ভোট চুৰিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰৱল জনমত গঢ়ি তুলিবৰ বাবে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে চছলৰ প্ৰতিবাদস্থলীৰ পৰা আহ্বান জনায়। ৰাজ্যজুৰি বিজেপি চৰকাৰে ভোটাৰ তালিকা সংশোধনীৰ নামত ভোট চুৰি কৰা দুষ্কাৰ্যৰ বিৰুদ্ধে সন্মিলিত বিৰোধীয়ে আজি জোঁৰ লৈ সাব্যস্ত কৰা প্ৰতিবাদৰ মাজতে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ সন্মুখত গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত চোৰ আৰু ডকাইতৰ চৰকাৰ চলিছে বুলি অভিযোগ কৰে আৰু ২০২৬ত বিজেপি চৰকাৰক অসমৰ ৰাইজে দলিয়াই পেলাব লাগে বুলি আহ্বান জনায়।
হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ যোৱাতো স্পষ্ট হৈ পৰিছে বুলি উল্লেখ কৰি গগৈয়ে কয় যে যিদিনাই বিজেপিৰ চৰকাৰ যাব সিদিনাই হিমন্ত বিশ্ব শৰ্মা জেললৈ যাব৷ হিমন্ত বিশ্ব শৰ্মাই নিজকে বহুত শক্তিশালী বুলি ভাবে৷ কিয়নো গৃহ বিভাগ তেওঁৰ ওচৰত৷ গৃহ বিভাগে চিণ্ডিকেট ৰোধ কৰিব নোৱাৰে৷ কিন্তু অসমত লোকতান্ত্ৰিক মূল্যবোধ ধ্বংস কৰি নিৰ্বাচন আয়োগৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই ভোটাধিকাৰ কাঢ়ি নিব খোজে৷ হিমন্ত বিশ্ব শৰ্মাই কেৱল নিজৰ পৰিয়ালৰ নামত সম্পত্তি বঢ়াব পাৰে তাৰ চিন্তা কৰি পুনৰ চৰকাৰ আনিব খোজে৷ বড়ো, ৰাভা, কাৰ্বিৰ মাটি আদানি-আম্বানিক যাতে চমজাই দিব পাৰে তাৰ বাবে ভোট চুৰি কৰিছে৷
গগৈয়ে কয়, ”ভোট চুৰিৰ বিৰুদ্ধে বিৰোধী একত্ৰিত হৈছে৷ আমাৰ একতা দেখি ৰাইজে সাহস লাভ কৰিছে৷ ৰাইজে ক’বলৈ আৰম্ভ কৰিছে যে আমি হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰো৷ আমি হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিম ‘হু ইজ হিমন্ত বিশ্ব শৰ্মা’৷ কোন হয় হিমন্ত বিশ্ব শৰ্মা? লোকতান্ত্ৰিক দেশত ৰাইজতকৈ শক্তিশালী কোনো নাই৷ এই শিক্ষা আগন্তুক দিনত হিমন্ত বিশ্ব শৰ্মাক অসমৰ মানুহে দিব৷’’ আনহাতে, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে প্ৰতিবাদস্থলীত ভাষণ প্ৰদান কৰি কোনো কাৰণতে বিজেপিক অসমত ভোট চুৰি কৰিবলৈ দিয়া নহয় বুলি সকীয়াই দিয়ে।
তেওঁ কয়, ”বিজেপিয়ে মানুহক বিভিন্ন প্ৰতিশ্ৰুতি দিলে৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি ক’লে৷ কিন্তু কৰিব নোৱাৰিলে৷ এতিয়া মানুহৰ ভোটাধিকাৰৰ কাঢ়ি ল’ব খোজা হৈছে৷’’ প্ৰতিবাদস্থলীত চিপিএম দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে এইখন চৰকাৰে মানুহৰ গণতান্ত্ৰিক অধিকাৰ কাঢ়ি নিয়াৰ অপচেষ্টা চলোৱা বুলি উল্লেখ কৰে। নাগৰিকৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰা এই চৰকাৰক ওফৰাই পেলাবলৈ তালুকদাৰে আহ্বান জনায়।
ৰাইজৰ দলৰ সম্পাদক ৰাছেল হুছেইনে কয় যে বিজেপি দল আৰু চৰকাৰে বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাই অসমত লুণ্ঠন চলাইছে৷ পত্নীৰ নামত সম্পত্তি গোটাইছে৷ চিণ্ডিকেট চলাইছে৷ চূণ, কয়লা, মাছ, কণী, চুপাৰিৰ চিণ্ডিকেট চলাইছে৷ এইখন চৰকাৰে একেই লুণ্ঠন চলাবলৈ পুনৰ চৰকাৰত আহিবলৈ ভোট চুৰিত লাগিছে৷ এইখন চৰকাৰ আতৰাবলৈ হ’লে ঐক্যবদ্ধ হ’ব লাগিব বুলিও কয় ৰাছেল হুছেইনে।
চিপিআইএমএলৰ ৰাজ্যিক সম্পাদক বিবেক দাসে কয় যে ভাৰতত বিজেপিয়ে গণতন্ত্ৰক তিলতিলকৈ হত্যা কৰাৰ প্ৰয়াস কৰিছে৷ স্বাধীনতা আন্দোলনে ভাৰতৰ মানুহক যি অধিকাৰ দিছিল সেয়া হৈছে ভোট দিয়াৰ অধিকাৰ৷ দাসে কয়, ”মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা স্বাধীনতা আন্দোলনে আমাক যি অধিকাৰ দিলে সেই অধিকাৰ বিজেপিয়ে হনন কৰিব বিচাৰিছে৷ অসমৰ সংস্কৃতিত জিন যোৱা মিঞাসকলক লৈ হিমন্ত বিশ্ব শৰ্মাই অপমানজনক কথা কয়৷ মিঞাৰ নামত ভাষণ দি দি হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাইজৰ বাবে ঘৃণাৰ পাত্ৰ হৈ পৰিছে৷ পানী কমি আহিলে মাছ ছটফটাই থাকে৷ তেনেকৈ হিমন্ত বিশ্ব শৰ্মাইও চটফটাইছে৷’’
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই প্ৰতিবাদস্থলীত দিয়া উদাত্ত ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰি ভোট চুৰি কৰাৰ বাহিৰে তেওঁৰ গত্যন্তৰ নাই বুলি উল্লেখ কৰে।
মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে হিমন্ত বিশ্ব শৰ্মাৰ ইংগিতত নিৰ্বাচন আয়োগ চলে নেকি বুলিও প্ৰশ্ন কৰে। নিৰ্বাচন আয়োগক মীৰা বৰঠাকুৰে নখ-দাঁত নাইকিয়া বাঘ বুলিও অভিহিত কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰা, বিধায়ক শিৱামণি বৰা, দিগন্ত বৰ্মন, ৰেকিবুদ্দিন আহেমদ, আছিফ নজৰ, চিপিএমৰ ইছফাকুৰ ৰহমান, উদ্ধৱ বৰ্মন, চিপিআইএমএলৰ পংকজ দাস, ৰাইজৰ দলৰ ৰমেন বৰঠাকুৰ, অলক নাথকে ধৰি কংগ্ৰেছ আৰু আন বিৰোধী দলসমূহৰ কেবাগৰাকী জ্যেষ্ঠ নেতা আৰু বহুসংখ্যক কৰ্মী উপস্থিত থাকে।





