• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বহু যোগ্যতা সম্পন্ন শিক্ষক বৰ্তমানেও নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ আছে!

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
September 11, 2021 6:43 pm
Tet
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ এক সংবাদমেলত বহু যোগ্যতা সম্পন্ন শিক্ষক বৰ্তমানেও নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ থকাৰ কথা উল্লেখ কৰে।

এই সন্দৰ্ভত সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্রার্থমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত নেওগে কয় “দীর্ঘদিনীয়া সমস্যাৰাজি সমাধান কৰি চলিত বৰ্ষৰ ৩০ জানুৱাৰীত গুৱাহাটীৰ খানাপাৰাত ৰাজ্যৰ ৪,৫১১ গৰাকী শিক্ষকৰ হাতত নিযুক্তি পত্ৰ দাঙি ধৰিছিল। কিন্তু দুর্ভাগ্যজনক বিষয় যে নিযুক্তি প্ৰক্ৰিয়াত ৰৈ যোৱা বিভিন্ন আসোঁৱাহৰ বাবে বহু যোগ্যতা সম্পন্ন শিক্ষক বর্তমানেও নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ আছে।

Apply Now

এই সন্দৰ্ভত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত তেতিয়াৰ শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক অনলাইন পৰ্টেল প্রস্তুত কৰি ৪৫ দিনৰ ভিতৰতে সমস্যা সমূহ সমাধান কৰা হ’ব বুলি ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যদিও বর্তমানেও উক্ত সমস্যাসমূহ সমাধান হোৱা নাই।

ৰাজ্যখনৰ দীর্ঘদিনীয়া সমস্যাৰাজি সমাধান কৰি আমাক শিক্ষক হিচাবে কাম কৰি যাবৰ বাবে যিখিনি সুবিধা প্ৰদান কৰিলে আমি কোনোদিন পাহৰিব নোৱাৰোঁ। আপোনালোকৰ চৰকাৰৰ ওচৰত আমাৰ অগাধ বিশ্বাস আৰু আস্থা আছে আৰু ভৱিষ্যতেও থাকিব। সাধাৰণ সম্পাদক দাসে কয়।

আমাৰ বিশ্বাস বাকী ৰৈ যোৱা কামসমূহ আপুনি অতি সোনকালে সমাধান কৰি শিক্ষা জগতৰ পৰা এই সমস্যা সম্পূৰ্ণ ৰূপে নির্মূল কৰিব।

নিযুক্তি প্রক্রিয়াত ৰৈ যোৱা নিন্মোক্ত আসোঁৱাহ আৰু ন্যায্য দাবীসমূহ সংবাদ মেলত উত্থাপন কৰিছে সংস্থাই—

১। পূৰ্বতে দৰমহা লাভ কৰা আৰু বুনিয়াদী প্রশিক্ষণপ্রাপ্ত শিৱসাগৰ জিলা ৪৪ গৰাকীৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাৰ শিক্ষক নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ ৰ’ল।

২। শিৱসাগৰ জিলাৰ ৫৩ গৰাকী আৰু লখিমপুৰ জিলাৰ গৰাকী বুনিয়াদী প্রশিক্ষণপ্রাপ্ত শিক্ষকে “টিউটৰ’ হিচাবে নিযুক্তি লাভ কৰিব লগা হয়। আনহাতে প্রশিক্ষণ নথকা শিক্ষকেও ‘শিক্ষক’ পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে।

৩। লখিমপুৰ জিলাৰৰ ৫৪ গৰাকী শিক্ষকৰ নাম ধেমাজি জিলাত অন্তর্ভূক্ত হোৱাৰ বাবে নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ আছে।

৪| শিৱসাগৰ জিলাৰ ১৮ গৰাকী শিক্ষকৰ নামৰ বিপৰীতে দুখনকৈ বিদ্যালয়ৰ নাম সন্নিবিষ্ট হোৱাৰ বাবে নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ আছে। ইয়াৰ বিপৰীতে জিলাখনৰ দুগৰাকী শিক্ষকৰ নামৰ বিপৰীতে বিদ্যালয়ৰ নাম উল্লেখ নথকাৰ বাবে নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ আছে।

৫। এসময়ত শিক্ষা বিভাগৰ যোগেদি নিযুক্তি লাভ কৰা বহু শিক্ষক বর্তমান নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ ৰ’ল। নিযুক্তিপত্ৰ বিতৰণ অনুষ্ঠানত মহোদয়ে উক্ত শিক্ষকসকলৰ ক্ষেত্ৰত বিবেচনা কৰিব বুলি কৰা ঘোষণাক কাৰ্যকৰী কৰিব লাগে।

৬। ‘টিউটৰ’ হিচাবে নিযুক্তি প্ৰদান কৰা শিক্ষক সকলৰ পূৰ্বৰ অভিজ্ঞতা আৰু জ্যেষ্ঠতাৰ ভিত্তিত‘শিক্ষক’ৰ মৰ্যাদা প্রদান সন্দৰ্ভত বিবেচনা কৰিব লাগে। যিহেতু বহু সংখ্যক শিক্ষক নিযুক্তি লাভৰ পাছতেই অৱসৰ গ্ৰহণ কৰাৰ লগতে বহু সংখ্যক শিক্ষক অতি দুই এবছৰৰ ভিতৰতে অৱসৰ গ্ৰহণ কৰিব।

৭। ডি. এল. এড. গ্ৰহণ কৰা শিক্ষকসকলক টিউটৰৰ পৰিৱৰ্তে শিক্ষকৰ মর্যাদা প্রদান কৰিব লাগে।

৮। চৰকাৰীভাৱে নিযুক্তি লাভ কৰি বিনা বেতনেৰে অৱসৰ গ্ৰহণ কৰা আৰু মৃত্যুবৰণ কৰা শিক্ষক তথা তেওঁলোকৰ পৰিয়ালক উপযুক্ত মর্যাদা প্রদান কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনালোঁ।

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd