অখিল গগৈৰ বিস্ফোৰক মন্তব্য—বেছিদিনলৈ হয়তো বিধায়ক হৈ নাথাকিম

শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ এক বিস্ফোৰক মন্তব্যই এতিয়া ৰাজ্যজুৰি তোলপাৰ লগোৱা পৰিলক্ষিত হৈছে।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শিৱসাগৰৰ বিধায়কগৰাকীয়ে তেওঁৰ ৰাজনৈতিক তথা ব্যক্তিগত জীৱনৰ বহু কথাই প্ৰকাশ কৰাৰ লগতে কৰিছে এক বিস্ফোৰক মন্তব্যও।

অখিল গগৈয়ে কৈছে ‘ মই হয়তো বেছিদিনলৈ বিধায়ক হৈ থাকিব নোৱাৰিম, মই অনুভৱ কৰো যে মই সঠিক ঠাইত থকা নাই। মই যিকোনো মুহূৰ্ততে পদত্যাগ কৰিব পাৰো’।

অখিল গগৈৰ এই মন্তব্য নৰ্থ ইষ্ট নাওত সম্প্ৰচাৰ হোৱাৰ পিছতে ৰাজ্যজুৰি এতিয়া ব্যাপক প্ৰতিক্ৰিয়া হোৱা পৰিলক্ষিত হৈছে।

সাক্ষাৎকাৰটোত অখিল গগৈয়ে কৈছে—‘মোক বিভিন্ন নীতি-নিয়মৰ দ্বাৰা বান্ধি পেলোৱা হৈছে, সাম্প্ৰদায়িক আৰু জনবিৰোধী নীতিৰ বিৰুদ্ধাচৰণ কৰাৰ ক্ষেত্ৰত সোক বাধা প্ৰদান কৰা হৈছে।এনেবোৰ কাৰণতে বিধায়ক হিচাবে কাৰ্যনিৰ্বাহ কৰাটো মোৰ বাবে দুৰূহ হৈ পৰিছে’।

উল্লেখ্য অখিল গগৈৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াই একাধিক গোচৰ তৰিছিল যদিও প্ৰমাণৰ অভাৱতে নিয়াই তেওঁক মুক্তি দিবলৈ বাধ্য হৈছে।

ইমানৰ পিছতো অখিল গগৈৰ বিৰুদ্ধে নিয়া, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে অহৰহ সক্ৰিয় হৈ থকাৰ অভিযোগ উঠিছে। যিকোনো মুহূৰ্ততে নিয়াই পুনৰ অখিল গগৈক গ্ৰেপ্তাৰ কৰিব পাৰে বুলিও আশংকা ঘনীভূত হৈছে।

এই প্ৰসংগতে অখিল গগৈয়ে কয় —‘মোক পুনৰ গ্ৰেপ্তাৰ কৰাৰ আন এক ষড়যন্ত্ৰ চলিছে।কেন্দ্ৰীয় গৃহ দপ্তৰ, অসমৰ মুখ্যমন্ত্ৰী আৰু নিয়াই সন্মিলিত ভাবে এই ষড়যন্ত্ৰ ৰচনা কৰিছে’।

২০১৯-২০২০ চনত অসমত জোকাৰণিৰ সৃষ্টি কৰা ‘কা’ বিৰোধী আন্দোলনৰ প্ৰসংগত মন্তব্য কৰি অখিল গগৈয়ে কয় যে চৰকাৰে কৌশলেৰে এই আন্দোলনক দমাই ৰাখিলে। তেওঁ ‘কা’ বিৰোধী প্ৰতিবাদক ঐতিহাসিক ফৰাচী বিপ্লৱৰ সৈতেও তুলনা কৰে।

তেওঁ কয়—‘ অসম চৰকাৰ কৌশলেৰে ‘কা’ বিৰোধী প্ৰতিবাদক দমন অথবা ধ্বংস কৰিলে।মোক গ্ৰেপ্তাৰ কৰি আন্দোলনটোৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিক নিলগাই ৰাখিলে।কৌশল প্ৰয়োগৰে চৰকাৰে ৰাজপথৰ আন্দোলনটোক খেলপথাৰৰ মাজত আৱদ্ধ কৰি পেলালে’।

‘কা’ সন্দভৰ্ত নিজৰ দৃঢ় স্থিতিৰ কথা ব্যক্ত কৰি অখিল গগৈয়ে কয়—‘মই, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলে অসমত কেতিয়াও ‘কা’ কাৰ্যকৰী হ’বলৈ নিদিওঁ’।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনত অসমৰ ৰাইজ মুঠেও সুৰক্ষিত নহয় বুলি অখিল গগৈয়ে সাক্ষাৎকাৰটোত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।তেওঁ কয়—‘অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই আছে।এগৰাকী মুখ্যমন্ত্ৰীৰ পৰা এয়া কোনেও আশা কৰা নাছিল। আমি এনে এগৰাকী অপৰিপক্ক মুখ্যমন্ত্ৰী নিবিচাৰো’।