NORTHEAST NOW (Assamese)

ছাত্ৰ নেতা অনিমেষ ভূঞাৰ স্মৃতিত অৰ্ধ নমিত কৰি ৰখা হ’ল মাৰ্ঘেৰিটা আছুৰ পতাকা

November 30, 2021 12:44 pm · মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

ৰাজ্য তথা দেশ কঁপাই যোৱা যোৰহাটৰ গণপ্ৰহাৰৰ ঘটনাত নিহত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ পৱিত্ৰ স্মৃতিত তথা শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আজি মাৰ্ঘেৰিটা ৰঙ্গমঞ্চৰ সন্মুখত থকা শ্বহীদ বেদীত আজি মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি তথা আছুৰ পতকা অৰ্ধ উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰে।

আছুৱে আজিৰে পৰা ৩দিনীয়া শোক কাৰ্যসূচী ৰূপায়ণ কৰিছে।

মাৰ্ঘেৰিটা আছুৰ সভাপতি চিন্তু গগৈ আৰু সম্পাদক ৰূপম বৰুৱা উপস্থিত থকা এই কাৰ্যসূচীৰ জৰিয়তে দোষীক কঠোৰ শাস্তী দিয়াৰ লগতে ফাষ্ট ট্ৰেক আদালতত গোচৰ চলাবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়।

 আনহাতে আজি শিৱসাগৰত ছাত্ৰ-ছাত্ৰীসকলে অনিমেষ হত্যাৰ প্ৰতিবাদত ৰাজপথ কঁপাই তোলে।

প্ৰতিবাদী শিক্ষাৰ্থীসকলে অনিমেষ হত্যাকাৰীসকলৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি দাবী কৰিছে।

Related News