• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১০০ কোটি ভেকচিনৰ চমক: দৰৱৰ অধিক মূল্য ভৰি পিছে পকেট উদং জনতাৰ!

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 21, 2021 4:37 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিডৰ ভেকচিন প্ৰদানৰ ক্ষেত্ৰত ভাৰতে এতিয়া বিশ্বাভিলেখ গঢ়িছে।

দেশৰ ১০০ কোটিতকৈও অধিক লোকক এতিয়ালৈকে কোভিডৰ ভেকচিন প্ৰদান কৰা হৈছে। এয়া নিঃসন্দেহে সুখৰ কথা। কোভিড ভেকচিন প্ৰদানৰ ক্ষেত্ৰত ভাৰতে লাভ কৰা সাফল্যক অধিক গৰিমামণ্ডিত কৰি তুলিবলৈ চৰকাৰে লালকিল্লাত বিশেষ অনুষ্ঠানৰো আয়োজন কৰিছে।

Apply Now

কাহী-বাতি বজাই ক’ৰ’না খেদিবলৈ তৎপৰ হোৱা বহু জনতাই সেই অনুষ্ঠানকলৈ অত্যুৎসাহী হৈ পৰাও দেখা গৈছে।

১০০ কোটি ভেকচিন প্ৰদান সম্পন্ন হৈ উঠাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ভাষণত কৈছে ‘ আজি এটা উৎসাহৰ পৰিবেশ সৃষ্টি হৈছে।ইয়াৰ লগতে আমাৰ মাজত এটা দায়িত্ববোধৰো সৃষ্টি হৈছে যে সকলোৱে মিলি আমি ক’ৰ’নাক পৰাভূত কৰিম’। মোদীৰ এই ভাষণ উৎসাহজনক।

কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণত কেৱল ক’ৰ’নাৰ বিষয়টোকলৈ উৎসাহী হৈ ৰ’ল যদিও দেশৰ কোটি কোটি জনতাই যে গেছৰ সাধাৰণ দৰৱ বিধৰ পৰা আৰম্ভ কৰি সকলো দৰৱেই পূৰ্বৰ দামতকৈ কমেও ২০ শতাংশ পৰ্যন্ত(সকলো দৰৱতে বেলেগ বেলেগ শতাংশ বৃদ্ধি) অধিক দামত ক্ৰয় কৰি সৰ্বস্বান্ত হ’বলগীয়া হৈছে সেই কথা এবাৰৰ বাবেও উল্লেখ নকৰিলে।

চৰকাৰে দেশত দৰৱৰ মূল্য কমাব চাৰি চলিত বৰ্ষৰ এপ্ৰিল মাহৰে পৰা প্ৰতিবিধ দৰৱৰ দাম প্ৰায় ২০ শতাংশলৈকে বঢ়োৱাৰ অনুমোদনহে দিছিল। ক’ৰ’নাকালত দেশৰ কোটি কোটি লোকৰ আয় কমিছে, বহু লোক কৰ্মহীন হৈ পৰিছে, বহু উদ্যোগ বন্ধ হৈ পৰিছে।

অথচ চৰকাৰৰ আশীৰ্বাদতে দেশবাসীয়ে প্ৰতিবিধ দৰৱ সৰ্বাধিক ২০ শতাংশ( কোনো কোনো দৰৱ ৫, ১০ আদি শতাংশ) বেছি ধন দি ক্ৰয় কৰিবলগীয়া হৈছে।

ভাৰতত কেৱল ক’ৰ’নাই নাই, আন বহু ৰোগত আক্ৰান্ত হৈয়েই নিতৌ প্ৰায় লাখৰ ঘৰত লোকে প্ৰাণ ত্যাগ কৰিবলগীয়া হৈছে। সঠিক ভাবে দৰৱ ক্ৰয় কৰিব নোৱাৰিও বহুতে চিকিৎসা আধাতে সামৰিবলগীয়া হৈছে।

বহুতে চিকিৎসা খৰচৰ কথা চিন্তা কৰিয়েই দেহতে ৰোগ পুহি ৰাখিবলগীয়া হৈছে। চৰকাৰে চিকিৎসাৰ বাবে বিভিন্ন চৰকাৰী আঁচনি যুগুতাই উলিয়াইছে যদিও সেই আঁচনিয়ে সকলো লোককে আৰু সকলো ৰোগকে ঢুকি পোৱা নাই।

ইমানৰ পিছতো ক’ব পাৰি নেকি যে দেশলৈ পৰিৱৰ্তনৰ ধাৰা দুৰন্ত গতিত নামি আহিছে বুলি?

পৰিৱৰ্তনৰ কথা ইতিমধ্যে ঘৰুৱা ব্যৱহৃত গেছ ছিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি নিত্য ব্যৱহাৰ্য সামগ্ৰী, ইন্ধন আদিৰ মূল্যবৃদ্ধিৰ পৰাই প্ৰমাণ হৈছে।

মূল্যবৃদ্ধিয়ে টেটুচেপা দিয়া দেশৰ জনতাৰ ওপৰত আন এক মাধমাৰ শোধাই এপ্ৰিল মাহৰ পৰা দেশত বৃদ্ধি কৰা হৈছে প্ৰতি বিধ দৰৱৰে দাম।

ফাৰ্মাচিউটিকেল প্ৰতিষ্ঠান সমূহে নৰেন্দ্ৰ মোদীৰ চৰকাৰক ঔষধৰ দাম কমেও ২০ শতাংশ বৃদ্ধি কৰাৰ যি প্ৰস্তাৱ আগবঢাইছিল সেই প্ৰস্তাৱত চৰকাৰে ইতিমধ্যে সেউজ সংকেত দিছিল।

সেয়ে এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ ভিটামিনকে ধৰি আন সকলো দৰৱৰ দাম কমেও ২০ শতাংশ বৃদ্ধি পাব পাৰে বুলি নেছনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথ’ৰিটিয়ে প্ৰকাশ কৰিছিল আৰু এতিয়া সেয়া কাৰ্যকৰী হৈছে।

মোদীৰ চৰকাৰে ২০২০ চনত দৰৱৰ হোলচেল প্ৰাইচ ইনডেক্স ০.৫ শতাংশলৈ পৰিৱৰ্তন কৰিছিল।

ক’ৰ’ণাৰ সংহাৰ চলি থকাৰ সময়তে চৰকাৰে ক’ৰ’ণাৰ চিকিৎসাৰ লগতে আন ৰোগৰ চিকিৎসাতো ব্যৱহাৰ হোৱা হেপাৰ্ৰিন ইঞ্জেকছনৰ মূল্য একে কোবে ৫০ শতাংশ বৃদ্ধি কৰি দৰৱ বিধৰ মূল্যৰ ক্ষেত্ৰত আমূল ‘পৰিৱৰ্তন’ সাধন কৰিছিল।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল আত্মনিৰ্ভৰ ভাৰতৰ কথা কৈ থকা মোদীৰ চৰকাৰে হৃদৰোগৰ পৰা আৰম্ভ কৰি ভিটামিন আৰু আন প্ৰায় সংখ্যক ঔষধ প্ৰস্তুতৰ বাবে প্ৰয়োজন হোৱা কেঁচামাল চীনৰ পৰা আমদানি কৰি আহিছে।

আন সকলো সামগ্ৰীৰে মূল্যবৃদ্ধিয়েও দেশৰ জনতাৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰা কৰিছে।

এনে সময়তে ঔষধৰ দাম সৰ্বাধিক ২০ শতাংশ বৃদ্ধি হোৱাত জনতাৰ মূৰত নিশ্চিত ভাবে সৰগ ভাগি পৰিছে।

এককথাত পৰিৱৰ্তনৰ নামত মোদীৰ চৰকাৰে কেৱল সামগ্ৰীৰ দাম বৃদ্ধিৰ পৰিৱৰ্তনহে কৰি আহিছে।

ইমানৰ পিছতো চৰকাৰে ১০০ কোটি ভেকচিন প্ৰদানক গৰিমামণ্ডিত কৰিবলৈ অনুষ্ঠানৰ আয়োজন কৰিছে।

য’ত শিল্পী কৈলাশ খেৰৰ গীত আৰু ভিডিঅ’-অডিঅ’ ভিজুৱেল ফিল্ম মুকলি কৰা হ’ব। গীতটি মুকলি কৰিব কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই।

কেৱল সেয়াই নহয়,১০০ কোটি ভেকচিন প্ৰদানৰ মুহূৰ্তক স্মৰণীয় কৰি ৰাখিবলৈ লালকিল্লাত ১৮০০ কিলোগ্ৰাম ওজনৰ পতাকা এখনো উত্তোলন কৰা হ’ব।

এনেবোৰ বাহ্যিক আড়ম্বৰৰ সলনি মোদীৰ চৰকাৰে যদি দেশবাসীক দৰৱৰ মূল্যবৃদ্ধিৰ পৰা ৰক্ষা কৰিব পৰাকৈ ‘আঁচনিৰ ভেকচিন’ প্ৰস্তুত কৰিব পাৰিলেহেঁতেন তেতিয়াহে প্ৰকৃতাৰ্থত জনদৰদী কাম হ’লহেঁতেন।

কাৰণ দেশত ক’ৰ’নাত আক্ৰান্ত হোৱা জনেও অথবা নোহোৱাজনেও উচ্চ দামতেই কিনিবলগীয়া হৈছে দৰৱ ।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd