NORTHEAST NOW (Assamese)

মহানগৰীৰ নেমকেয়াৰ হস্পাতালৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড; ৰোগী সকলক অন্য কোঠালৈ স্থানান্তৰ

December 26, 2019 4:20 pm · কল্পজ্যোতি শইকীয়া
Updated: December 26, 2019 4:27 pm
অগ্নিকাণ্ডৰ দৃশ্য

আজি গুৱাহাটী মহানগৰীৰ নেমকেয়াৰ হস্পাতালৰ সমীপত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি এক অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি হয়।

চিকিৎসালয়খনৰ কাষতে থকা ‘গুঞ্জন’ নামৰ মিঠাইৰ দোকানখনত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয়।

বিয়লি প্ৰায় ৩ বজাত এই অগ্নিকাণ্ডৰ ঘটনাৰটো সংঘটিত হয়।

জানিব পৰা মতে, মিঠাই দোকানখনৰ ছিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে জুইৰ সূত্ৰপাত হয়।

মুহূৰ্ততে জুইৰ লেলিহান শিখাই কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান আগুৰি ধৰে। গুঞ্জন, উজ্জ্বল নামৰ মিঠাই দোকান দুখনক ধৰি মুঠ ৫ খন ব্যৱসায়িক প্ৰতিষ্ঠানত জুইয়ে আগুৰি ধৰে।

অগ্নিকাণ্ডটোৰ ফলত কেইবা লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যোৱা বুলি সন্দেহ কৰিছে দোকানখনৰ স্বত্বাধিকাৰী গৰাকীয়ে।

চান্দমাৰিৰ পৰা যোৱা ৪ খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে প্ৰায় আধাঘণ্টা জোৰা প্রচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

আনহাতে, অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পাছতে নেমকেয়াৰ হস্পাতালৰ পুৰণা বিল্ডিঙৰ পৰা ৰোগী সকলক অন্য কোঠালৈ স্থানান্তৰ কৰা হয়।

Related News