কলিয়াবৰৰ বুঢ়াপাহাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দলঙৰ ওপৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।
যাত্ৰীবাহী আল্ট্ৰা বাছ আৰু কন্টেইনাৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুঘৰ্টনাটো।
দুৰ্ঘটনাত শিশু মহিলাসহ ১১ গৰাকী আহত।
ইফালে কন্টেনাৰখনৰ চালকজনো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।
যুগল বানাইক নামৰ চালকজনক সংকটজনক অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰি জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱায়।
আহত শিশু-মহিলাসকলক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
দুৰ্ঘটনাগ্ৰস্ত আল্ট্ৰা বাছখনৰ নম্বৰ-NL 01 AA 5036 আৰু কন্টেনাৰ ট্ৰাকখনৰ নম্বৰ হৈছে- NL 01 AA 5036.