• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কম সময়ৰ বাবে মুখ্য মন্ত্ৰী হোৱা দেশৰ কেইগৰাকীমান ৰাজনেতা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 27, 2019 2:13 pm

2 min read

img_1574774802879_744

ছবি উৎস : ইণ্টাৰনেট

9k
VIEWS
Share on FacebookShare on Twitter

দেশৰ আটাইতকৈ কম সময়ৰ বাবে মুখ্য মন্ত্ৰিত্বৰ দায়িত্ব গ্ৰহণ কৰাৰ তালিকাত নতুনকৈ সংযোজন হ’ল বুধবাৰে দুপৰীয়া পদত্যাগ কৰা মহাৰাষ্ট্ৰৰ বিজেপি নেতা দেবেন্দ্ৰ ফৰ্ণবিছ।

এন চি পি নেতা অজিত পাৱাৰৰ সমৰ্থনত দেবেন্দ্ৰ ফর্ণবিছে দ্বিতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ তিনিদিন পাছতে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা নথকা বাবে পদত্যাগ কৰিবলগীয়া হয়।

ইয়াৰ লগে লগে তেওঁ মহাৰাষ্ট্ৰত কম সময়ৰ বাবে দায়িত্ব লাভ কৰা মুখ্য মন্ত্ৰীৰূপেও পৰিগণিত হ’ল।

দেবেন্দ্ৰ ফৰ্ণবিছৰ উপৰি এই তালিকাত দেশৰ কেইবাগৰাকীও শীৰ্ষ নেতাৰ নাম সন্নিবিষ্ট হৈ আছে।

কম সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা দেশৰ মুখ্য মন্ত্ৰীসকলৰ বিষয়ে জানো আহক

দেশৰ ৰাজনীতিত আটাইতকৈ কম সময়ৰ বাবে মুখ্য মন্ত্ৰিত্বৰ দায়িত্বত আছিল উত্তৰ প্ৰদেশৰ জগদম্বিকা পাল। তেওঁ মুখ্য মন্ত্ৰী হৈছিল মাত্ৰ এদিনৰ বাবে।

১৯৯৮ চনৰ ২১ ফেব্ৰুৱাৰিত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল ৰমেশ ভাণ্ডাৰীয়ে কল্যাণ সিঙৰ চৰকাৰখন ভাঙি দিয়াৰ পাছতে নিশা মুখ্য মন্ত্ৰী হিচাপে শপত লৈছিল পালে। কিন্তু উচ্চতম ন্যায়ালৰ নিৰ্দেশত হোৱা আস্থা ভোটত সংখ্যাগৰিষ্ঠতা প্ৰমাণত ব্যৰ্থ্য হয়।

বি এছ য়েদুৰুপ্পা (কৰ্ণাটক) : ২০১৮ চনৰ ১৭ মে’ত এইগৰাকী বিজেপি নেতাই মুখ্য মন্ত্ৰী হিচাপে শপত লৈছিল যদিও আস্থা ভোটৰ সন্মুখীন হোৱাৰ পূৰ্বেই অৰ্থাৎ তিনিদিন পিছত পদত্যাগ কৰে।

নাবাম টুকি (অৰুণাচল প্ৰদেশ) : ২০১৬ চনৰ ১৩ জুলাইত শপত লোৱা কংগ্ৰেছৰ টুকীয়ে চাৰিদিন পিছতে অৰ্থাৎ ১৭ জুলাইত দলীয় মতানৈক্যৰ বাবে পদত্যাগ কৰিবলগীয়া হয়।

সতীশ প্ৰসাদ সিং (বিহাৰ) : এইগৰাকী কংগ্ৰেছ নেতাই ১৯৬৮ চনৰ ২৮ জানুৱাৰিৰ পৰা ১ ফেব্ৰুৱাৰিলৈ অৰ্থাৎ ৫ দিনৰ বাবে মুখ্য মন্ত্ৰীৰ দায়িত্বত আছিল।

ওম প্ৰকাশ চৌতালা (হাৰিয়ানা) : বৰ্ষীয়ান INLD নেতাজনে প্ৰথমবাৰ ১৯৯০ চনৰ ২ জুলাইৰ পৰা ১৭ জুলাইলৈ আৰু পিছৰ বছৰত দ্বিতীয়বাৰৰ বাবে ২২ মাৰ্চৰ পৰা ৬ এপ্ৰিললৈ মুখ্য মন্ত্ৰী পদত অধিষ্ঠিত হৈছিল।

এছ চি মাৰাক (মেঘালয়) : জ্যেষ্ঠ কংগ্ৰেছী নেতাজনে ১৩ দিনৰ বাবে অৰ্থাৎ ১৯৯৮ চনৰ ২৭ ফেব্ৰুৱাৰিৰ পৰা ১০ মাৰ্চলৈ আছিল।

Recent News

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

China

নতুন ষড়যন্ত্ৰ! উপগ্ৰহৰ চিত্ৰত ধৰা পৰিল সীমান্তৰ দেপচাঙত চীনে স্থাপন কৰা সামৰিক ঘাটিৰ দৃশ্য

চেঞ্চুৰি মাৰিলে কোহলীয়ে, কিন্তু খেলপথাৰত নহয়! তেন্তে ক’ত, কেনেকৈ?

চেঞ্চুৰি মাৰিলে কোহলীয়ে, কিন্তু খেলপথাৰত নহয়! তেন্তে ক’ত, কেনেকৈ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd