• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছট্টিশগড়ৰ আক্ৰমণৰ পিছত অভিভাৱকসকললৈ মাওবাদীৰ আহ্বান; ‘সন্তানক নিৰাপত্তা বাহিনীলৈ নপঠাব’

দেশৰ কৃষক বিদ্ৰোহলৈ সমৰ্থন মাওবাদীৰ; ২৬ এপ্ৰিলত দেশজোৰা ভাৰত বন্ধৰ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2021 5:57 pm
naxals-1561344519
36.7k
VIEWS
Share on FacebookShare on Twitter

এম্বুশৰ দ্বাৰা ২২ গৰাকী নিৰাপত্তাৰক্ষীক হত্যা কৰাৰ পিছত মুখ খুলিছে নিষিদ্ধ ঘোষিত কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া(মাওবাদী) তথা মাওবাদীৰ নেতৃত্বই।

মাওবাদীৰ আক্ৰমণত ২২ গৰাকী নিৰাপত্তাৰক্ষীৰ মৃত্যু হোৱাৰ পিছত যোৱা সোমবাৰে ছট্টিশগড় ভ্ৰমণ কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

ছট্টিশগড় ভ্ৰমণৰ সময়ত গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল যে উগ্ৰবাদ বিৰোধী যুঁজক ‘নিৰ্ণায়ক ৰূপ’ দিয়াৰ বাবে ২২ গৰাকী ছহিদৰ ত্যাগ স্মৰণীয় হৈ থাকিব আৰু এই যুঁজখনৰ ‘গ্ৰহণযোগ্য সমাপ্তি’ৰ বাবে অভিযান তীব্ৰতৰ কৰা হ’ব।

গৃহমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে নিষিদ্ধ ঘোষিত সংগঠনটোৱে এক বিবৃতিৰ যোগে তেওঁলোকৰ যুঁজ নিৰাপত্তা বাহিনীৰ জোৱানৰ বিৰুদ্ধে নহয়, এই যুঁজ পুঁজিবাদ আৰু দেশত অব্যাহত থকা ব্ৰাহ্মণ্যবাদৰ বিৰুদ্ধে বুলিহে দাবী কৰিছে।

“অমিত শ্বাহে কাৰ ওপৰত প্ৰতিশোধ ল’ব? নিপীড়িত লোক আৰু মাওবাদী একে আৰু দিনক দিনে, নিপীড়িত লোকসকলে পুঁজিবাদী আৰু ব্ৰাহ্মণ্যবাদী চৰকাৰৰ বিৰুদ্ধে মাত মাতি আহিছে…।” মাওবাদীৰ মুখপাত্ৰ অভয়ে সোমবাৰে বিবৃতিটোত কয়।

লগতে পঢ়ক : মাওবাদীৰ জিম্মাতে আছে অপহৃত কামাণ্ডো; শিবিৰসহ অপহৃত কামাণ্ডোৰ ফ’টো ভাইৰেল কৰিলে মাওবাদীয়ে

পিতৃ-মাতৃ তথা অভিভাৱকসকলক তেওঁলোকৰ সন্তানক নিৰাপত্তা বাহিনীলৈ প্ৰেৰণ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কৰি সংগঠনটোৱে লগতে কয়, “আমি বিশ্বাস কৰো যে বাহিনীত নিযুক্তি পোৱাসকলো শোষিত লোকসকলৰ অংশ আৰু যেতিয়া তেওঁলোকে আমাৰ সৈতে যুঁজিবলৈ অস্ত্ৰ লৈ আহে তেতিয়া যুঁজ দিয়াটো আমাৰ বাধ্যবাধকতা। মৃতকৰ পৰিয়ালৰ প্ৰতি আমাৰ সহানুভূতি আছে আৰু চিপিআই (মাওবাদী)য়ে জনসাধাৰণক তেওঁলোকৰ সন্তানক নিৰাপত্তা বাহিনীত যোগদান কৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছো।”

যোৱা চাৰি মাহত ২৮ গৰাকী মাওবাদীয়ে প্ৰাণ হেৰুৱা বুলি দাবী কৰি বিবৃতিটোত কোৱা হৈছে যে এই সময়ছোৱাত মাওবাদীসকলে আত্মৰক্ষাৰ বাবে চলোৱা আক্ৰমণত প্ৰায় ১০০ গৰাকী নিৰাপত্তাৰক্ষী জোৱান মৃত্যু আৰু আহত হৈছে।

ইফালে কেন্দ্ৰীয় চৰকাৰে যোৱা ছেপ্টম্বৰত প্ৰণয়ন কৰা বিতৰ্কিত তিনিখন কৃষি আইন বাতিলৰ দাবীত অব্যাহত থকা কৃষক বিদ্ৰোহলৈ সমৰ্থন ব্যক্ত কৰি মাওবাদী সংগঠনটোৱে অহা ২৬ এপ্ৰিলত দেশজোৰা ভাৰত বন্ধৰ আহ্বান জনাইছে।

Recent News

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd