সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ সন্দৰ্ভত ক্ৰীড়া মন্ত্ৰালয়ে গ্ৰহণ কৰা পদক্ষেপ হিচাপে গঠন কৰা হৈছে তদাৰকী সমিতি। ফেডাৰেচনৰ দৈনন্দিন কাম-কাজ পৰিচালনাৰ বাবে ক্ৰীড়া মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি গঠন কৰা এই সমিতিৰ নেতৃত্ব দিব কিংবদন্তী বক্সাৰ মেৰী কমে।
উল্লেখ্য যে শনিবাৰে মন্ত্ৰালয়ে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ উত্তৰ প্ৰদেশৰ গোণ্ডাত অনুষ্ঠিত হ’বলগীয়া ৰেংকিং টুৰ্ণামেণ্টকে ধৰি চলি থকা সকলো কাৰ্য্যকলাপ স্থগিত ৰাখিব লাগে বুলি নিৰ্দেশ দিছিল।
যোৱা সপ্তাহত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে ভিনেশ ফ’গাট, বজৰং পুনিয়া, সাক্ষী মালিক, ববিতা ফ’গাট আদিকে ধৰি প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলৰ সৈতে দীঘলীয়া বৈঠকৰ অন্তত তদাৰকী সমিতি গঠনৰ কথা ঘোষণা কৰিছিল।
এই সমিতিখনে চাৰি সপ্তাহৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰিব বুলি উল্লেখ কৰিছিল ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰে। তেওঁ লগতে মল্লযুঁজাৰুসকলে উত্থাপন কৰা দাবী সন্দৰ্ভত উপযুক্ত পদক্ষেপ লোৱা হ’ব বুলি তথা যৌন নিৰ্যাতন আৰু আৰ্থিক অনিয়মৰ অভিযোগৰ তদন্ত কৰা হ’ব বুলিও আশ্বাস দিছিল।
এক সংবাদমেলত ক্ৰীড়ামন্ত্ৰী ঠাকুৰে তদন্ত শেষ নোহোৱালৈকে ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ চৰণ সিং ফেডাৰেচনৰ কাম-কাজৰ পৰা আঁতৰি থাকিব আৰু তদন্তৰ সৈতে সহযোগিতা কৰিব বুলি নিশ্চিত কৰিছিল। লগতে এই সময়ছোৱাত তদাৰকী সমিতিয়ে ফেডাৰেচনৰ দৈনন্দিন কাম-কাজ চলাব বুলি ঠাকুৰে সদৰী কৰিছিল।
ইয়াৰ পূৰ্বে ভাৰতীয় অলিম্পিক সন্থাই ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগৰ তদন্তৰ বাবে সাতজনীয়া এখন কমিটী গঠন কৰিছিল৷ সেই পেনেলৰ অধ্যক্ষ হিচাপেও আছিল মেৰী কম। ভাৰতীয় ভাৰোত্তোলন ফেডাৰেচনৰ সভাপতি সহদেৱ যাদৱ, আৰ্চাৰ দোলা বেনাৰ্জী, অলিম্পিক পদক বিজয়ী মল্লযুঁজাৰু যোগেশ্বৰ দত্ত আদি এই পেনেলৰ অংশ আছিল।
এই পেনেলত দুগৰাকী অধিবক্তাকো অন্তৰ্ভুক্ত কৰা হৈছে। পেনেলে কোনো সিদ্ধান্তত উপনীত হোৱাৰ পূৰ্বে প্ৰথমে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলৰ সৈতে আৰু তাৰ পিছত মল্লযুঁজ ফেডাৰেচনৰ সৈতে আলোচনা কৰিব বুলি জানিবলৈ দিয়া হৈছিল।