NORTHEAST NOW (Assamese)

শিৱসাগৰত বিধ্বংসী অগ্নিকাণ্ড; জুইত জাহ গ’ল লক্ষাধিক টকাৰ সা-সম্পতি

September 16, 2018 7:04 pm · পাৰ্শ্বজ্যোতি গগৈ

আজি আবেলি প্ৰায় ৩:৩০ বজাত শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। ষ্টেচন চাৰিআলিৰ নিমচন্দ মাণিকচন্দ তেল ডিপোৰ কাষতে থকা পৱন অট’মোবাইলচ নামৰ এখন টায়াৰৰ দোকানত অগ্নিকাণ্ডটো সংঘটিত হয়।

প্ৰাপ্ত তথ্য মতে, অগ্নিকাণ্ডত টায়াৰ দোকানখন সম্পূৰ্ণ জাহ যোৱাৰ লগতে দোকানৰ কাষতে থকা প্ৰায় ২-৩ খন দোকানলৈও অগ্নিকাণ্ডৰ জুই সম্প্ৰসাৰিত হয়।

অৱশ্যে ঘটনাৰ খবৰ লাভ কৰি অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ লগতে অ’এনজিচি শিৱসাগৰ আৰু নাজিৰাৰ পৰা অহা প্ৰায় ৮ খন গাড়ীয়ে ডেৰ ঘণ্টা মান প্ৰচেষ্টা চলাই জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

অগ্নিকাণ্ডটোৰ ফলত কেইবা লক্ষাধিক টকাৰ সা-সম্পতিৰ নষ্ট হয় বুলি জানিব পৰা গৈছে। আনহাতে, বাতৰি লিখা পৰলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।

Related News