শিৱসাগৰত জিলা উন্নয়ন আয়ুক্তৰ অধ্যক্ষতাত নেহৰু যুৱ কেন্দ্ৰৰ যুৱ কাৰ্যসূচীৰ জিলা উপদেষ্টা সমিতিৰ বৈঠক

a IMG-202010

 শিৱসাগৰ জিলাৰ জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলিৰ অধ্যক্ষতাত আজি উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত নেহৰু যুৱ কেন্দ্ৰৰ যুৱ কাৰ্যসূচীৰ জিলা উপদেষ্টা সমিতিৰ বৈঠক অনুষ্ঠিত হয়।

বৈঠকত নেহৰু যুৱ কেন্দ্ৰ, শিৱসাগৰৰ ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে প্ৰস্তুত কৰা বাৰ্ষিক কাৰ্য্য পৰিকল্পনাৰ খচৰা খনৰ ওপৰত বিস্তৃত ভাৱে আলোচনা কৰা হয়।

এই বাৰ্ষিক কাৰ্য্য পৰিকল্পনাৰ ভিতৰত বিভিন্ন কাৰ্যসূচী যেনে- “আত্মনিৰ্ভৰশীল ভাৰত” বিষয়ক প্ৰচাৰ পত্ৰিকা  ছপাকৰণ; যুৱ সচেতনতা, বৃত্তিমূলক তথা কৌশলগত প্ৰশিক্ষণ আৰু ক্রীড়া বিষয়ক কাৰ্যসূচী; ক’ভিড-১৯ ৰোগ সম্পৰ্কীয় সচেতনতা কাৰ্যসূচী; দুৰ্যোগ ব্যৱস্থাপনা বিষয়ক সচেতনতা কাৰ্যসূচী; কলা-সংস্কৃতি বিষয়ক কাৰ্যসূচী আৰু স্বচ্ছতা বিষয়ক প্ৰশিক্ষণ ইত্যাদি সামৰি লোৱা হৈছে।

জিলা উন্নয়ন আয়ুক্ত গৰাকীয়ে নেহৰু যুৱ কেন্দ্ৰৰ বিষয়-ববীয়া সকলক এই কাৰ্যসূচীসমূহ ৰূপায়ণৰ সময়ত জিলাখনৰ চৰকাৰী বিভাগ সমূহৰ লগত সমন্বয় বজাই ৰখাৰ পৰামৰ্শ প্ৰদান কৰে।

বিস্তৃত আলোচনাৰ অন্তত বৈঠকখনত নেহৰু যুৱ কেন্দ্ৰৰ ২০২০-২১ বিত্তীয় বৰ্ষৰ বাৰ্ষিক কাৰ্য্য পৰিকল্পনাক অনুমোদন জনোৱা হয়।

উল্লেখযোগ্য যে, শিৱসাগৰ জিলাত ১৯৯২ চনত নেহৰু যুৱ কেন্দ্ৰৰ শাখা প্ৰতিষ্ঠিত কৰা হয় আৰু বৰ্তমানলৈকে জিলাখনৰ ৪৩৫ টা যুৱসংঘ আৰু মহিলা মণ্ডল এই কেন্দ্ৰৰ সৈতে জড়িত হৈ আছে।

সভাত জিলা পৰিষদৰ উপ- মুখ্য কাৰ্যবাহী বিষয়া টি জে ৰবাৰ্ট, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্রৰ সাধাৰণ প্ৰবন্ধক দেৱজিত দেউৰী, জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায়, নেহৰু যুৱ কেন্দ্ৰৰ জিলা যুৱ সমন্বয়ক পাপাই দাসৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে।