নামদাঙত চোৰাং কয়লাৰ বিৰুদ্ধে অভিযানত তিনিখন মেক্স পিক আপ গাড়ী সহ ৮জনক গ্ৰেপ্তাৰ

‘খেনোক দেখি ৰন্ধা বঢ়া, খেনোক দেখি দুৱাৰ মৰা’ নীতি পৰিহাৰ কৰিবলৈ আৰক্ষীক আহ্বান সচেতন মহলৰ

Videoframe_20220203_192501_com.huawei.himovie.overseas

ফটো: নৰ্থইষ্ট নাও।

মাৰ্ঘেৰিটাৰ আৰক্ষী থানাৰ অন্তৰ্গত নামদাং কলিয়ৰী অঞ্চলত চোৰাং কয়লাৰ বিৰুদ্ধ মাৰ্ঘেৰিটা আৰক্ষীয়ে বৃহস্পতিবাৰে অতৰ্কিত অভিযান চলায়। এই অভিযানত আৰক্ষীয়ে তিনিখন মেক্স গাড়ী কয়লা সহ জব্দ কৰাৰ লগতে ৮ জনক আটক কৰে। 

মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পাৰ্থপ্ৰতীম দাস আৰু মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সোমেশ্বৰ কোঁৱৰৰ নেতৃত্বত এটি আৰক্ষীৰ দলে নামদং কলিয়ৰি অঞ্চলটোৰ বিভিন্ন স্থানত অভিযান চলাই AS23 CC3493 AS23 AC 9715আৰু AS23CC 4192 নম্বৰৰ তিনিখন কয়লাভৰ্তি মেক্স জব্দ কৰে আৰু এই সংক্ৰান্তত ৮ জনক আটক কৰে।

আৰক্ষীয়ে নামদাং সংৰক্ষিত বনাঞ্চলৰ দুৰ্গম অঞ্চলত অবৈধভাৱে কয়লা খনন কৰাৰ বাবে চোৰাং ব্যৱসায়ীয়ে গঢ়ি তোলা আণ্ডাৰগ্ৰাউণ্ড মাইনিংবোৰো ধ্বংস কৰে।

লগতে পঢ়ক: মাৰ্ঘেৰিটা মহকুমা আৰক্ষীৰ অভিযানত ৫জন যুৱক আটক; বৃহৎপৰিমাণৰ ড্ৰাগছ, নগদ ধন জব্দ

আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি কয়লা চোৰ জনৈক বিতু-পাপু আৰু জনৈক মিন্তুৱে উক্ত অঞ্চলত অবৈধভাৱে এই চোৰাং কয়লাৰ বেহা দীৰ্ঘ দিন ধৰি চলাই আহিছিল।

মাৰ্ঘেৰিটা আৰক্ষী থানা গোচৰ নং ২৯৬ /২১ ১২০(বি) ১৮৮, ৩৭৯, ৪১১, ভাৰতীয় দণ্ডবিধি আইনৰ আৰ / ডাব্লিউ চেক্চন পি ডি পি পি’ত গোচৰ পঞ্জীয়ন কৰি অধিক তথ্যৰ বাবে মাৰ্ঘেৰিটা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

আনহাতে, আৰক্ষীয়ে কেৱল কয়লা চোৰৰ লগত জড়িত পুথি খলিহনাকে আটক কৰাৰ বিপৰীতে ৰৌ-বৰালিৰ বিৰুদ্ধে অভিযান থমকি ৰোৱাৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়ক:নিৰ্বাচনী হিংসা! উত্তৰ প্ৰদেশত আছাদুদ্দিন ওৱেছিৰ গাড়ীলৈ লক্ষ্য কৰি চলিল গুলী

প্ৰতি নিশাই লিডু, লেখাপানী, নামদাং, বৰগোলাই, বম গাঢ়া আদি অঞ্চলৰ পৰা ট্ৰাকে ট্ৰাকে কয়লাৰ চোৰাং বেহা ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সৰবৰাহ হৈ আছে।

বৃহৎ কয়লাৰ চোৰাং বেহা বা কয়লা চিণ্ডিকেটত ৰাজনৈতিক আশীৰ্বাদপুষ্ট লোক এনে বেহাৰ লগত জড়িত বাবেই আৰক্ষী চকু মুদা কুলিৰ ভাও ধৰাৰ অভিযোগ উত্থাপন হৈছে। 

‘খেনোক দেখি ৰন্ধা বঢ়া, খেনোক দেখি দুৱাৰ মৰা” নীতিৰ পৰিহাৰ কৰি চোৰাং কয়লা বেহাৰ বিৰুদ্ধে কঠোৰ স্থিতি ল’বলৈ আৰক্ষীক সচেতন ৰাইজে আহ্বান জনাইছে।

লগতে পঢ়ক:দিল্লীৰ ঘৰ বিক্ৰী কৰিলে অমিতাভ বচ্চনে; দাম শুনিলেই চকু কপালত উঠিব আপোনাৰ!

এইক্ষেত্ৰত অনাগত সময়ত আৰক্ষী প্ৰশাসনৰ স্থিতি কেনে হয় সেইয়া অতি লক্ষণীয় হ’ব।