NORTHEAST NOW (Assamese)

কালিকা লাগিছে মুম্বাইত! সুশান্তৰ পিছত পুনৰ আন এজন অভিনেতাৰ চিপ লৈ আত্মহত্যা

July 30, 2020 4:34 pm · এন ই নাও নিউজ

মুম্বাইত যেন কিবা কালিকা লাগিছে।

সৌসিদিনা জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতে মুম্বাইৰ বাসভৱনত চিপ লৈ আত্মহত্যা কৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই মায়ানগৰী খনত পুনৰ আন এজন জনপ্ৰিয় অভিনেতাই সুশান্ত পথকে অনুসৰণ কৰি চিপ লৈ আত্মহত্যা কৰিছে।

কোঠাৰ ভিতৰত চিপ লৈ আত্মহত্যা কৰা অভিনেতা গৰাকী হৈছে মাৰাঠী ছবি জগতৰ জনপ্ৰিয় অভিনেতা আশুতোষ ভাকৰে।

৩২ বছৰীয়া অভিনেতা গৰাকীয়ে মুম্বাইৰ নান্দেৰ অঞ্চলৰ গণেশ নগৰত থকা তেওঁৰ বিলাসবহুল বাস ভৱনৰ এটা কোঠাত ডিঙিত চিপ জৰি লৈ আত্মহত্যা কৰে।

যোৱা নিশা সংঘটিত এই মৰ্মান্তিক ঘটনাৰ বিষয়ে বহু পলমকৈ অৱগত হোৱা পৰিয়ালৰ লোকে মাজনিশা আৰক্ষীক ঘটনাৰ বিষয়ে জনায়।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো চমজি লয়।

অভিনেতা গৰাকীয়ে কি কাৰণত জীৱনৰ চৰম পন্থা বাচি ল’লে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

অভিনেতা জনে মৃত্যুৰ পূৰ্বে কোনো আত্মহত্যাৰ টোকা লিখি থৈ যোৱা নাই বুলি জানিব পৰা গৈছে।
অভিনেতা ভাকৰেৰ পত্নী ময়ূৰী দেশমুখে প্ৰকাশ কৰা মতে কিছুদিন ধৰি অভিনেতা গৰাকীয়ে তীব্ৰ মানসিক অৱসাদত ভুগি আছিল।

মৃত্যুৰ আগদিনা অভিনেতা আশুতোষ ভাকৰেই ছ’চিয়েল মিডিয়াত এক ভিডিঅ’ প্ৰকাশ কৰিছিল।

ভিডিঅ’টোত অভিনেতা গৰাকীয়ে জীয়াই  থকাৰ অৰ্থ হেৰুৱাই পেলোৱা বুলি ইংগিত দিছিল।

Related News