দিল্লীৰ বুৰাৰী কাণ্ডৰ পুনৰাবৃত্তি: জয়পুৰত উদ্ধাৰ একেটা পৰিয়ালৰে ৪ সদস্যৰ ওলমি থকা মৃতদেহ

ss

দিল্লীৰ বুৰাৰীত ২০১৮ চনৰ ১ জুলাইত একেটা পৰিয়ালৰে ১১ গৰাকী সদস্যৰ মৃতদেহ উদ্ধাৰৰ ঘটনাৰ অসহনীয় স্মৃতি বহুতৰে মনৰ পৰা মচ খাই নৌযাওঁতেই একে ধৰণৰ ঘটনাৰে পুনৰাবৃত্তি ঘটিছে ৰাজস্থানত।

ৰাজস্থানৰ জয়পুৰত  আজি পুৱা উদ্ধাৰ হয় একেটা পৰিয়ালৰে ৪ গৰাকী সদস্যৰ মৃতদেহ।

ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহ কেইটাৰ ভিতৰত দুটি নাবালকৰ মৃতদেহো আছে।

জয়পুৰৰ জামদলি নামৰ অঞ্চলত থকা এটা বাসভৱনৰ পৰা মৃতদেহ কেইটা উদ্ধাৰ কৰা হয়।

জামদলিৰ বাসিন্দা যশোৱন্ত ছোনি,তেওঁৰ পত্নী মমতা ছোনি আৰু তেওঁলোকৰ দুই নাবালক সন্তান ভাৰত তথা অজিতৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত চাঞ্চল্য বিয়পি পৰাৰ লগতে শোকৰ ছাঁ পৰিছে।

পুৱা যশোৱন্ত ছোনিৰ ভাতৃয়ে প্ৰথমে ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পিছতে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ওলমি থকা অৱস্থাৰ পৰা মৃতদেহ কেইটা নমাই আনে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে প্ৰাথমিক তদন্তৰ পৰা এয়া এক সমূহীয়া আত্মহত্যাৰ ঘটনা বুলিয়েই ভৱা হৈছে যদিও সঠিক তদন্তৰ অন্ততহে প্ৰকৃত সত্য পোহৰলৈ আহিব ।