১২ জুনত পাটনাত বিৰোধীয়ে একেলগে বহাৰ বাবে আয়োজন কৰা বৈঠক স্থগিত কৰা হৈছে। সূত্ৰসমূহে জানিবলৈ দিয়া মতে সেইটোৱেই খবৰ।
জানিব পৰা মতে, সেইদিনা ৰাহুল গান্ধীকে ধৰি বিৰোধী দলৰ বহু নেতা উপস্থিত থাকিব নোৱাৰিৱ। সেইবাবেই ১২ তাৰিখৰ বৈঠক পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। বৰ্তমান ৰাহুল গান্ধী বহিঃৰাষ্ট্ৰত আছে। ছোনিয়া গান্ধীও চিকিৎসাজনিত কাৰণত বিদেশত আছে।
লগতে পঢ়ক: বলীউডৰ প্ৰসিদ্ধ বৰ্ষীয়ান অভিনেত্ৰী ‘পদ্মশ্ৰী’ সুলোচনা লাটকাৰৰ দেহাৱসান
সূত্ৰসমূহৰ মতে, মল্লিকাৰ্জুন খাৰ্গে আৰু এম কে ষ্টেলিনেও সেইদিনা বৈঠকত উপস্থিত থাকিব নোৱাৰে। বৰঞ্চ আন এটা দিন নিৰ্ধাৰণ কৰা হৈছে য’ত সকলোৱে উপস্থিত থাকিব পাৰিব। জানিব পৰা মতে, ১২ জুনৰ পৰিৱৰ্তে ২৩ জুনত এই বৈঠক অনুষ্ঠিত হ’ব।
উল্লেখ্য যে এই বৈঠক কিছুদিন আগতে জানিব পৰা গৈছিল। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী মিত্ৰজোঁট শক্তিশালী কৰাৰ বাবে সকলোকে এখন ছাদৰ তলত বহাৰ আহ্বান জনাইছিল নীতিশ কুমাৰে।
লগতে পঢ়ক: World Environment Day 2023: বিশ্ব পৰিৱেশ দিৱসৰ ইতিহাসে কি কয়? বিশ্ব পৰিৱেশ দিৱস-২০২৩ৰ বিষয়বস্তু কি?
অৱশ্যে বৈঠকৰ পূৰ্বে বিৰোধী শক্তিক একত্ৰিত কৰি তোলাৰ কাম আৰম্ভ হৈছে বুলি ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰিছে। কিয়নো ইয়াৰ পূৰ্বে নীতিশ কুমাৰ, অৰবিন্দ কেজৰিৱাল, ভগৱন্ত মান, কুমাৰস্বামীয়ে কলকাতাত তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ সৈতে সাক্ষাৎ কৰিছিল।