NORTHEAST NOW (Assamese)

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো চহৰতো মে-ডাম-মে ফি পালন

January 31, 2021 5:46 pm ·

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আহোম ৰয়েল চ’ছাইটি শিৱসাগৰ জিলা সমিতি আৰু স্থানীয় ৰাইজৰ উদ্যোগত আজি শিৱসাগৰ নগৰৰ মাজমজিয়াৰ গণকপট্টিৰ গোহাঁইচুকত অৱস্থিত চেংমুন বুঢ়াগোহাঁই মৈদামত মে-ডাম-মে ফি পালন কৰা হয়।

আহোম ৰয়েল চ’ছাইটি শিৱসাগৰ জিলা সমিতিৰ সভাপতি মণিৰুল ইছলাম বড়াৰ লগতে সমিতিৰ সদস্য তথা স্থানীয় ৰাইজে মৈদামত বন্তি প্ৰজ্বলন কৰি পুলিন পুথাওসকললৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক প্ৰবীণ শৰ্মাই বন্তি প্ৰজ্বলন কৰি মে-ডাম-মে ফিৰ তাৎপৰ্য ব্যাখ্যা কৰে।

অনুষ্ঠানত উপস্থিত থাকে শিৱসাগৰৰ বিশিষ্ট সমাজকৰ্মী প্ৰশান্ত গগৈ।

Related News