NORTHEAST NOW (Assamese)

বাক্সা জিলাৰ কুমাৰীকাটাত মহিলা সংগঠনৰ খাদ্য, মাস্ক বিতৰণ আৰু ক’ৰ’না বিষয়ক সজাগতা সভা

April 20, 2020 6:05 pm · দীপক কুমাৰ পাঠক

সমগ্ৰ বিশ্বৰ লগতে ভাৰতে ক’ৰ’না ভাইৰাছে বিৰুদ্ধে যুঁজি থকাৰ সময়ত আজি তামুলপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত কুমাৰীকাটাৰ ৩ নং মহামায়া মণ্ডল পৰ্যায়ৰ সংগঠনৰ উদ্যোগত আজি দুপৰীয়া বাইশটা  গ্ৰাম্য সংগঠনৰ সহায়ত হাত ধোৱা আৰু মাস্ক পৰিধান কৰা সম্পৰ্কত মহিলা সকলৰ মাজত এক সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা দেখা যায়।

সামাজিক দূৰত্ব বজাই ৰাখি সংগঠনটোৰ শিখা কলিতা, সুশীলা দাস, দিপীকা দাস, বিনীতা বৈশ্য,ৰূপা বড়ো দাসৰ সহযোগত আজি কুমাৰীকাটাত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ লক্ষ্যৰে সজাগতামূলক অভিযান তথা সাহায্য সামগ্ৰী বিতৰণ কৰা হয়।

আনহাতে, মণ্ডল বিষয়ববীয়া সকলে নিজ গৃহতে মাস্ক তৈয়াৰ কৰি কুমাৰীকাটাৰ লগতে ইয়াৰ আশে পাশে থকা গাঁও অঞ্চলত গৈ হাত ধুৱাৰ নিয়ম, মাস্ক পিন্ধাৰ কাৰণ আদিৰ বিষয়ে সজাগতা আনিবলৈ চেষ্টা চলোৱাৰ ওপৰিও ২০০ ৰো অধিক পৰিয়ালৰ মাজত চাউল, দাইল, নিমখৰ লগতে অন্যান্য কিছু খাদ্য সামগ্ৰী যোগান ধৰে।

মণ্ডল বিষয় ববীয়া সকলৰ এনে পদক্ষেপক লৈ প্ৰশংসা কৰিছে স্থানীয় ৰাইজে।

Related News