বিস্ময় বালক! ১২ বছৰ বয়সতে হাইস্কুল সাং কৰি বিশ্ববিদ্যায়লত নামভৰ্তি কৰিলে নিউয়ৰ্কৰ সুৱৰ্ণ আইজাক বাৰীয়ে

শেহতীয়াকৈ ১২ বছৰ বয়সত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে নিউয়ৰ্কৰ এক বিস্ময় বালক সুৱৰ্ণ আইজাক বাৰী। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ নিউয়ৰ্ক বিশ্ববিদ্যালয়ত গণিত আৰু পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰাৰ পৰিকল্পনা কৰিছে। অহা বছৰৰ পৰা এই উচ্চ শিক্ষা আৰম্ভ কৰিব বিস্ময় বালকটিয়ে।

শেহতীয়াকৈ লং আইলেণ্ডৰ হাইস্কুলৰ পৰা আটাইতকৈ কম বয়সীয়া ছাত্ৰ হিচাপে স্নাতক ডিগ্ৰী লাভ কৰিছে সুৱৰ্ণই। সুৱৰ্ণই কয় – “আশা কৰোঁ ২০২৬ চনৰ বসন্ত কালত তথা মোৰ ১৪ বছৰ বয়সত মই বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হ’ম।”

উল্লেখ্য যে ২ বছৰ বয়সত পিৰিয়ডিক টেবুল মুখস্থ কৰা সুৱৰ্ণই শেহতীয়াকৈ নিউয়ৰ্কৰ নাছাউ কাউন্টিৰ মালভাৰ্ণ হাইস্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে। সুৱৰ্ণৰ পৰিয়ালে কয় যে তেওঁ ছবি অঁকা, তৰ্ক কৰা আৰু পিয়ানো বজোৱাতো ভাল।

সুৱৰ্ণই কয় যে তেওঁ নৱম শ্ৰেণী সম্পূৰ্ণ কৰাৰ পিছত একেবাৰে দ্বাদশ শ্ৰেণীত নামভৰ্তি কৰে।

দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰাৰ পিছত সুৱৰ্ণই নিউয়ৰ্কৰ আশে-পাশে থকা কেইখনমান বিশ্ববিদ্যালয়ত ‘নন-ডিগ্ৰী ক্লাছ’ গ্ৰহণ কৰে। এই বিশ্ববিদ্যালয়সমূহৰ ভিতৰত নিউয়ৰ্ক বিশ্ববিদ্যালয়, ষ্ট’নি ব্ৰুক বিশ্ববিদ্যালয়, নিউয়ৰ্কৰ চিটি বিশ্ববিদ্যালয় আৰু ব্ৰুকলিন কলেজ আদি অন্যতম।

উল্লেখ্য যে ২০১৬ চনত তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাই সুৱৰ্ণৰ কঠোৰ পৰিশ্ৰম আৰু সাফল্যৰ বাবে প্ৰশংসা কৰি এখন পত্ৰ প্ৰেৰণ কৰিছিল।