NORTHEAST NOW (Assamese)

বৰপেটাত অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক : মুখ্য মন্ত্ৰীৰ ভ্ৰমণক লৈ তৎপৰ আৰক্ষী প্ৰশাসন

October 23, 2018 11:04 am · পুলেন্দ্ৰ দাস
Updated: October 23, 2018 3:12 pm
বন্ধৰ সময়ছোৱাত বৰপেটা চহৰৰ পাঁচআলি চ'কৰ দৃশ্য। ফটো: নৰ্থইষ্ট নাও

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬’ বাতিলৰ লগতে কেইবাটাও দাবীৰ সমৰ্থনত প্ৰায় ৬০ টাকৈ জাতীয় সংগঠনে আজি আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ বৰপেটাত সৰ্বাত্মকভাৱে পৰা পৰিলক্ষিত হৈছে।

বন্ধৰ সময়ছোৱাত বৰপেটাৰ জনজীৱন একপ্ৰকাৰ স্তব্ধ হৈ পৰে। বন্ধ বিফল কৰাৰ বাবে চৰকাৰ আৰু প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও বন্ধ বিফল কৰাত সফল নহ’ল ৷

বৰপেটা চহৰত প্ৰায় সকলো প্ৰকাৰৰ দোকানৰ লগতে যানবাহনৰ চলাচল বন্ধ হয় যদিও দুই এখন ব্যক্তিগত বাহন চলাচল কৰা পৰিলক্ষিত হয়। বন্ধৰ সময়ছোৱাত যাতে কোনো কূটাঘাতমূলক কাৰ্য সংঘটিত নহয় তাৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী সষ্টম হৈ থাকে।

ইপিনে, অসম বন্ধৰ সময়ছোৱাত আৰক্ষী প্ৰশাসন বিশেষ তৎপৰ হৈ পৰিছে মুখ্য মন্ত্ৰীৰ ভ্ৰমণক লৈ ৷ কিয়নো মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি বৰপেটাৰ পাটবাউসী সত্ৰ ভ্ৰমণ কৰিব ৷

মুখ্য মন্ত্ৰীৰ ভ্ৰমণৰ সময়ত বন্ধৰ সমৰ্থকে যাতে কোনো বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে আৰক্ষী প্ৰশাসন বিশেষ তৎপৰ হোৱা পৰিলক্ষিত হৈছে।

Related News