NORTHEAST NOW (Assamese)

মেঘালয়ৰ কাৰ্গিল হিৰো কেপ্তেইন কেইচিং ক্লিফোৰ্ড ন’নগ্ৰুমক স্মৰণ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ

July 26, 2020 8:34 pm · এন ই নাও নিউজ

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই কাৰ্গিল বিজয় দিৱস-২০২০ উপলক্ষে কাৰ্গিল যুদ্ধত চহিদ হোৱা মেঘালয়ৰ বীৰ সন্তান কেপ্তেইন কেইচিং ক্লিফোৰ্ড ন’নগ্ৰুমক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

”কাৰ্গিল বিজয় দিৱস ২০২০ উপলক্ষে আমি মেঘালয়ৰ কাৰ্গিল হিৰো কেপ্তেইন কেইচিং ক্লিফোৰ্ড ন’নগ্ৰুমক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছো, যাৰ অদমনীয় সাহস আৰু সৰ্বোচ্চ ত্যাগে আমাৰ দেশৰ ইতিহাসক গৌৰৱিত কৰিলে। আমি তেওঁক আৰু সকলো কাৰ্গিলৰ বীৰ যোদ্ধাক প্ৰণিপাত জনাইছো,” মুখ্য মন্ত্ৰী চাংমাই টুইটাৰত লিখে।

কেপ্তেইন কেইচিং ক্লিফোৰ্ডে ১২ জে এ কে লাইট ইনফেণ্ট্ৰিৰ এচল্ট টীমৰ সদস্য হিচাপে কাৰ্গিল যুদ্ধত অদম্য সাহসেৰে যুদ্ধ কৰিছিল।

বেল্টিক চেক্টৰত থকা ৪৮১২ দখল কৰাৰ বাবে কেপ্তেইন কেইচিং ক্লিফোৰ্ডৰ দলৰ অৱদানক সকলোৱে একেমুখে স্বীকাৰ কৰিছে।

যুদ্ধ ক্ষেত্ৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পাছতো কেপ্তেইন কেইচিং ক্লিফোৰ্ডে যুজিবলৈ এৰি দিয়া নাছিল আৰু দেশমাতৃৰ হকে চহিদ হৈছিল।

আজি দেশৰ প্ৰধান মন্ত্ৰী, ৰাষ্ট্ৰপতি, গৃহ মন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ লগতে স্থল, জল, বায়ু সেনা বাহিনীৰ সেনা প্ৰধান সকলেও কাৰ্গিলৰ বীৰ যোদ্ধা সকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

Related News