• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

উত্তৰ ছিকিম পুনৰ এক বৃহৎ দুৰ্যোগৰ সন্মুখীন হৈছে। এই ভয়ংকৰ ভূমিস্খলন সংঘটিত হৈছে তীস্তা আৰু চিয়াকুং নদীৰ সংগমস্থলীত। প্ৰকাণ্ড প্ৰকাণ্ড শিল আৰু মাটি খহি পৰাৰ বাবে নদী দুখনৰ স্বাভাৱিক প্ৰবাহ সাময়িকভাৱে বন্ধ হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2026 10:35 am
ফটোঃসংগ্ৰহীত।

ফটোঃসংগ্ৰহীত।

10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্যোগৰ জোকাৰণি এতিয়াও চম্ভালি উঠিব পৰা নাই নেপালে। ইফালে ভাৰতৰ ছিকিম ৰাজ্যত এক বৃহৎ দুৰ্যোগ সংঘটিত হৈছে। মাজনিশা পাহাৰ ভাঙি তীস্তা নদীত ভূমিস্খলন। ফলত হঠাতে পানীৰ সোঁত বন্ধ হৈ পৰিছে, সেয়ে যিকোনো মুহূৰ্ততে ভৈয়ামত বৃহৎ দুৰ্যোগৰ সৃষ্টি হ’ব পাৰে বুলি আশংকা কৰা হৈছে।

উত্তৰ ছিকিম পুনৰ এক বৃহৎ দুৰ্যোগৰ সন্মুখীন হৈছে। এই ভয়ংকৰ ভূমিস্খলন সংঘটিত হৈছে তীস্তা আৰু চিয়াকুং নদীৰ সংগমস্থলীত। প্ৰকাণ্ড প্ৰকাণ্ড শিল আৰু মাটি খহি পৰাৰ বাবে নদী দুখনৰ স্বাভাৱিক প্ৰবাহ সাময়িকভাৱে বন্ধ হৈ পৰিছে। পুনৰ তীস্তাত পানী জমা হোৱাৰ লগে লগে বিপদৰ আশংকা বাঢ়ি গৈছে। ছিকিমৰ মংগন জিলা প্ৰশাসনে পাহাৰৰ পৰা ভৈয়ামলৈকে হাই এলাৰ্ট জাৰি কৰিছে।

মংগন জিলা প্ৰশাসনে জনোৱা মতে, ৫ ছেপ্টেম্বৰ শনিবাৰে গভীৰ নিশাৰ পৰা ৬ ছেপ্টেম্বৰৰ পুৱাৰ ভিতৰত চিয়াকুং নদীৰ ওপৰৰ অৱবাহিকাত সংঘটিত হোৱা ভূমিস্খলনৰ ফলত নগা বনাঞ্চলৰ নতুনকৈ নিৰ্মাণ কৰা নগা টোছা পথৰ এটা বৃহৎ অংশ হঠাতে ভাঙি পৰে।

Apply Now

থেং সুৰংগৰ ঠিক বিপৰীতে থকা তীস্তা আৰু চিয়াকুং নদীৰ সংগমস্থলীত বিপুল পৰিমাণৰ শিল আৰু মাটি জমা হৈ নদীখনৰ গতিপথ আংশিকভাৱে বন্ধ কৰি পেলায়। হঠাতে পানীৰ সোঁত বন্ধ হৈ পৰাত স্বাভাৱিকতে স্থানীয় ৰাইজৰ মাজত আতংক বিয়পি পৰে। অৱশ্যে সকাহৰ কথাটো হ’ল এই ঘটনাত এতিয়ালৈকে কোনো লোকৰ প্ৰাণহানি বা বৃহৎ ক্ষতিৰ খবৰ পোৱা নাই।

ছিকিমৰ স্থানীয় তথ্য অনুসৰি মংগন জিলা প্ৰশাসনে ইতিমধ্যে উল্লেখ কৰিছে যে ভূমিস্খলনৰ বাবে নদীৰ পানী অতি ঘোলা হৈ পৰিছে যদিও তীস্তাৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই। বিকল্প অংশৰ মাজেৰে আংশিকভাৱে পানী বৈ যাবলৈ আৰম্ভ হোৱাত বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে। ভূমিস্খলনৰ পিছত চুংথাং আৰক্ষী থানাৰ বিষয়াসকলে ক্ষীপ্ৰতাৰে সেই স্থানত উপস্থিত হয়। সম্প্ৰতি সাংকালাং আৰু ফিদাং আউটপোষ্ট এলেকাত জলপৃষ্ঠৰ ওপৰতো দৃষ্টি ৰখা হৈছে।

কিন্তু নদীৰ সোঁতত কিবা অস্বাভাৱিকতা লক্ষ্য কৰিলে তৎক্ষণাত নিয়ন্ত্ৰণ কক্ষক অৱগত কৰাৰ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ সমান্তৰালকৈ তীস্তা নদীৰ পাৰৰ সমতল আৰু নিম্ন পাহাৰীয়া অঞ্চলত থকা দুৰ্বল বসতিৰ বিষয়ে প্ৰশাসনে সকীয়াই দিছে।

পথসমূহৰ ক্ষতিৰ পৰিসৰৰ মূল্যায়ন আৰু ধ্বংসাৱশেষসমূহ কেনেকৈ দ্ৰুতভাৱে আঁতৰাই পথসমূহ যাতায়তযোগ্য কৰি তুলিব পাৰি সেইটো নিৰ্ণয় কৰিবলৈ বিশেষ বিশেষজ্ঞৰ এটা উচ্চ পৰ্যায়ৰ দল স্থানলৈ প্ৰেৰণ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am
গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ ২৫ বছৰীয়া মহিলাৰ মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ ২৫ বছৰীয়া মহিলাৰ মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

September 7, 2026 9:27 am
ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত বিধ্বস্ত অৰ্থনীতি; ৩০ হাজাৰ ড্ৰ’ন ক্ৰয় কৰিবলৈ পৰ্ণ উদ্যোগক বৈধ কৰাৰ চিন্তা ইউক্ৰেইনৰ

ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত বিধ্বস্ত অৰ্থনীতি; ৩০ হাজাৰ ড্ৰ’ন ক্ৰয় কৰিবলৈ পৰ্ণ উদ্যোগক বৈধ কৰাৰ চিন্তা ইউক্ৰেইনৰ

September 7, 2026 8:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd