যোৰহাটত চাৰিলেনযুক্ত পথ নিৰ্মানত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে।
২০১৮ চনতে GDCL নামৰ কোম্পানীটোৱে যোৰহাটত চাৰিলেন যুক্ত পথৰ ৩৭ কি মি পথ নিৰ্মাণৰ য নিবিদা লাভ কৰিছিলl
কিন্তু কোম্পানীটোৱে অতি লেহেমীয়া গতিৰে কাম কৰাৰ লগতে পথ নিৰ্মাণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে l
এই ক্ষেত্ৰত তদাৰককাৰী সংস্থা NHIDCL য়ে কোনো ব্যৱস্হা লোৱা পৰিলক্ষিত হোৱা নাই।
সেয়ে পুনৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে তদাৰকী সংস্থা NHIDCL ক অভিযোগ দাখিল কৰাৰ লগতে অনতি পলমে ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে l