বিজেপিৰে মিতিৰালি; ২৪’ৰ নিৰ্বাচনৰ পিছত দেশত অপ্রাসংগিক হৈ পৰিল কেইবাটাও দল!

প্ৰতিনিধিত্বমূলক ফটো।

ৰঘুমলাই যেনেকৈ আশ্ৰয়দাতা উদ্ভিদটোক জীৱন-ৰস চুহি মৃত্যুৰ মুখলৈ ঠেলি দিয়ে, ২০২৪ চনৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত দেশৰ কেইবাটাও আঞ্চলিক ৰাজনৈতিক দলৰ অৱস্থাও একেবাৰে তেনেকুৱাই। একাংশই বিজেপিৰ সংগত থকাৰ পাছত গেৰুৱা লতাৰ ‘বিষ’ প্ৰেমত প্ৰায় নিঃশেষ হোৱাৰ উপক্ৰম হৈছে, আনহাতে কোনোবাই মৃত্যুৰ আগমন বুলি জানি গেৰুৱা সংগ ত্যাগ কৰিলে যদিও বিষমুক্ত হৈ সাৰি যাব নোৱাৰিলে।

ৰাষ্ট্ৰীয় ৰাজনীতিততো দূৰৰে কথা, বহু আঞ্চলিক দলে নিজৰ ঘৰৰ মাটিতে কাৰ্যতঃ অপ্রাসংগিক হৈ পৰিছে। ফলাফল ঘোষণাৰ পিছত জাতীয় ৰাজনীতিৰ পৰা কোনবোৰ দল অপ্রাসংগিক হৈ পৰিল, এবাৰ চাওঁ আহক৷

বিজেডি (বিজু জনতা দল)

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পিছত যদি কোনো দলে সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছে তেন্তে সেয়া হ’ল বিজেডি। ওড়িশাৰ এই ৰাজনৈতিক দলটোৱে দীৰ্ঘদিন ধৰি জগন্নাথভূমিৰ শাসক হৈ আহিছে। এসময়ত বিজেপিৰ সৈতে কান্ধত কান্ধ মিলাই আগবাঢ়ি যোৱা বিজেডিয়ে এতিয়া গেৰুৱা সংগ এৰিছে যদিও ইয়াৰ আগ্ৰাসনৰ পৰা সাৰি যোৱা নাই।

লোকসভাত ২১খন আসন থকা ওড়িশাত এসময়ৰ অংশীদাৰ বিজেপিয়ে ২০খন আসনেই দখল কৰিছে। কংগ্ৰেছে এখন আসন দখল কৰিছে। বিজেডিৰ দুৰ্বল অৱস্থা দেখি ৰাজনৈতিক মহলে দাবী কৰে যে নবীন পাটনায়কে নিজেই ওড়িশাৰ মাটিত খাল খান্দি ঘঁৰিয়াল (বিজেপি) আনিছিল। বিজেডিৰ আপডালত লহপহকৈ বাঢ়ি উঠি এইবাৰ তেওঁলোককেই গ্ৰাস কৰিলে মোডী-শ্বাহৰ দলটোৱে।

বি এছ পি (বহুজন সমাজ পাৰ্টি)

লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত উত্তৰ প্ৰদেশৰ ৰাজনীতিত মায়াৱতীৰ বহুজন সমাজবাদী পাৰ্টি কাৰ্যতঃ অপ্রাসংগিক হৈ পৰিল বুলি ক’ব পাৰি৷ বহু বছৰ ধৰি বিজেপিৰ সৈতে মিত্ৰতাত আছিল মায়াৱতী। মিত্ৰতা এৰি যোৱা বহুদিন হ’ল। কিন্তু মিত্ৰতা ত্যাগ কৰাৰ পিছতো শুনা যায় যে তেওঁলোকে ৰাজ্যত বিজেপিক সুবিধা কৰি দিয়াৰ খেল অব্যাহত ৰাখিছিল।

উত্তৰ প্ৰদেশত এইবাৰ সকলো সমষ্টিতে প্ৰাৰ্থীও দিছিল। অৱশ্যে ইয়াৰ কোনো লাভ নহ’ল। এখনো আসন লাভ নকৰিলে দলটোৱে। বিএছপিৰ দলিত যাদৱৰ ভোটত ইতিমধ্যে বিজেপিয়ে সিন্ধি দিছিল। বিজেপিৰ আগ্ৰাসী ভূমিকাৰ বাবে কমি কমি বিএছপিৰ ভোট শূন্য হৈ পৰিছে।

বি আৰ এছ (ভাৰত ৰাষ্ট্ৰ সমিতি)

তেলেংগানাৰ পূৰ্বৰ শাসকীয় দল বি আৰ এছ। যদিও বিজেপিৰ সৈতে কোনো প্ৰত্যক্ষ মিত্ৰতা নাই, তথাপিও জনা যায় যে ক্ষমতাত থকা সময়ত এই দক্ষিণৰ ৰাজ্যখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও অতি ঘনিষ্ঠ আছিল। বিগত বৰ্ষৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হাতত হতাশাজনক পৰাজয়ৰ পিছত বি আৰ এছ উৎখাত হৈছিল। এইবাৰ লোকসভা নিৰ্বাচনত নিজৰ ৰাজ্যতে বাস্তৱিকতে শেষ। আনহাতে, এসময়ত অস্পৃশ্য বিজেপিয়ে তেলেংগানাত ৮খন আসন লাভ কৰিছে।

এআইএডিএমকে

জয়ললিতাৰ দল বিভাজিত হৈ এ আই ডি এম কে গঠন হৈছিল। দক্ষিণৰ ৰাজনীতিৰ অন্যতম নীতি নিৰ্ধাৰক আছিল দলৰ মুৰব্বী পলানিস্বামী। চৰকাৰতো আছিল তেওঁলোক। এই এআইডিএমকেৰ হাতত ধৰি বিজেপিয়ে দক্ষিণৰ তামিলনাডু ৰাজ্যত সংগঠন সম্প্ৰসাৰণ কৰিবলৈ আৰম্ভ কৰিছিল। ফলত এআইডিএমকে ক্ৰমান্বয়ে ভোট বেংক হেৰুৱাবলৈ আৰম্ভ কৰে। ইয়াৰে অধিকাংশই বিজেপিলৈ যায়। ২৪’ৰ লোকসভা নিৰ্বাচনত এইবাৰ তেওঁলোকৰ ফলাফল শূন্য।

জে জে পি (জনায়ক জনতা পাৰ্টি)

মাত্ৰ যোৱা মাহত বিজেপিৰ মিত্ৰ দল জেজেপিয়ে হাৰিয়ানাৰ ৰাজনীতিত হুলস্থুল লগাই দিছিল। হাৰিয়ানাত চৰকাৰ গঠনৰ বাবে কংগ্ৰেছক সমৰ্থন কৰিব বুলি কয়। হাৰিয়ানাত বিজেপি আৰু জেজেপিৰ মাজত সংঘাতৰ মাজতে লোকসভা নিৰ্বাচনৰ অন্ত পৰিল। ফলাফল ওলোৱাৰ পিছত দেখা গ’ল বিজেপি আৰু কংগ্ৰেছে ৫ খনকৈ আসন লাভ কৰিলে যদিও জেজেপিয়ে এখনো আসন নাপালে।

শিৰোমণি আকালি দল

পঞ্জাৱৰ শিৰোমণি আকালি দল এন ডি এৰ একান্ত মিত্ৰ হিচাপে পৰিচিত। কৃষক আন্দোলনৰ সময়ত সুখবীৰ সিং বাদলে বিজেপিৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰে। এসময়ত পঞ্জাৱ চৰকাৰৰ নীতি নিৰ্ধাৰক শিৰোমণি আকালি দলৰ ২৪’ৰ লোকসভা নিৰ্বাচনত পুতৌজনক অৱস্থা। কোনোমতে তেওঁলোকে পঞ্জাৱত এখন আসন লাভ কৰি নিজৰ অস্তিত্ব ৰক্ষা কৰিবলৈ সক্ষম হ’ল।

অসম গণ পৰিষদ

ছাত্ৰ আন্দোলন, বিদেশী বিতাৰণ আন্দোলনৰ জৰিয়তে অসমত অসম গণ পৰিষদ ৰাজনৈতিক দল হিচাপে আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁলোকে দুবাৰকৈ ক্ষমতা লাভ কৰি অসমত সবল স্থিতিৰ কথা ঘোষণা কৰিছিল। নিৰ্বাচনী ৰাজনীতিত ভৰি দিও দলটোৱে চৰকাৰ গঠনত নিৰ্ণায়ক ভূমিকা পালন কৰিছিল। এইবাৰ বিজেপিৰ সৈতে মিত্ৰতা কৰি মাত্ৰ এখন আসনতে আবদ্ধ হৈ ৰৈছে। আনহাতে, এই লোকসভা নিৰ্বাচনৰ পিছত অসমত বাস্তৱতে অপ্রাসংগিক হৈ পৰা আন এটা ৰাজনৈতিক দল হৈছে এআইইউডিএফ।

আই এন এল ডি (ইণ্ডিয়ান নেশ্যনেল লোকদল)

হাৰিয়ানাত এটা সময়ত বিজেপিৰ সৈতে ঘনিষ্ঠ ৰাজনীতি কৰিছিল যদিও ইতিমধ্যে বিজেপি আৰু আইএনএলডিৰ সম্পৰ্ক শেষ হৈ গৈছে। কংগ্ৰেছ আৰু বিজেপিৰ সৈতে সমতাৰ নীতিৰে পুনৰ হাৰিয়ানাৰ পৰা লোকসভা নিৰ্বাচনত অংশগ্ৰহণ কৰে আইএনএলডিয়ে। কিন্তু এইবাৰ তেওঁলোকৰ ফলাফল অতি শোচনীয়। বিজেপি আৰু কংগ্ৰেছৰ আগ্ৰাসনত এখনো আসন নাপালে দলটোৱে।