অবিশ্বাস্য! মিছ ইণ্ডিয়াৰ ফাইনেলিষ্ট;তথাপিও মডেলিং এৰি কোচিং অবিহনে UPSCত লাভ কৰিলে ৯৩ সংখ্যক স্থান,কোন এইগৰাকী বৈদেশিক সেৱাৰ বিষয়া?

এক অবিশ্বাস্য যাত্ৰা৷এই প্ৰেৰণাদায়ক সফলতাৰ কাহিনী হৈছে ৰাজস্থানৰ পৰা অহা আই এফ এছৰ বিষয়া ঐশ্বৰ্য শ্বেওৰাণৰ।ঐশ্বৰ্যৰ পিতৃ কৰিমনগৰৰ নৱম তেলেংগানা এন চি চি বেটেলিয়নৰ কামাণ্ডিং অফিচাৰ অজয় ​​কুমাৰ। পৰিয়ালৰ সামৰিক পটভূমিয়েই ঐশ্বৰ্যক ৰাষ্ট্ৰসেৱাৰ লগত জড়িত বৃত্তিক কেৰিয়াৰ বাছি ল’বলৈ বাধ্য কৰাইছিল।

সৰুতেই ঐশ্বৰ্য পঢ়াশুনাৰ বাবে দিল্লীলৈ স্থানান্তৰিত হয় আৰু তাতেই চাণক্যপুৰীৰ সংস্কৃত বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে। দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত আকৰ্ষণীয় ৯৭.৫ শতাংশ নম্বৰ লাভ কৰে। এগৰাকী মেধাৱী ছাত্ৰী হোৱাৰ বাবে দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি পোৱাৰ পাছত শ্ৰী ৰাম কলেজ অৱ কমাৰ্চৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।ঐশ্বৰ্যই স্নাতক ডিগ্ৰী লাভৰ সময়ত মডেলিঙৰ লগতো জড়িত হৈ বিভিন্ন সৌন্দৰ্যৰ লগত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ঐশ্বৰ্য ২০১৬ চনত মিছ ইণ্ডিয়া প্ৰতিযোগিতাত চূড়ান্ত প্ৰতিযোগী হয়। ইয়াৰ পূৰ্বে তেওঁ ২০১৫ চনত মিছ দিল্লীৰ মুকুট পিন্ধিছিল, আৰু ২০১৪ চনত মিছ ক্লিন এণ্ড কেয়াৰ ফ্ৰেছ ফেচৰো খিতাপ লাভ কৰিছিল।

২০১৮ চনত ঐশ্বৰ্য আই আই এম ইন্দোৰৰ বাবে নিৰ্বাচিত হৈছিল যদিও নামভৰ্তি লোৱা নাছিল।পৰৱৰ্তী সময়ত ঐশ্বৰ্য মডেলিঙৰ গ্লেমাৰাছ জগতখনলৈ স্থানান্তৰিত হোৱাৰ সলনি মানুহৰ সেৱা কৰিবলৈ আই এফ এছ বিষয়া হ’ল। কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাৰে তেওঁ প্ৰথম প্ৰচেষ্টাতে ইউ পি এছ চিত কোনো কোচিং অবিহনে আকৰ্ষণীয় ৯৩ নং ৰেংক লাভ কৰে।উল্লেখ্য যে, ঘৰতে মাত্ৰ ১০ মাহ মাত্ৰ স্ব-অধ্যয়ন কৰিয়েই ঐশ্বৰ্যই এই কৃতিত্ব লাভ কৰিছিল।