ঝাৰখণ্ডৰ সাৰন্দা বনাঞ্চলত মাওবাদীয়ে ৰোপণ কৰা আই ই ডি বিস্ফোৰণত নিহত হৈছে এগৰাকী ৯ বছৰীয়া নাবালিকা।
আৰক্ষীৰ সূত্ৰ অনুসৰি পুৱা গাঁৱৰ কেইজন লোকে সাৰন্দা বনাঞ্চলত খৰি সংগ্ৰহ কৰিবলৈ গৈছিল। তেওঁলোকৰ লগত আছিল এগৰাকী ৯ বছৰীয়া নাবালিকা। সকলোৱে খৰি সংগ্ৰহত ব্যস্ত আছিল। নাবালিকাগৰাকীয়েও খৰি সংগ্ৰহ কৰি আছিল। সেই সময়তে ঘটে এক প্ৰবল বিস্ফোৰণ। লগে লগে চিটিকি পৰে নাবালিকাগৰাকী।
ততাতৈয়াকৈ তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়ত চিকিৎসকে মৃত বুলি ঘোষণা কৰে। জানিব পৰা মতে, নাবালিকা গৰাকীৰ নাম ছিৰি হেৰেং। ছিৰি তৃতীয় শ্ৰেণীৰ ছাত্ৰী।
মন কৰিবলগীয়া যে বিস্ফোৰণ সংঘটিত হোৱা ঠাইৰ পৰা তিনি কিলোমিটাৰ দূৰত্বত আছে চি আৰ পি এফৰ শিবিৰ। এই ঘটনাৰ পৰা সন্দেহ কৰা হৈছে যে এই আক্ৰমণৰ মূল লক্ষ্য আছিল চি আৰ পি এফ জোৱান। এই ঘটনাৰ পিছতে আৰক্ষী আৰু চি আৰ পি এফৰ যুটীয়া বাহিনীয়ে তালাচী চলাবলৈ আৰম্ভ কৰে। আন ক’ৰবাতো কোনো বিস্ফোৰক ৰোপণ কৰা হৈছে নে নাই তাৰ সন্ধান চলি আছে।
আৰক্ষীয়ে জনোৱা মতে, মাওবাদীয়ে ৰোপণ কৰা বিস্ফোৰকৰ ফলত বহু সাধাৰণ লোকে প্ৰাণ হেৰুৱাইছে। বিশেষকৈ হাবিত খৰি সংগ্ৰহ কৰি থাকোঁতে গাঁৱৰ ৰাইজ আক্ৰমণৰ বলি হৈছে। এই ঘটনাৰ পিছতে সাৰন্দা বনাঞ্চলৰ আশে-পাশে থকা গাঁওবোৰত আতংক বিয়পি পৰিছে।





