মাজুলী আৰু উত্তৰ লখিমপুৰৰ মাজেৰে বৈ যোৱা সোৱণশিৰি নৈৰ ওপৰত পকী দলং নিৰ্মাণৰ দাবীত দেওবাৰে লখিমপুৰৰ খাবলু ঘাটত এক বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত হয়।
মিচিং জনগোষ্ঠীয় সংগঠন টি এম পি কে, টি এম এম কে আৰু এম এম কেৰ লোহিত খাবলু আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাত সমূহ লোহিত খাবলুবাসী ৰাইজে মৰলিয়া ঘাট খাবলু ঘাটৰ মাজত পকী দলং নিৰ্মাণৰ দাবী তোলে।
দলং নিৰ্মাণৰ উপৰি লোকসকলে অঞ্চলটোৰ শিক্ষা, স্বাস্থ্য আৰু যাতায়াত ব্যৱস্থা ক্ষীপ্ৰতাৰে সুচল কৰাৰো দাবী জনায়।
উল্লেখযোগ্য যে ১৯৮০ চনতে উক্ত ঘাট দুটাৰ মাজত এখন দলং নিৰ্মাণৰ অনুমোদন জনোৱা হৈছিল যদিও সেয়া কেতিয়াও বাস্তৱায়িত নহ’ল।
মাজুলীৰ দাতিকাষৰীয় মূলত মিচিং বসতিপ্ৰধান অঞ্চলটোত যাতায়াতৰ অসুবিধাৰ বাবে লোকসকলে বিশেষকৈ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট যন্ত্ৰনা ভোগ কৰিবলগীয়া হয়।
বহু সময়ত মাজুলী বা উত্তৰ লখিমপুৰত থকা স্বাস্থ্যকেন্দ্ৰলৈ নিয়াৰ সময়ত গৰ্ভৱতী মহিলাৰ মৃত্যু পৰ্যন্ত ঘটনা ঘটিছে।



