NORTHEAST NOW (Assamese)

ডিছপ্লে বৰ্ডত গাঞ্জা : হতবাক প্ৰত্যক্ষদৰ্শী

December 22, 2022 10:25 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 22, 2022 10:26 am

ডিছপ্লে বৰ্ড সাধাৰণতে বিজ্ঞাপন বা সজাগতা অভিযানৰ বাবে ব্যৱহাৰ কৰা হয়। কিন্তু মুম্বাইৰ হাজী আলী দৰগাহত পথৰ কাষৰ ডিছপ্লে ব’ৰ্ড এখনত জিলিকি উঠিছে, “গাঞ্জা সেৱন কৰক। প্ৰতিদিনে।” 

তাকে দেখি এতিয়া মায়ানগৰীত সকলোৱে খাইছে থতমত। বাটৰুৱাৰ চকু থৰ হৈ ৰৈ ডিছপ্লে বৰ্ডখনত।

এজন নেটিজেনে টুইটাৰত ডিছপ্লে ব’ৰ্ডখনৰ ভিডিঅ’ পোষ্ট কৰাৰ পিছতেই এতিয়া সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে ডিছপ্লে বৰ্ডখন ।

বহুতে ভিডিঅ’টোত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেক টেগ কৰিছে। 

প্ৰসংগক্ৰমে ভাৰতত ভাং ৰখা, ভাং সেৱন বা বিক্ৰী কৰাটো কঠোৰভাৱে নিষিদ্ধ। বিভিন্ন ঔষধৰ ভিতৰত ভাং অন্যতম।  কোনো ব্যক্তিৰ লগত ভাঙ থাকিলে ব্যক্তিজনৰ বিৰুদ্ধে নাৰ্কটিকছ ড্ৰাগছ এণ্ড ছাবষ্টেন্স এক্ট, ১৯৮৫ৰ অধীনত গোচৰ চলাব পাৰি।

Related News