• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Meet Kanika Tekriwal: কম বয়সতে বিৰাট সফলতা লাভ কৰা এগৰাকী ভাৰতীয় যুৱতী কণিকা তেকৰিৱাল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 21, 2022 7:46 pm
কনিকা তেকৰিৱাল।

কনিকা তেকৰিৱাল।

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যি বয়সত একোগৰাকী যুৱক-যুৱতীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত ব্যস্ত থাকে অথবা চাকৰি লাভ কৰে, সেই বয়সতে এক ঈৰ্ষণীয় সফলতাৰ অধিকাৰী হৈছে এগৰাকী ভাৰতীয় যুৱতী! ত্ৰিশৰ দেওনা পাৰ কৰি ৩২ বছৰ বয়সতে যুৱতীগৰাকীয়ে ১০ খনকৈ ব্যক্তিগত জেট বিমানৰ স্বত্বাধিকাৰ হৈছে। নাম তেওঁৰ কণিকা তেকৰিৱাল।

এই সফলতা কিন্তু তেওঁ এদিনতে লাভ কৰা নাই। ১০ বছৰ পূৰ্বে মাত্ৰ ২৪ বছৰ বয়সতে তেওঁ এটা ব্যক্তিগত খণ্ডৰ জেট প্লেন সেৱা মুকলি কৰে। কণিকাৰ নেতৃত্বত চলা Jet Set Go Aviation Services Pvt Ltd নামৰ এই সংস্থাটো এতিয়া দেশৰ অন্যতম আগশাৰীৰ জেট প্লেন সেৱা সংস্থা। দেশৰ কেইবাখনো চহৰক ই বায়ুপথেৰে সংযোগ কৰি আহিছে। সংস্থাটোক Uber of the Indian skies অৰ্থাৎ ভাৰতৰ আকাশৰ উবেৰ বাহন বুলিও অভিহিত কৰা হৈ আহিছে।

কনিকা তেকৰিৱাল।

শেহতীয়াকৈ কণিকাই সংবাদ মাধ্যমক জনাইছে যে তেওঁ এই সংস্থাটো প্ৰতিষ্ঠাৰ পূৰ্বে তিনি বছৰজুৰি পৰিকল্পনা কৰি আহিছিল। আনকি মাজতে তেওঁৰ কেঞ্চাৰো ধৰা পৰিছিল। দুৰোৰোগ্য ৰোগবিধৰ পৰা মুক্তি লাভ কৰাৰ পাছতে ২০১২ চনত সংস্থাটো মুকলি কৰা হয়। এইক্ষেত্ৰত তেওঁৰ সহযোগী হিচাপে থাকে বন্ধু সুধীৰ পাৰ্লা।

Apply Now

প্ৰথমাৱস্থাত কণিকাই এই সংস্থাটোত মাত্ৰ ৫,৬০০ টকা বিনিয়োগ কৰিছিল। খুলি লৈছিল এটা এপ। নিজাকৈ নাছিল কোনো বিমানো। সেয়ে অনেকেই তেওঁৰ সপোনক অগ্ৰাহ্য কৰি আহিছিল। উল্লেখ্য যে বিমান খণ্ডত সততে পুৰুষে আধিপত্য বিস্তাৰ কৰি আহিছে। প্ৰথমাৱস্থাত কণিকাইও এই অভিজ্ঞতা লাভ কৰিছিল।

কনিকা তেকৰিৱাল।

এগৰাকী যুৱতী হোৱাৰ বাবেই তেওঁৰ পৰিকল্পনাক বহুতে হাঁহিয়াতৰ পাত্ৰ কৰি তুলিছিল। কিন্তু এই সকলো বাধা নেওচি এতিয়া সংস্থাটোৰ নেট ৱৰ্থ হৈছেগৈ ১৫০ কৌটি টকা। নিযুক্তি লাভ কৰিছে ২০০ জনকৈ কৰ্মীয়ে। দিল্লী, মুম্বাই, চেন্নাই আৰু হায়দৰাবাদত সংস্থাটোৰ কাৰ্যালয় স্থাপন কৰা হৈছে।

জানিব পৰা মতে, যোৱা ২০২০ বৰ্ষত সংস্থাটোৱে ১০,০০০ জন যাত্ৰী লাভ কৰিছে। যাত্ৰীসকলৰ বেছিভাগেই দেশৰ ধনাঢ্য লোক। তদুপৰি দেশৰ বিভিন্ন নিৰ্বাচনী ৰেলীতো সংস্থাটোৰ বিমান ব্যৱহাৰ কৰা হৈছে। সংস্থাটোৰ দ্বাৰা ব্যক্তিগত বিমান খণ্ডত থকা আঁসোৱাহসমূহ দূৰ কৰি ইয়াক অত্যাধুনিকৰণত জোৰ দিয়া হয়। মূলতঃ এইধৰণেই কণিকা এগৰাকী সফল উদ্যোগপতি হিচাপে বিবেচিত হৈ পৰিছে।

কনিকা তেকৰিৱাল।

উল্লেখ্য যে দক্ষিণ ভাৰতত শিক্ষাগ্ৰহণ কৰা কণিকাৰ সপোন আছিল এগৰাকী পাইলট হোৱা। এমবিএ ডিগ্ৰী লাভ কৰি পাছলৈ তেওঁ মুম্বাইত অৰ্থনীতি আৰু ডিজাইনিঙৰ ওপৰতো শিক্ষাগ্ৰহণ কৰে। মাৰোৱাৰী পৰিয়ালত জন্ম গ্ৰহণ কৰা কণিকাৰ দেউতাকো ৰিয়েল ইষ্টেটকে বিভিন্নধৰণৰ ব্যৱসায়ৰ স’তে জড়িত আছিল।

নিজৰ অধ্যৱসায়ৰ বাবে কণিকা বিভিন্ন সন্মানেৰেও বিভূষিতা হৈছে। ইয়াৰ ভিতৰত অন্যতম হৈছে ফ’ৰ্বছ মেগাজীনৰ ত্ৰিশ বছৰ বয়সৰ তলৰ ত্ৰিশজন শ্ৰেষ্ঠ উদ্যোগপতিৰ তালিকাত স্থান লাভ, বিবিচিয়ে নিৰ্বাচিত কৰা বিশ্বৰ এশগৰাকী প্ৰেৰণাদায়ক মহিলাৰ তালিকাত স্থান লাভ ইত্যাদি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd