• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিশুৰ কাকলিৰে মুখৰিত হ’ল নগাঁৱৰ কলঙৰ বাকৰি নেহৰুবালি

NE NOW NEWS মিণ্টু দাস
নগাঁও , November 4, 2018 8:25 pm

2 min read

Nagaon Book fair

ফটো : নৰ্থ-ইষ্ট নাও

301
VIEWS
Share on FacebookShare on Twitter

শিশুৰ কলৰৱৰে আজি মুখৰিত হৈ পৰিল নগাঁৱৰ কলঙৰ বাকৰি নেহৰুবালি । উত্তৰ-পূব শিশু গ্ৰন্থমেলাৰ আজি পঞ্চমটো দিনৰ কাৰ্যসূচী অনুসৰি পুৱাবেলা নেহৰুবালিৰ প্ৰদীপ শইকীয়া ক্ষেত্ৰত অনুষ্ঠিত হয় ৰং আৰু সাধুৰ ধেমালি শীৰ্ষক এক ব্যতিক্ৰমধৰ্মী অনুষ্ঠান।

অকণিৰ সাহিত্য সভাৰ সঞ্চালক দুলাল বৰা আৰু চিত্ৰশিল্পী সুজিত দাসৰ পৰিচালনাত অনুষ্ঠিত হোৱা এই বিশেষ অনুষ্ঠানটিত সহস্ৰাধিক শিশুৱে অংশ লৈ ৰং-তুলিকাৰে প্ৰকৃতিৰ বিধ্বংসী ৰূপ প্ৰতিভাত কৰি তোলাৰ বিপৰীতে আন একাংশ শিশুৱে সাধুকোৱা, ৰচনা লিখা, কবিতা আবৃত্তি প্ৰতিযোগিতাত অংশ লৈ নিজৰ নিজৰ দক্ষতাৰ পৰিচয় দাঙি ধৰে।

ইফালে, আন একাংশ শিশুৱে আকৌ সমান্তৰালভাবে বক্তৃতানুষ্ঠানখনতো অংশগ্ৰহণ কৰি পাণ্ডিত্যৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয়। শিশুৰ এই বিশেষ অনুষ্ঠানটিত বিশিষ্ট চিত্ৰশিল্পী সমীৰণ বৰুৱা, শিশু সাহিত্যিক নূপুৰ মোমাইদেউ, দিলীপ কুমাৰ বৰুৱা, লোক সংস্কৃতিৰ গৱেষক বিষ্ণুৰাম মেধি আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

এই মনোগ্ৰাহী অনুষ্ঠানটিতে দেৱকান্ত হাজৰিকাৰ ‘চিলা’ নামৰ এখনি শিশুনাটো মঞ্চস্থ কৰা হয়। ইফালে এই অনুষ্ঠানটিতে শিশু সাহিত্যিক নূপুৰ মোমাইদেউৰ ‘কিচিৰ মিচিৰ টু টুত’ আৰু লক্ষীনাৰায়ণ বৰাৰ ‘মইনাহঁতৰ সঁফুৰা’ নামৰ শিশু গ্ৰন্থ দুখনিও উন্মোচন কৰা হয়। গ্ৰন্থ দুখনি উন্মোচন কৰে ক্ৰমে লোক সংস্কৃতিৰ গৱেষক বিষ্ণুৰাম মেধি আৰু বিশিষ্ট চিত্ৰশিল্পী সমীৰণ বৰুৱাই।

ইয়াৰ পিছতে বিয়লি গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত হয় ‘শৰতৰ আবেলি শব্দমুখৰ প্ৰতিধ্বনি’ শীৰ্ষক কাব্য-গীতৰ অনুষ্ঠান। সুৰৰ পানচৈ শিল্পী সমাজৰ ব্যৱস্থাপনাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত বহু কেইগৰাকী নবীন-প্ৰবীন শিল্পী-সাহিত্যিক উপস্থিত থাকে।

আনহাতে সন্ধিয়াৰ ভাগত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে নৱৰূপ জাতীয় বিদ্যাপীঠে। এই সাংস্কৃতিক অনুষ্ঠানত নৱৰূপ জাতীয় বিদ্যাপীঠৰ ছাত্ৰ-ছাত্ৰীসকলে বণাৰ্ঢ্য কৃষ্টি-সংস্কৃতিৰ চানেকি ধৰিবলৈ সক্ষম হয়।

গ্ৰন্থ বিপণীসমূহত পচন্দৰ গ্ৰন্থ বিচাৰি ভিৰ কৰে গ্ৰন্থ অনৰাগীসকলে। নগাঁৱৰ এই গ্ৰন্থমেলাত নীলমণি ফুকনৰ ‘সম্পূৰ্ণ কবিতা’ , উৎপল বৰুৱাৰ ‘আলিমূৰৰ কেঁকুৰি’, মৃণাল তালুকদাৰৰ ‘মান্দালয়’, জুৰি বৰা বৰগোহাঞিৰ ‘আংকুশ’ সৰ্বাধিক বিক্ৰী হোৱা বুলি জানিব পৰা গৈছে।

Recent News

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

Arvind-Kejriwal-750x375

আম আদমি পাৰ্টিয়ে অহা দুই বছৰত উত্তৰ প্ৰদেশ, গুজৰাটসহ ৬ ৰাজ্যত খেলিব নিৰ্বাচন : কেজৰিৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd