৭৬পৃষ্ঠাৰ ইস্তাহাৰত ৫৩খন নৰেন্দ্ৰ মোদীৰ ছবি! নিয়োগ,মূল্যবৃদ্ধিৰ দৰে প্ৰসংগ উপেক্ষাৰ অভিযোগ বিৰোধীৰ

ছয়সত্তৰ পৃষ্ঠাৰ ইস্তাহাৰ। তাৰ ভিতৰত আছে নৰেন্দ্ৰ মোদীৰ ৫৩ ছবি।ইস্তাহাৰখনত নিয়োগৰ কথা মাত্ৰ দুবাৰহে উল্লেখ কৰা হৈছে। নিবনুৱা সমস্যা আৰু মূল্যবৃদ্ধিৰ দৰে শব্দও অনুপস্থিত ইস্তাহাৰত।আনকি ধনী আৰু দুখীয়াৰ মাজত আৰ্থিক বৈষম্যৰ বিষয়টোও এবাৰো উত্থাপন নকৰিলে শাসকীয় দলটোৱে৷

দিল্লীস্থিত বিজেপিৰ কাৰ্যালয়ত নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰাৰ পাছত কংগ্ৰেছে এই প্ৰশ্ন উত্থাপন কৰে যে বিজেপিৰ ইস্তাহাৰত নিবনুৱা আৰু মূল্যবৃদ্ধি শব্দ দুটা কিয় নাইকিয়া হ’ল? ৰাহুল গান্ধীয়ে অভিযোগ কৰি কয় যে, ‘বিজেপিৰ ইস্তাহাৰ আৰু নৰেন্দ্ৰ মোদীৰ ভাষণত দুটা শব্দ নোহোৱা হৈছে। মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যা। বিজেপিয়ে মানুহৰ জীৱনৰ সৈতে জড়িত দুটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিব নিবিচাৰে।”

অসমীয়া নৱবৰ্ষৰ পুৱা প্ৰধানমন্ত্ৰী মোদীয়ে সংবিধানৰ নিৰ্মাতা ড° ভীমৰাও আম্বেদকাৰৰ জন্মদিনত বিজেপিৰ ইস্তাহাৰ প্ৰকাশ কৰে। বিজেপিয়ে ইয়াক ইস্তাহাৰৰ পৰিৱৰ্তে সংকল্প পত্ৰ বুলি অভিহিত কৰে। ইফালে কংগ্ৰেছে অৱশ্যে ইস্তাহাৰখনক ‘মাফিনামা’ বুলি অভিহিত কৰে। দেশৰ যুৱক-যুৱতী, কৃষক, দলিত, আদিবাসী সকলৰ ওচৰত মোদীয়ে ক্ষমা খুজিব লাগে বুলি কংগ্ৰেছে দাবী কৰে৷ইপিনে আম আদমী পাৰ্টিয়ে ইস্তাহাৰখনক ‘জুমলাপাত্ৰ’ আখ্যা দিয়ে৷

বিজেপিৰ ইস্তাহাৰ প্ৰকাশ পোৱাৰ পিছত কংগ্ৰেছে সংবাদমেল অনুষ্ঠিত কৰি কয় যে- কংগ্ৰেছৰ ইস্তাহাৰত ৩০ লাখ চৰকাৰী চাকৰিৰ “গেৰাণ্টী” আছে। বিজেপিৰ ইস্তাহাৰত ইয়াৰ কোনো উল্লেখ নাই। কংগ্ৰেছে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছে। বিজেপিৰ ইস্তাহাৰত ইয়াৰ কোনো উল্লেখ নাই। কংগ্ৰেছে কৃষকৰ দাবী অনুসৰি শস্যৰ ন্যূনতম মূল্য বা এম এছ পিৰ আইনী নিশ্চয়তা প্ৰদানৰ আহ্বান জনাইছে। এই সন্দৰ্ভত বিজেপি মৌন। চৰকাৰী চাকৰিত মহিলাৰ বাবে ৫০ শতাংশ সংৰক্ষণৰ প্ৰতিশ্ৰুতি কংগ্ৰেছে দিছে। দৰিদ্ৰ মহিলাক বছৰি এক লাখ টকাৰ আৰ্থিক সাহায্য দিব বুলি কোৱা হৈছে। বিজেপিৰ ইস্তাহাৰত ইয়াৰ কোনো উল্লেখ নাই। কংগ্ৰেছে মণিপুৰত শান্তি প্ৰতিষ্ঠা কৰাৰ কথা ক’লে। বিজেপিয়ে এইক্ষেত্ৰত মৌনতা অৱলম্বন কৰিছে। স্থানীয় ৰাইজৰ দাবীৰ ভিত্তিত কংগ্ৰেছে লাডাখক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিবলৈ সন্মত হৈছে। এই সন্দৰ্ভত বিজেপিয়ে একো কোৱা নাই। নৰেন্দ্ৰ মোদীয়ে বছৰি ২ কোটি চাকৰিৰ সৃষ্টি, কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ লগতে বহিঃৰাষ্ট্ৰত জমা হোৱা ক’লা ধন ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিছিল।কিন্তু বাস্তৱত একো নহ’ল।

নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ ‘জুমলা পেপাৰ’ প্ৰকাশ কৰা বুলি অভিযোগ উত্থাপন কৰিছে আম আদমী পাৰ্টিৰ নেতা আতিশীয়ে।আতিশীয়ে কয়- প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ কথা ক’লে। সেই প্ৰতিশ্ৰুতি ২০১৯ চনৰ বিজেপিৰ ইস্তাহাৰতো আছিল।কিন্তু মোদীয়ে যোৱা ৯ বছৰে কোনো চাকৰি দিয়া নাই৷ স্নাতক, স্নাতকোত্তৰ যুৱক-যুৱতীসকলৰ মাজত নিবনুৱাৰ হাৰ এতিয়া সৰ্বাধিক।