বিয়াক এটা চুক্তি হিচাপে চোৱাটো ভুল আৰু ঘৰুৱা মহিলা হ’লেই যে তেওঁ সকলো কাম জানিব লাগিব, তেনে আশা কৰাটোও ঠিক নহয়। শেহতীয়াকৈ এটা বিবাহবিচ্ছেদৰ গোচৰৰ শুনানি গ্ৰহণ কৰি বোম্বে উচ্চ ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
আদালতে স্পষ্টকৈ কয় যে পত্নী কোনো বনকৰা মানুহ বা পৰিচাৰিকা নহয়। ৰান্ধিব নোৱাৰা বা ঘৰৰ কাম ঠিকমতে কৰিব নোৱাৰাটোক কেতিয়াও ক্ৰূৰতা বুলি ক’ব নোৱাৰি। এই বুলি কৈ আদালতে গোচৰকাৰী স্বামীক তীব্ৰ ভৎসৰ্না কৰে।
জানিব পৰা মতে, ২০০২ চনত এই যুগলটোৰ বিবাহ সম্পন্ন হৈছিল। কিন্তু বিয়াৰ এবছৰৰ ভিতৰতে পত্নীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি স্বামীয়ে বিবাহবিচ্ছেদৰ গোচৰ তৰিছিল। কেৱল ইমানেই নহয়, স্বামীয়ে পত্নীক কোনো ধৰণৰ ভৰণপোষণ দিবলৈও মান্তি হোৱা নাছিল।
বান্দ্ৰাৰ পৰিয়াল আদালতে প্ৰথমতে স্বামীৰ পক্ষতে ৰায় দি বিবাহবিচ্ছেদৰ মঞ্জুৰী দিছিল। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া এই বিষয়টো উচ্চ ন্যায়ালয়ৰ ওচৰ পায়, তেতিয়া সমগ্ৰ ৰায়টো সলনি হৈ যায়।
যোৱা ৮ মে’ত অহা এক ৰায়দানত ন্যায়াধীশ ভাৰতী ডাংৰে আৰু ন্যায়াধীশ মঞ্জুষা দেশপাণ্ডেৰ ডিভিজন বেঞ্চে পৰিয়াল আদালতৰ পূৰ্বৰ ৰায় খাৰিজ কৰি দিয়ে। উচ্চ ন্যায়ালয়ে কয় যে বিবাহিত জীৱনত ৰন্ধা-বঢ়া কৰা, চাফ-চিকুণ কৰা বা ঘৰুৱা কাম-কাজ কৰাটো কোনো মহিলাৰ বাধ্যতামূলক দায়িত্ব হ’ব নোৱাৰে। এইবোৰ কৰিব নোৱাৰাটো ক্ৰূৰতাৰ আওতাত নাযায়। আদালতৰ মতে, বিবাহ সদায় সমতাৰ ভিত্তিত গঢ়ি উঠে আৰু ইয়াত কোনো এটা পক্ষ আনটো পক্ষৰ দাস বা কৰ্মচাৰী নহয়।
উচ্চ ন্যায়ালয়ে লগতে কয় যে পৰিয়াল আদালতে পত্নীক ভৰণপোষণ নিদিয়াৰ বাবে যি যুক্তি দিছিল, সেয়া সম্পূৰ্ণ অযৌক্তিক আছিল। কেৱল এটা আৰ্ট এণ্ড ক্ৰাফ্ট ক্লাছৰ বিজ্ঞাপন প্ৰকাশ হোৱা ঘটনাটোক ভিত্তি কৰিয়েই ধৰি লোৱা হৈছিল যে পত্নীয়ে নিয়মীয়াকৈ উপাৰ্জন কৰে, যাৰ কোনো প্ৰমাণ আদালতত নাছিল। আদালতে ইয়াক কেৱল এটা অনুমান বুলি অভিহিত কৰে। ইয়াৰ উপৰিও আদালতে উল্লেখ কৰে যে স্বামী নিজে এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট অৰ্থাৎ চিএ। তেওঁ আৰ্থিকভাৱে যথেষ্ট স্বচ্ছল আৰু পত্নীৰ খৰচ বহন কৰিবলৈ সম্পূৰ্ণ সক্ষম। গতিকে ভৰণপোষণ নিদিয়াৰ দাবী কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি, স্বামীয়ে পত্নীক প্ৰতি মাহে ভৰণপোষণ বাবদ ১০ হাজাৰ টকা আৰু থকাৰ খৰচ হিচাপে অতিৰিক্ত ১০ হাজাৰ টকা দিব লাগিব। এই চৰ্ত মানি ল’লেহে বিবাহবিচ্ছেদৰ অনুমতি দিয়া হ’ব বুলি আদালতে স্পষ্ট কৰি দিয়ে। আদালতৰ এই ৰায়ে আকৌ এবাৰ প্ৰমাণ কৰিলে যে ঘৰৰ কাম-কাজ কেৱল মহিলাৰ অকলে দায়িত্ব নহয়, বৰঞ্চ বিবাহিত জীৱনত দায়িত্ব আৰু কৰ্তব্য ভাগ-বতৰা কৰি লোৱাটোৱেহে প্ৰকৃত সমতা।





