• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অশ্বক্লান্ত দেৱালয়ত বৃহৎ ফাট : যিকোনো মুহূৰ্তত খহি পৰিব নেকি দেৱালয়টো?

অস্তিত্বৰ সংকটত আহোমৰ যুগৰ পৰা ৩০০ বছৰীয়া ঐতিহ্য বহনকাৰী অশ্বক্লান্ত দেৱালয়। সঁচাকৈয়ে ভূমিকম্পৰ ফলতেই এই বৃহৎ ফাঁট নে ইয়াৰ বাবে দায়ী জাইকা?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 28, 2019 8:10 pm
Guwahati Aswaklanta dewalaya: Is JaICA responsible for cracks in walls?

অশ্বক্লান্ত দেৱালয়। ছবি- নৰ্থ ইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আহোম যুগৰ পৰা বৰ্তমানলৈকে ৩০০ বছৰীয়া এক ঐতিহ্য বহনকাৰী অশ্বক্লান্ত দেৱালয় বৰ্তমান অস্তিত্বৰ সংকটত পৰিছে। দেৱালয়টোৰ ভিন্ন অংশত ফাট মেলা দেখিবলৈ পোৱা গৈছে। দেৱালয়টোৰ ওপৰত থকা বিষ্ণুৰ অনন্ত শয্যা আৰু মণিকূটৰ ভিন্নস্থানত ফাট মেলাৰ উপৰিও আহোম স্বৰ্গদেউ শিৱসিংহৰ দিনতে নিৰ্মিত দেৱালখনৰ দুটা স্থানত ভয়ংকৰভাৱে ফাট মেলিছে। ফলত মন্দিৰ পৰিচালনা কমিটিয়ে ভোগঘৰটো ভাঙি পৰাৰ আশংকা কৰিছে।

উল্লেখযোগ্য যে, ১৭২০ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ শিৱসিংহই গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত এই দেৱালয়টো নিৰ্মাণ কৰিছিল। দেৱালয়টোত ১৮৯৭, ১৯৩২ আৰু ১৯৫০ চনৰ ভয়ংকৰ ভূমিকম্পৰ পাছতো ফাঁট মেলা নাছিল, কিন্তু হঠাৎ এতিয়া এইদৰে ফাট মেলাত শংকিত হৈ পৰিছে মন্দিৰ পৰিচালনা কমিটি আৰু স্থানীয় ৰাইজ।

Apply Now

দেৱালয়টিৰ এই অৱস্থাৰ পাছত আশংকাগ্ৰস্ত মন্দিৰ পৰিচালনা সমিতিৰ উপ-সভাপতি তথা পুৰোহিত দিলীপ কুমাৰ শৰ্মাই নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত কয়, ‘‘আহোম যুগৰে পৰা ঐতিহ্য বহন কৰি অহা বিষ্ণুতীৰ্থ এই দেৱালয়ভাগৰ ১৯৫০ চনৰ ভূমিকম্পতো কোনো ক্ষয়-ক্ষতি হোৱা নাছিল। কিন্তু শনিবাৰে অহা সামান্য ৫.৯ ৰিখটাৰ স্কেলৰ ভূমিকম্পতে অনন্ত শয্যাৰ গম্বুজভাগ কেনেকৈ ফাট মেলিলে?”

ইপিনে, গুৱাহাটীত পানী যোগান আঁচনি ৰূপায়ণ কৰি থকা জাইকা (Japan International Cooperation Agency)ই ঐতিহ্য বহনকাৰী দেৱালয়টোৰ সমীপতে “অবৈধভাৱে” দলং নিৰ্মাণ কৰাৰ ফলতো এই ফাঁট মেলিব পাৰে বুলি তেওঁ আশংকা কৰিছে।

“জাইকাই যিটো বিষ্ণুপথ ক্ষেত্ৰত পানীৰ আঁচনি নিৰ্মাণৰ প্ৰজেক্ট লৈছে তাত তেওঁলোকে অবৈধভাৱে দলং নিৰ্মাণ কৰিছিল আৰু পাইপলাইন স্থাপন কৰিছিল। তাৰ ফলতো এই ফাঁটটো মেলিব পাৰে। পাইপলাইন স্থাপন কৰোঁতে যি কম্পন হয়, তাৰ ফলতেই এনে হৈছে বুলি সন্দেহ হয়। পূৰাতত্ত্ব বিভাগে সমীক্ষা কৰিলে সকলো ওলাই পৰিব,” আমাৰ সাংবাদিকৰ আগত এইদৰে কয় পুৰোহিতগৰাকীয়ে।

লগতে পঢ়ক– Video|| পানী নোলাওঁতেই ৰক্তাক্ত উত্তৰ গুৱাহাটীৰ জাইকা জলযোগান প্ৰকল্প

Guwahati Aswaklanta dewalaya: Is JaICA responsible for cracks in walls?
জাইকাৰ নিৰ্মাণথলী। ছবি- নৰ্থ ইষ্ট নাও।

ইয়াৰোপৰি, কোনো ইতিহাসপ্ৰসিদ্ধ মন্দিৰ-দেৱালয়ৰ পৰা ১০০ মিটাৰ দূৰলৈকে কোনোধৰণৰ নিৰ্মাণ কাৰ্য্য চলাব নোৱাৰে বুলি প্ৰত্নতাত্ত্বিক বিভাগৰ নিৰ্দেশৰ কথা সোঁৱৰাই দি পুৰোহিত শৰ্মাই কয়, “দেৱালয়ৰ কাষত যাত্ৰী নিৱাস নিৰ্মাণ কৰিলেও বিভাগীয় লোকে আমাক প্ৰশ্ন কৰে। তেনেক্ষেত্ৰত কেনেকৈ বিষ্ণুপথ ক্ষেত্ৰৰ পৰা ৫০ মিটাৰ দূৰত্বত জাইকাই দলং নিৰ্মাণ কৰাৰ বাবে প্ৰত্নতাত্ত্বিক বিভাগে অনুমতি দিলে বা আপত্তি নথকাৰ প্ৰমাণ পত্ৰ দিলে?”

লগতে পঢ়ক– গুৱাহাটীত ২৪ ঘণ্টাই খোৱা পানী, সাজু জল ব’ৰ্ড

তদুপৰি, ঐতিহাসিক ভোগঘৰটোৰ পূব প্ৰান্তৰ বেৰাখন বহুখিনি ফাট মেলাৰ বাবে বাগৰি পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰা বুলিও তেওঁ কয়।

Guwahati Aswaklanta dewalaya: Is JaICA responsible for cracks in walls?
বেৰত দেখা দিয়া ফাঁট। ছবি– নৰ্থ ইষ্ট নাও।

তাৎপৰ্য্যপূৰ্ণভাৱে যোৱা ২০ জুলাইৰ দিনা হোৱা মৃদু ভূমিকম্পৰ পাছত ফাঁটবোৰ দেখিবলৈ পাই পূৰাতত্ত্ব বিভাগৰ লোকক মন্দিৰ পৰিচালনা কমিটিয়ে খবৰ দিয়ে যদিও কেৱল পৰ্য্যবেক্ষণ কৰিয়েই নিজৰ দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিছে কমিটিয়ে।

“ফাটবোৰ দেখিবলৈ পাই আমি বিভাগীয় লোকক খবৰ দিছিলো। তেওঁলোকে কেৱল ফাঁটবোৰ চাবলৈহে আহিছিল। ফাটবোৰ মেৰামতি কৰিব নে নকৰে এই পৰ্য্যন্ত আমাক জনোৱা নাই।”

আনহাতে, স্থানীয় একাংশ ৰাইজেও জাইকাৰ নিৰ্মাণকাৰ্য্যৰ ফলত হোৱা কম্পনৰ ফলতেই এই ফাট মেলা বুলি দাবী কৰে।

উক্ত অঞ্চলৰে তপন ৰায় মেধি নামৰ এজন সমাজ সচেতন লোকে ক্ষোভ উজাৰি কয়, “আজি বহু বছৰে বেৰ ফাট মেলাকৈ ভূমিকম্প হোৱা নাই। কিছুমান চৰকাৰী বিষয়াই হাত সাৰিবৰ বাবে ষড়যন্ত্ৰ কৰি ভূমিকম্পৰ বাবে ফাট মেলা বুলি বাতৰি প্ৰচাৰ কৰিছে। জাইকাই যি ব’ৰিং কৰিছিল, তাৰ ফলত হোৱা কম্পনতে এইটো হৈছে। ৰাতি যেতিয়া ব’ৰিং কৰে, তেতিয়া হোৱা কম্পনৰ ফলত আমাৰ টোপনি ভাঙি যায়। মৃদু ভুমিকম্পতকৈয়ো ভয়ংকৰ এই কম্পন।”

ইপিনে, অশ্বক্লান্ত দেৱালয়লৈ অহা ৰাজ্যৰ লগতে দেশ-বিদেশৰ পৰ্য্যটকে দেৱালয়ৰ এই অৱস্থা দেখি দুখ প্ৰকাশ কৰাৰ লগতে চৰকাৰৰ প্ৰত্নতাত্ত্বিক বিভাগটোক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায়।

এতিয়া ঐতিহাসিক সমলক ৰক্ষা কৰাৰ বাবে প্ৰয়োজন চৰকাৰী গুৰুত্বৰ। লগতে প্ৰয়োজন অশ্বক্লান্ত দেৱালয়ত ফাট মেলাৰ প্ৰকৃত কাৰণ উৎঘাটন আৰু সেই স্থানত হোৱা নিৰ্মাণ কাৰ্য্যৰ বৈধতাক লৈ তদন্তৰ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am
বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

October 3, 2026 8:08 am
বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am
বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

October 3, 2026 8:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd