বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সংসদৰ শীতকালীন অধিবেশনত পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক লৈ আহিব বুলি ঘোষণা কৰাৰ পাছত উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি।
মাৰ্ঘেৰিটাত আজি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুৱে আজি এক প্ৰতিবাদী বাইক ৰেলী বাহিৰ কৰে।
মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চৰ পৰা মাৰ্ঘেৰিটা মহকুমাৰ জাগুন তিনিআলিলৈকে ৰাষ্ট্ৰীয় ঘাই পথেদি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত এক বাইক ৰেলী উলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
আছুৰ প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিজেপি নেতৃত্বাধীন চৰকাৰ বিৰোধী ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে।
মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক ক্ৰমে প্ৰসান্ত গগৈ আৰু চিন্তু গগৈয়ে কয় যে কেৱল সংখ্যাৰ যোৰত বিজেপি নেতৃত্বাধীন চৰকাৰে নাগৰিকত্ব সংশোধনী যি বিল আনিব খুজিছে সেইয়া ছাত্ৰ সন্থাই কোনো কাৰণতে মানি নলয় ইয়াৰ বিৰুদ্ধে ইতিমধ্যেই আন্দোলন কাৰ্যসূচী আৰম্ভ হৈছে আৰু এইয়া তীব্ৰতৰ ৰূপ ল’ব বুলি হুংকাৰ দিয়ে৷
আটাছু টিৰাপ-জাগুন আঞ্চলিক সমিতি, সোণোৱাল কছাৰী টিৰাপ-জাগুন আঞ্চলিক সমতিয়েও আজিৰ আছুৰ এই প্ৰতিবাদী বাইক ৰেলীত অংশগ্ৰহণ কৰে।