• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মিছা গো-মাংস ৰখাৰ মিছা অভিযোগত গণ আক্ৰমণ: হত্যাকাৰীসকলক নিৰ্দোষী দাবী যোগী চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 20, 2025 11:35 am
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ মহম্মদ আখলাকৰ পৰিয়ালে গুজৰাটৰ বিলকিছ বানোৰ দৰে এক তিক্ত অভিজ্ঞতাৰ সন্মুখীন হৈছে। প্ৰায় এক দশক পূৰ্বে, নিজৰ ঘৰত গো-মাংস ৰখাৰ মিছা অভিযোগত যোগী ৰাজ্যৰ গৌতম বুদ্ধ নগৰৰ বাসিন্দা মহম্মদ আখলাকক উগ্ৰ হিন্দুত্ববাদীসকলে মৰিয়াই মৰিয়াই হত্যা কৰিছিল। সেই আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল তেওঁৰ পুত্ৰ ডানিছ, যিয়ে এতিয়াও চিকিৎসা গ্ৰহণ কৰি আছে।

কিন্তু যোগী আদিত্যনাথৰ প্ৰশাসনে এই ঘটনাত ধৃত ১৯ জন অভিযুক্তক নিৰ্দোষী বুলি দাবী কৰি গৌতম বুদ্ধ নগৰ জিলা উচ্চ ন্যায়ালয়ত এখন আপিল দাখিল কৰিছে।

Apply Now

গৌতম বুদ্ধ নগৰ জিলাৰ সহকাৰী চৰকাৰী উকীল ভাগ সিঙে আদালতত চৰকাৰী নিৰ্দেশৰ বিষয়ে অৱগত কৰে। আবেদনখনত উত্তৰ প্ৰদেশ আৰক্ষীৰ অতিৰিক্ত সঞ্চালক ব্ৰিজেছ কুমাৰ মিশ্ৰৰ এখন চিঠিও সংলগ্ন কৰা হৈছে। তাত উল্লেখ কৰা হৈছে যে নিহত আখলাকৰ পত্নী ইক্ৰামন বিবি আৰু পুত্ৰ-কন্যাই আদালতত সঘনাই নিজৰ বক্তব্য সলাইছিল আৰু তেওঁলোকৰ কথাত বহুতো অসংগতি পোৱা গৈছে।

৫২ বছৰীয়া আখলাকক হত্যা কৰাৰ সময়ত উত্তৰ প্ৰদেশত অখিলেশ যাদৱৰ চৰকাৰ ক্ষমতাত আছিল। তেতিয়া আৰক্ষীয়ে তৎক্ষণাৎ অভিযান চলাই অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিছিল।

আৰম্ভণিৰ তদন্তত পোহৰলৈ আহিছিল যে আখলাকৰ পৰিয়ালৰ ফ্ৰীজৰ ভিতৰত গো-মাংস পোৱাৰ অভিযোগটো সম্পূৰ্ণ ভিত্তিহীন আছিল। উত্তৰ প্ৰদেশ আৰক্ষীৰ ফৰেনছিক লেবৰেটৰীয়েও জনাইছিল যে ফ্ৰীজত ছাগলীৰ মাংস পোৱা গৈছিল।

কিন্তু পিছত মথুৰাত থকা ভাৰত চৰকাৰৰ লেবৰেটৰীয়ে উত্তৰ প্ৰদেশ আৰক্ষীৰ ফৰেনছিক ৰিপোৰ্টটো লৈ সংশয় প্ৰকাশ কৰে আৰু কয় যে ফ্ৰীজত থকা মাংসৰ মাজত কিছু গো-মাংসও আছিল। সেই ৰিপোৰ্টৰ ভিত্তিত যোগী আদিত্যনাথৰ প্ৰশাসনে আখলাকৰ পৰিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

বৰ্তমান এই গোচৰৰ অভিযুক্ত সকলোৱেই জামিনত মুক্ত। অভিযুক্তসকলৰ মাজৰ এজনৰ ইতিমধ্যে মৃত্যু হৈছে।

আখলাকৰ পত্নী আৰু পৰিয়ালৰ আন সদস্যসকলে স্থানীয় সংবাদ মাধ্যমৰ আগত কৈছে যে গোচৰটো লৈ তেওঁলোকৰ আৰম্ভণিৰ পৰাই সংশয় আছিল। তেওঁলোকৰ মতে, আদালতত চৰকাৰ পক্ষই দোষীসকলৰ বিৰুদ্ধে দৃঢ়তাৰে প্ৰশ্ন কৰা নাছিল।

এক দশক পূৰ্বে আখলাকক হত্যা কৰা ঘটনাক লৈ সমগ্ৰ দেশত তীব্ৰ আলোড়নৰ সৃষ্টি হৈছিল। বৰ্তমান এই হত্যাকাণ্ডক লৈ উত্তৰ প্ৰদেশ চৰকাৰৰ ভূমিকাক লৈ হোৱা আলোচনাৰ মাজতে গুজৰাটৰ বিলকিছ বানোৰ প্ৰসংগটো আহি পৰিছে।

গুজৰাট দাঙ্গাৰ সময়ত বিলকিছৰ পৰিয়ালৰ ১১ জনক হত্যা কৰা হৈছিল আৰু অন্তঃসত্ত্বা বিলকিছ গণধৰ্ষণৰ বলি হৈছিল। নিম্ন আদালতত অভিযুক্তসকলৰ কেইজনমানৰ যাৱজ্জীৱন কাৰাদণ্ড হৈছিল।

২০২২ চনত গুজৰাট চৰকাৰে বিশেষ ক্ষমতা প্ৰয়োগ কৰি অপৰাধীসকলক মুক্তি দিছিল। পিছত অৱশ্যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অপৰাধীসকলক পুনৰ জে’ললৈ ঘূৰি যাবলগীয়া হয়।

উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰৰ দৰেই গুজৰাট চৰকাৰেও আদালতে অপৰাধী বুলি সাব্যস্ত কৰা লোকসকলক নিৰ্দোষী বুলি দাবী কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am
তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

September 25, 2026 11:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd