট হোৱাৰ বাবে নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ আছে। ইয়াৰ বিপৰীতে জিলাখনৰ দুগৰাকী শিক্ষকৰ নামৰ বিপৰীতে বিদ্যালয়ৰ নাম উল্লেখ নথকাৰ বাবে নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ আছে।

৫। এসময়ত শিক্ষা বিভাগৰ যোগেদি নিযুক্তি লাভ কৰা বহু শিক্ষক বর্তমান নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ ৰ’ল। নিযুক্তিপত্ৰ বিতৰণ অনুষ্ঠানত মহোদয়ে উক্ত শিক্ষকসকলৰ ক্ষেত্ৰত বিবেচনা কৰিব বুলি কৰা ঘোষণাক কাৰ্যকৰী কৰিব লাগে।

৬। ‘টিউটৰ’ হিচাবে নিযুক্তি প্ৰদান কৰা শিক্ষক সকলৰ পূৰ্বৰ অভিজ্ঞতা আৰু জ্যেষ্ঠতাৰ ভিত্তিত‘শিক্ষক’ৰ মৰ্যাদা প্রদান সন্দৰ্ভত বিবেচনা কৰিব লাগে। যিহেতু বহু সংখ্যক শিক্ষক নিযুক্তি লাভৰ পাছতেই অৱসৰ গ্ৰহণ কৰাৰ লগতে বহু সংখ্যক শিক্ষক অতি দুই এবছৰৰ ভিতৰতে অৱসৰ গ্ৰহণ কৰিব।

৭। ডি. এল. এড. গ্ৰহণ কৰা শিক্ষকসকলক টিউটৰৰ পৰিৱৰ্তে শিক্ষকৰ মর্যাদা প্রদান কৰিব লাগে।

৮। চৰকাৰীভাৱে নিযুক্তি লাভ কৰি বিনা বেতনেৰে অৱসৰ গ্ৰহণ কৰা আৰু মৃত্যুবৰণ কৰা শিক্ষক তথা তেওঁলোকৰ পৰিয়ালক উপযুক্ত মর্যাদা প্রদান কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনালোঁ।

Recent News

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

Gujarat Riots: সমাজকৰ্মী তিস্তা শীতলৱাড়ক আটক গুজৰাট এটিএছৰ; আটক প্ৰাক্তন আইপিএছ শ্ৰীকুমাৰো

Gujarat Riots: সমাজকৰ্মী তিস্তা শীতলৱাড়ক আটক গুজৰাট এটিএছৰ; আটক প্ৰাক্তন আইপিএছ শ্ৰীকুমাৰো

ত্ৰিপুৰাত প্ৰৱঞ্চনাৰ বলি অসমৰ দুই শতাধিক যুৱক; অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী ডি ৱাই এফ আইৰ

ত্ৰিপুৰাত প্ৰৱঞ্চনাৰ বলি অসমৰ দুই শতাধিক যুৱক; অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী ডি ৱাই এফ আইৰ

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ; এজন লোক আহত

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ; এজন লোক আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd