DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

“ইছলাম ধৰ্মত ‘জয় শ্ৰীৰাম’ কোৱাত বাধা নাই; যীচু খ্ৰীষ্ট¸ শংকৰদেৱৰ নামতো জয়ধ্বনি দিব পাৰে”

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 28, 2019 7:04 pm
JaiShreeRamFinal
548
VIEWS
Share on FacebookShare on Twitter

গোটেই দেশতে ‘জয় শ্ৰী ৰাম’ ধ্বনি দিয়াক লৈ অগণতান্ত্ৰিক, অভূতপূৰ্ব ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হৈ থকাৰ সময়তে অসম বিজেপিৰ এজন মুখপাত্ৰ তথা সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত জনাইছে যে ইছলাম ধৰ্মত ‘জয় শ্ৰীৰাম’ কোৱাত বাধা নাই।

অৱশ্যে জয় শ্ৰীৰাম কোৱাত বাধা নাই বুলি কয় যদিও বিজেপিৰ নেতাজনে জয় শ্ৰীৰাম ধ্বনি দিবলৈ জোৰজুলুম আৰু মাৰপিট কৰি বিজেপিৰ সমৰ্থক আৰু সহযোগী দল-সংগঠনবোৰৰ কৰ্মীসকলে মানুহৰ গণতান্ত্ৰিক আৰু মানৱিক অধিকাৰ খৰ্ব কৰা সন্দৰ্ভত বিবৃতিটোত একো কোৱা নাই।

বিবৃতিটোত ইচলামধৰ্মী আৱালে কয়- “মুছলমান লোকে ‘জয় শ্ৰীৰাম’ ক’ব পাৰে। ৰামচন্দ্ৰ ৰজা আছিল। যাৰ বাবে ৰামৰাজ্যৰ কথা কোৱা হয়। ৰাম যুগস্ৰষ্টা মহান ব্যক্তি। তেওঁৰ জয় কোৱাত বাধা থাকিব নোৱাৰে।“

তেওঁ লগতে কয়, ইচলামধৰ্মী লোকসকলে হনুমান¸ যীচু খ্ৰীষ্ট¸ শংকৰদেৱৰ নামতো জয়ধ্বনি দিব পাৰে। কিয়নো তেওঁলোক মহাপুৰুষ আৰু যুগস্ৰষ্টা। মহাপুৰুষৰ জয় কোৱাটো ধৰ্মীয় অপৰাধ হ’ব নোৱাৰে।

বিবৃতিটোত তেওঁ কৰা দাবী মতে, ধৰ্মীয় উত্তেজনা সৃষ্টিৰ বাবেই একাংশই ৰাইজৰ কাম কৰি থকা চৰকাৰখনক শ’লঠেকত পেলাবলৈ আৰু অসমত অশান্তিৰ পৰিৱেশ সৃষ্টি কৰাৰ উদ্দেশ্যে ‘জয় শ্ৰীৰাম’ ধ্বনিত সাম্প্ৰদায়িক ৰহণ সানিব বিচাৰিছে।

আৱালে এনেকুৱা মানসিকতাৰ লোকসকলক প্ৰথমে বিজেপি সম্পৰ্কে জ্ঞান আহৰণ কৰিবলৈ আহ্বান জনায়।

উল্লেখ কৰিব পাৰি যে অলপতে দেশৰ ৪৯গৰাকী বিশিষ্ট লোকে দেশৰ ক্ৰমবৰ্ধিত অসহিষ্ণু পৰিৱেশত উদ্বেগ প্ৰকাশ কৰি প্ৰধান মন্ত্ৰীলৈ এখন পত্ৰ লিখিছিল, য’ত “জয় শ্ৰীৰাম” এতিয়া যুদ্ধৰ আস্ফালনত পৰিণত হোৱা বুলি দাবী কৰিছিল।

মোদী চৰকাৰ অহাৰ পিছত দেশৰ বিভিন্ন ঠাইত হিন্দুত্ববাদী, ধৰ্মোন্মাদ লোকে মুছলমান লোকক ‘জয় শ্ৰীৰাম’ ধ্বনি দিবলৈ জোৰজুলুম কৰাৰ লগতে মাৰপিট কৰাৰ কেইবাটাও ঘটনা ঘটিছে। অসমতো তেনেকুৱা ঘটনাৰ বাবে গোচৰ পৰ্য্যন্ত ৰুজু হৈছে।

Recent News

Lizard in cold drink in McDonald’s outlet

শীতল পানীয়ৰ গিলাচত ওলাল জেঠী: পৌৰ নিগমে ছীল কৰিলে বিলাসী মেকড’নাল্ডছৰ বিপনী

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

Russia-Ukraine war

যুদ্ধ অপৰাধৰ বিচাৰত ৰুছ সৈন্যক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে ইউক্ৰেইনৰ আদালতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd