• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

এইয়া কি পিন্ধিলে নৰেন্দ্ৰ মোডীয়ে!

“না নৰ, না নাৰী মোডী কেৱল ফেশ্যনৰ পূজাৰী” এইদৰে লিখি এখন বিশেষ ফটোৰে সৈতে টুইটাৰত টুইট কৰিলে তৃৰ্ণমূল কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন ক্ৰিকেটাৰ কীৰ্তি আজাদে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 22, 2022 12:00 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“না নৰ, না নাৰী
মোডী কেৱল ফেশ্যনৰ পূজাৰী”

এইদৰে লিখি এখন বিশেষ ফটোৰে সৈতে টুইটাৰত টুইট কৰিলে তৃৰ্ণমূল কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন ক্ৰিকেটাৰ কীৰ্তি আজাদে। নৰেন্দ্ৰ মোডীৰ সাজ—পোচাকক লৈ এনেদৰে তীৰ্যক মন্তব্য আগবঢ়ালে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।

Apply Now

কিন্তু কিয় এইদৰে টুইট কৰিলে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ?

উত্তৰ-পূৰ্বাঞ্চলৰ ভ্ৰমণৰ সময়ত মোডীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ এযোৰ পোছাক পৰিধান কৰিছিল। সেইযোৰ পোছাকক লৈয়েই টুইটাৰত মোডীক ইতিকিং কৰিলে কীৰ্তি আজাদে। আকৌ এই টুইটৰ বাবে কীৰ্তি আজাদক উভটি ধৰিলে খুদ হিমন্ত বিশ্ব শৰ্মাই।

আচলতে সেইদিনা কি পোছাক পিন্ধিছিল নৰেন্দ্ৰ মোডীয়ে?

প্ৰধানমন্ত্ৰী মোডীৰ কাপোৰৰ প্ৰতি থকা প্ৰেমৰ কথা বহু চৰ্চিত। বিভিন্ন ৰং বিৰঙৰ নামী-দামী কাপোৰ পিন্ধি ফটো উঠাত বিৰাট চখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। এতিয়া চাই লওক উত্তৰ-পূবলৈ আহি কোনোযোৰ সাজ পিন্ধাৰ বাবে কীৰ্তি আজাদে  ঠাট্টা কৰিলে মোডীক

শেহতীয়া কৈ উত্তৰ-পূব ভ্ৰমণৰ সময়ত এইযোৰ সাজেই পিন্ধিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। কীৰ্তি আজাদে এই ছবিখনকে কটুক্তিৰ বিষয় কৰি তুলিছে। তেওঁ মোডীৰ এই ফটোখনৰ লগতে এগৰাকী মহিলাৰ ফটোও সংযোগ কৰি শ্বেয়াৰ কৰিছে। দেখা গৈছে কোনো অনলাইন শ্বপিং ছাইটৰ পৰা লোৱা ছবিখনত থকা মহিলা গৰাকীয়ে পিন্ধা পোছাকযোৰ প্ৰধানমন্ত্ৰীয়ে পিন্ধা পোছাকৰ দৰে একেই। ইয়াত কাপোৰৰ খৰচো অন্তৰ্ভুক্ত কৰা হৈছে।

এই কাৰণেই এতিয়া জ্বলি পকি উঠিছে বিজেপি।  প্ৰধানমন্ত্ৰীক অপমান বুলি তৃণমূলৰ নেতাগৰাকীক আক্ৰমণ কৰিছে বিজেপিৰ সমৰ্থকে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাও এইক্ষেত্ৰত পিছপৰি থকা নাই। নৰেন্দ্ৰ মোডীৰ অপমান সহ্য কৰিব নোৱাৰি হিমন্ত বিশ্ব শৰ্মাইও টুইট কৰি কয় যে কীৰ্তি আজাদে কেৱল প্ৰধানমন্ত্ৰীক অপমান কৰাই নহয়, মেঘালয়ৰ সংস্কৃতিকো অপমান কৰিছে। হিমন্ত বিশ্ব শৰ্মাই এই পোছাকযোৰক মেঘালয়ৰ পৰম্পৰাগত সাজ বুলি দাবী কৰিছে। কিন্তু এই পোছাকযোৰ মেঘালয়ৰ পৰম্পৰাগত পোছাক হয় নে নহয় সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই।

ইফালে কীৰ্তি আজাদেও হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ উত্তৰ দিয়াত পলম নকৰিলে। কাউণ্টাৰ টুইটত তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ কাপোৰৰ সংগ্ৰহ দেখি ভাল লাগে। মোডীক অপমান কৰাৰ কোনো উদ্দেশ্য তেওঁৰ নাই। তেওঁ লিখিছে, ‘মানে আমাৰ প্ৰধানমন্ত্ৰীয়ে ফেশ্যন ষ্টেটমেন্ট দি ভাল পায়। গতিকে তেনে কৰাৰ সুযোগ কেতিয়াও হেৰুৱাব নালাগে।”

এতিয়া এই দুই ৰাজনীতিকৰ টুইটৰ যুঁজখন বেছ জনপ্ৰিয় হৈ উঠিছে সামাজিক মাধ্যমত।

প্ৰধানমন্ত্ৰীৰ কাপোৰৰ প্ৰতি থকা প্ৰেমক লৈ আলোচনা বা বিতৰ্ক কোনো নতুন বিষয় নহয়। ইয়াৰ পূৰ্বেও মোডীক কেইবাবাৰো সাজ-পোছাকৰ বাবে বিৰোধীৰ সমালোচনাৰ সন্মুখীন হৈছে। অৱশ্যে নৰেন্দ্ৰ মোডীৰ কাপোৰত লৈ কৰা সমালোচনাত্মক মন্তব্যৰ বিৰোধিতা কৰিবলৈ সাজু হৈয়েই থাকে একাংশ বিজেপি সমৰ্থক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd