NORTHEAST NOW (Assamese)

হোম কোৱাৰেণ্টাইনত বিধায়ক ৰূপজ্যোতি কুৰ্মী; বিধায়ক গৰাকীয়ে অংশলোৱা বিবাহ অনুষ্ঠানত উপস্থিত থকা যুৱকৰ দেহত ক’ৰ’না

June 22, 2020 8:25 pm · নিৰ্মলেন্দু পাঠক
ৰূপজ্যোতি কুৰ্মী

বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি হোম কোৱাৰেণ্টাইনত থকিবলগীয়া হৈছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী।

যোৰহাটৰ ১ নং সোণাৰী গাঁৱৰ কণ্টেইনমেণ্ট জ’নত অনুষ্ঠিত এখন বিবাহ অনুষ্ঠানত ৰূপজ্যোতি কুৰ্মী আৰু তেওঁৰ পৰিয়ালৰ লোকে অংশগ্ৰহণ কৰিছিল।

যোৰহাটৰ ১ নং সোণাৰী গাঁৱৰ লক্ষ্যজিৎ বৰদলৈ নামৰ এগৰাকী যুৱকৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

লক্ষ্যজিতৰ শৰীৰত ক’ৰ’নাৰ উপস্থিতি ধৰা পৰাৰ পাছতে যোৰহাট জিলা প্ৰশাসনে  ১ নং সোনাৰী গাঁও কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে l

আনহাতে, উক্ত স্থানত বিগত ১৬ জুনত বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত বিধায়ক কুৰ্মীয়ে ৰাজ্যৰ বহু কেইজন বিধায়ক তথা মন্ত্ৰীক সাক্ষাৎ কৰিছিল বুলি জানিবলৈ দিয়ে।

২১ জুনত বিধায়ক গৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ ৬ জন লোকৰ স্বোৱাব পৰীক্ষা কৰে স্বাস্থ্য কৰ্মীয়ে ৷

উল্লেখযোগ্য যে, ক’ৰ’না আক্ৰান্ত যুৱকজনৰ শৰীৰত ক’ৰ’নাৰ উপস্থিতি ধৰা পৰাৰ পূৰ্বে তেওঁ উক্ত বিবাহ অনুষ্ঠানলৈ গৈছিল আৰু বহু লোকৰ সংস্পৰ্শলৈ আহিছিল।

ডিফুৰ ষ্টাৰ হেল্থ ইণ্ডয়া ইঞ্চুৰেঞ্চ কোম্পানীত কৰ্মৰত আছিল যুৱক জন l

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ পত্নীৰ সম্পৰ্কীয়ৰ বিবাহ অনুষ্ঠান হোৱা বাবে বিবাহলৈ বিধায়ক গৰাকী পৰিয়ালৰ লগত যাবলগীয়া হৈছিল।

জানিব পৰা মতে, যুৱকজনৰ সংস্পৰ্শলৈ অহা প্ৰায় ৩৮ জন ব্যক্তিক ইতিমধ্যে কোৱাৰেন্টিন কৰা হৈছে l

শেহতীয়াভাৱে যু্ৱক গৰাকীৰ পিতৃ আৰু মাতৃৰ শৰীৰতো কোভিড-১৯ৰ উপস্থিতি ধৰা পৰিছে তথ্য লাভ কৰা হৈছে।

Related News