NORTHEAST NOW (Assamese)

সৎসংগী, ধৰ্মপৰায়ণ মহিলা মায়া দাসৰ দেহাৱসান

May 28, 2025 1:00 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

বুধবাৰে পুৱা ৯ বজাত ইহলীলা সম্বৰণ কৰে বিশিষ্ট সৰবৰহী মহিলা মায়া দাসে।

১৯৩৮ চনৰ ৩০ জুলাই তাৰিখে গোলাঘাটত জন্মগ্ৰহণ কৰা মায়া দাস আছিল অতি সৎ, সাদৰী আৰু ধৰ্মপৰায়ণ মহিলা।

তেখেতৰ পিতৃৰ নাম আছিল পূৰ্ণচন্দ্ৰ দত্ত আৰু মাতৃৰ নাম আছিল পুতৌ দত্ত।

১৫ বছৰ বয়তে তেওঁ বিশিষ্ট চিকিৎসক ডাঃ ৰায় মোহন দাসৰ সৈতে বিহাবপাশত আৱদ্ধ হয়।

মায়া ঠাকুৰ আছিল অনুকূল ঠাকুৰৰ শিষ্য। মানৱ সেৱা ঈশ্চৰৰ প্ৰতি নিজকে উৎসৰ্গা কৰিছিল মায়া দাসে।

মৃত্যুৰ সময়ত তেখেতে দুজন পুত্ৰ, এগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ যায়। মায়আ দাসৰ মৃত্যুৰ পিছত এতিয়া পৰিয়াল, সমগ্ৰ অঞ্চলটো আৰু অনুকূল ঠাকুৰৰ শিষ্য সকলৰ মাজত শোকৰ ছাঁ বিৰাজ কৰিছে।

Related News