NORTHEAST NOW (Assamese)

তামুলপুৰ মহকুমাক ৰেড জন ঘোষণা কৰাৰ পিছতে বিভিন্ন ঠাইত চেনিটাইজেছন মহকুমা প্ৰশাসনৰ

June 26, 2021 3:47 pm · দীপক কুমাৰ পাঠক

সমগ্ৰ ৰাজ্যৰ ভিতৰত ১৫ খন জিলাত কোভিড ১৯ ৰ ভয়াৱহ সংক্ৰমণ অব্যাহত আছে। তামুলপুৰ মহকুমাৰ ভিতৰত তামুলপুৰ মহকুমা সদৰ, নাগ্ৰীজুলি, কুমাৰীকাটা, কচুকাটা, গান্ধীবাৰীকে ধৰি বিভিন্ন ঠাইত কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাত এই অঞ্চল সমূহ স্বাস্থ্য বিভাগে ৰেড জন হিছাপে ঘোষণা কৰিছে।

সমগ্ৰ মহকুমাত কোভিড ১৯ ৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তৎপৰ হৈ পৰিছে তামুলপুৰ মহকুমা প্ৰশাসন।

ইয়াৰ অংশ হিচাপে আজি তামুলপুৰ মহকুমাৰ মহাকুমাধিপতি ডাঃ বেদাঙ্গ তালুকদাৰৰ তত্বাৱধানত মহকুমা সদৰৰ মটঙা চ’ক, ঘগ্ৰা চ’ক, তামুলপুৰ পূৰণ চ’ক, কুমাৰীকাটা, গান্ধীবাৰী আদি ঠাইত চেনিটাইজ কৰাৰ ব্যৱস্থা কৰে।

মহকুমা প্ৰশাসনে মহকুমাটোৰ বিভিন্ন অঞ্চলত মাইক যোগে কোভিড বিধি মানি চলাৰ বাবে ঘোষণাও কৰে আৰু ৰাইজক সতৰ্ক কৰি দিয়ে।

ৰাইজক মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব মানি চলাৰ লগতে অনাহকত বাহিৰলৈ ওলাই নাহিবলৈও মহকুমাধিপতি ডাঃ বেদাঙ্গ তালুকদাৰে ৰাইজক আহ্বান জনায়।

Related News