• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘স্বামীক হত্যা কৰিলেও পত্নীয়ে লাভ কৰিব চৰকাৰী পেন্সন’; কোন উচ্চ ন্যায়ালয়ে ক’লে?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 31, 2021 6:54 pm

2 min read

Punjab-and-Haryana-HC
250
VIEWS
Share on FacebookShare on Twitter

বুম্বে উচ্চ ন্যায়ালয়ৰ পিছত এইবাৰ পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ এক ৰায়দানে দেশজুৰি বিতৰ্কৰ সূচনা কৰিছে।

পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ে এক ৰায়দানৰ যোগে ঘোষণা কৰিছে যে স্বামীক হত্যা কৰা অপৰাধত দোষী হোৱা পত্নীয়েও স্বামীৰ চৰকাৰী পেন্সন লাভ কৰি থাকিব।

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি আম্বালাৰ নিৱাসী বলজিৎ কৌৰ নামৰ এগৰাকী মহিলাই পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ত দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে এই ৰায় প্ৰদান কৰিছে।

ঘটনাৰ বিৱৰণী অনুসৰি হাৰিয়ানা চৰকাৰৰ এগৰাকী কৰ্মচাৰী তাৰচেম সিঙৰ ২০০৮ বৰ্ষত মৃত্যু হয়।

ইয়াৰ পিছতে ২০০৯ বৰ্ষত পত্নী বলজিৎ কৌৰ বিৰুদ্ধে তাৰচেমক হত্যা কৰাৰ অভিযোগ উত্থাপন হয়। এই অভিযোগ ভিত্তিত গোচৰ ৰুজু হয় আৰু আদালত বিচাৰ প্ৰক্ৰিয়াৰ আৰম্ভ হয়।

আদালতে বলজিৎ কৌৰক স্বামীক হত্যাৰ অপৰাধত দোষী সাৱ্যস্ত কৰি কাৰাদণ্ড বিহে।

আদালতে পত্নী বলজিৎ কৌৰক দোষী সাৱস্ত্য কৰাৰ পিছতে হাৰিয়ানা চৰকাৰে স্বামীৰ চৰকাৰী পেন্সন বলজিৎ কৌৰক দিয়া বন্ধ কৰি দিয়ে।

ইয়াৰ বিৰুদ্ধে পত্নী বলজিৎ কৌৰে পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ত এখন পিটিশ্যন দাখিল কৰে।

এই পিটিশ্যনৰ শুনানিৰ অন্তত ২৫ জানুৱাৰিত উচ্চ ন্যায়ালয়খনে বলজিৎ কৌৰ সপক্ষে ৰায়দান কৰি কয়, “কোনেও সোণৰ কণী পৰা হাঁহজনী হত্যা কৰিব নোৱাৰে। স্বামীক হত্যা কৰিলেও পত্নীয়ে পেন্সন লাভ কৰি থাকিব। কাৰণ ফেমেলি পেন্সন হৈছে এক জনকল্যাণমূলক প্ৰকল্প। কোনো চৰকাৰী কৰ্মচাৰী মৃত্যুৰ পিছত তেওঁৰ পত্নীক আৰ্থিক সাহায্য প্ৰদান  কৰাই এই আঁচনিৰ মূল উদ্দেশ্য। সেয়ে কোনো গোচৰত দোষী হ’লেও স্বামীৰ পেন্সন লাভ পত্নীয়ে লাভ কৰি থাকিব।”

এইদৰে ৰায়দান কৰি পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ে হাৰিয়ানা চৰকাৰক আগন্তুক দুমাহৰ ভিতৰত বলজিৎ কৌৰক পুনৰ পেন্সন প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।

Recent News

Jiten Gogoi nomination.(1)

বোকাখাতত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাক্তন বিধায়ক জিতেন গগৈৰ মনোনয়ন দাখিল

24_12_2018-loot1_18782468

গোলাঘাট চহৰৰ মাজমজিয়াত দিন দুপৰতে চিলনী চোৰে লুটিলে ডেৰ লাখ টকা

মানৱ অধিকাৰ : মোদীৰ নেতৃত্বকালত ভাৰতক একনায়ত্ববাদী দেশ আখ্যা ‘ফ্ৰীডম হাউচ’ৰ

মানৱ অধিকাৰ : মোদীৰ নেতৃত্বকালত ভাৰতক একনায়ত্ববাদী দেশ আখ্যা ‘ফ্ৰীডম হাউচ’ৰ

raijor Dol

ৰাইজৰ দলৰ কোনে ক’ৰ পৰা লাভ কৰিব টিকট? নৰ্থ ইষ্ট নাওৰ হাতত প্ৰায় চূড়ান্ত তালিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd