• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইবাৰ পাকিস্তানৰ যুৱকৰ সৈতে বিয়াত বহিল দুই সন্তানৰ মাতৃ ভাৰতীয় মহিলা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 26, 2023 11:11 am
Indian Woman Marries Pakistani man
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শচীন-সীমা বিবাহ কাণ্ডই বিগত কিছুদিন ধৰি দুই চুবুৰীয়া ৰাষ্ট্ৰ ভাৰত-পাকিস্তানৰ সংবাদ মহলত আলোড়নৰ সৃষ্টি কৰি আহিছে। ভাৰতীয় যুৱক শচীনৰ সৈতে পাকিস্তানৰ চাৰি সন্তানৰ মাতৃ সীমাৰ বিবাহক লৈ চলি আছে সৰৱ আলোচনা।

শচীন-সীমাৰ এই বিবাহৰ চৰ্চা মাৰ নাযাওঁতেই এইবাৰ চৰ্চালৈ আহিছে ভাৰত-পাকিস্তানৰ আন এখন বিবাহে। এইবাৰ পাকিস্তানৰ এক যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে এগৰাকী ভাৰতীয় মহিলা। ফেচবুকত চিনাকি পাকিস্তানী বন্ধুগৰাকীৰ সৈতে বিয়াত বহা এই মহিলাগৰাকীৰ নাম অঞ্জু।

Apply Now

দুই সন্তানৰ মাতৃ অঞ্জুৱে বৈধভাৱে পাকিস্তান ভ্ৰমণ কৰি পাকিস্তানত ইছলাম ধৰ্ম গ্ৰহণ কৰে। ইয়াৰ পিছতে মঙলবাৰে পাকিস্তানী যুৱকগৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হয় বুলি আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে।

প্ৰকাশিত খবৰ অনুসৰি, ২০১৯ চনত দুয়োৰে মাজত ফেচবুকত বন্ধুত্ব গঢ়ি উঠিছিল। এই বন্ধুত্বক কালি পাকিস্তানৰ এখন জিলা আৰু অধিবেশন ন্যায়াধীশৰ স্থানীয় আদালতত বিবাহৰ ৰূপ দিয়ে ৩৪ বছৰীয়া অঞ্জু আৰু ২৯ বছৰীয়া নাছৰুল্লাহে।

আৰক্ষীয়ে লগতে সদৰী কৰা মতে, নাছৰুল্লাহৰ পৰিয়ালৰ সদস্য, আৰক্ষী কৰ্মী আৰু অধিবক্তাৰ উপস্থিতিত দিৰবালাৰ জিলা আদালতত দুয়োগৰাকী হাজিৰ হয়। ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পিছত ভাৰতীয় মহিলাগৰাকীৰ নাম ফাতিমা ৰখা হৈছে।

পাকিস্তানত গৈ পুনৰ বিবাহত বহা অঞ্জুৰ জন্ম হৈছিল উত্তৰ প্ৰদেশৰ কৈলোৰ গাঁৱত। আনহাতে ৰাজস্থানৰ আলৱাৰ জিলাৰ অৰবিন্দ নামৰ এগৰাকী যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল অঞ্জু। ইফালে পাকিস্তানলৈ যোৱাৰ পিছত এটা চুটি ভিডিঅ’ শ্বেয়াৰ কৰি অঞ্জুৱে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছে বুলি মন্তব্য কৰে।

তেওঁ লগতে এই সিদ্ধান্তৰ বাবে তেওঁৰ আত্মীয় আৰু সন্তানক হাৰাশাস্তি নকৰিবলৈ সকলো সংবাদ মাধ্যমক অনুৰোধ জনায়। পূৰ্বৰ বিবাহসূত্ৰে তেওঁৰ এগৰাকী ১৫ বছৰীয়া কন্যা আৰু এটি ছবছৰীয়া পুত্ৰ সন্তান আছে। ভাৰতৰ পৰা ৱাগাহ-আটাৰী সীমান্তৰে বৈধভাৱে পাকিস্তানলৈ যাত্ৰা কৰিছিল অঞ্জুৱে।

ইফালে নতুন দিল্লীত থকা পাকিস্তানৰ উচ্চায়ুক্তলৈ প্ৰেৰণ কৰা দেশখনৰ স্বৰাজ মন্ত্ৰালয়ৰ আনুষ্ঠানিক নথি অনুসৰি অঞ্জুক ৩০ দিনৰ ভিছা প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে। এই সময়ছোৱাত স্বামী নাছৰুল্লাহৰ লগত থাকিবলৈ অনুমতি দিয়া হৈছে। অহা ২০ আগষ্টত অঞ্জু ভাৰতলৈ উভতি আহিব।

অঞ্জুৰ নতুন পাকিস্তানী স্বামী নাছৰুল্লাহ শ্বেৰিংগলৰ এখন বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক বুলি জানিব পৰা গৈছে। পৰিয়ালৰ পাঁচ ভাতৃৰ ভিতৰত কনিষ্ঠ নাছৰুল্লাহ। আনহাতে অঞ্জুৰ পূৰ্বস্বামী অৰবিন্দই সংবাদ মাধ্যমৰ আগত অঞ্জুৰ পৰিকল্পনাৰ বিষয়ে জ্ঞাত নাছিল বুলি উল্লেখ কৰে।

সংবাদ মাধ্যমৰ আগত অৰবিন্দই দিয়া ভাষ্য মতে, বৃহস্পতিবাৰে জয়পুৰলৈ যোৱাৰ অজুহাত দেখুৱাই অঞ্জু ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু জয়পুৰলৈ যোৱাৰ পৰিৱৰ্তে তেওঁ পাকিস্তানলৈ যোৱাৰ কথা পিছত পৰিয়ালে জানিব পাৰে। পত্নী অঞ্জু পুনৰ উভতি আহিব বুলিও আশা প্ৰকাশ কৰে অৰবিন্দই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm
“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm
“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd