NORTHEAST NOW (Assamese)

দুৰ্দান্ত মেৰীকমৰ সাফল্য; প্ৰেছিডেণ্টছ কাপত আঁজুৰিলে সোণৰ পদক

July 28, 2019 7:15 pm · এন ই নাও নিউজ
Updated: July 28, 2019 7:25 pm
মেৰীকমৰ ফাইল ফটো

ইণ্ডোনেছিয়াত চলি থকা ২৩ সংখ্যক প্ৰেছিডেণ্টছ কাপত স্বৰ্ণ পদক অৰ্জনেৰে পুনৰ এবাৰ দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে ছয়বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ মেৰীকমে।

টুৰ্ণামেণ্টখনত ৫১ কেজি ওজন শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মেৰীকমে আজি ফাইনেলত অষ্ট্ৰেলিয়াৰ এপ্ৰিল ফ্ৰেংকক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰে।

স্বৰ্ণ পদক অৰ্জনৰ পিছতেই টুইটাৰৰ জৰিয়তে মেৰীকমে কয় যে ইণ্ডোনেছিয়াত অনুষ্ঠিত হৈ থকা প্ৰেছিডেণ্টছ কাপত দেশৰ হৈ মই স্বৰ্ণ পদক অৰ্জন কৰিছো। এই বিজয়ৰ বাবে মণিপুৰৰ বক্সাৰ গৰাকীয়ে প্ৰশিক্ষকৰ লগতে অন্যান্য বিষয় ববীয়াসকলক ধন্যবাদ জনায়।

উল্লেখ্য যে অলিম্পিকত ৪৮ কেজি শাখা অন্তৰ্ভুক্ত নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি মেৰীকমে প্ৰথমবাৰৰ বাবে ইণ্ডিয়া অ’পেনত ৫১ কেজিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই স্বৰ্ণ পদক অৰ্জন কৰিছিল।

লণ্ডন অলিম্পিকছৰ পদক বিজয়ী বক্সাৰ মেৰীকমৰ এনে সাফল্যই ২০২০ অলিম্পিক গেইমছৰ প্ৰস্তুতিত যথেষ্ট সহায় কৰিব বুলি ক্ৰীড়া বিশেষজ্ঞ সকলে ধাৰণা কৰিছে।

Related News