NORTHEAST NOW (Assamese)

দুৰ্ঘটনাত পতিত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ কনভয়

November 25, 2023 4:08 pm · এন ই নাও নিউজ, গুৱাহাটী

এক দুৰ্ঘটনাৰ সন্মুখীন হৈছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ কনভয়।

আজি পুৱাৰ ভাগত মেঘালয়ৰ আপাৰ ছিলং অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা।

অৱশ্যে এই দুর্ঘটনা বিশেষ বিপজ্জনক নাছিল বুলি জানিব পৰা গৈছে।

মুখ্যমন্ত্ৰীগৰাকীৰ কনভয় ডাউকিলৈ গৈ থকা অৱস্থাতে এই দুৰ্ঘটনা সংঘটিত হয়।

প্ৰকাশিত খবৰ অনুসৰি, মুখ্যমন্ত্ৰীৰ কনভয়ৰ এখন পাইলট গাড়ীৰ বিপৰীত দিশৰ পৰা অহা এখন গাড়ীৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।

এই দুৰ্ঘটনাত অৱশ্যে কোনো লোকৰ হতাহতি হোৱা নাই বুলি খবৰ প্ৰকাশ পাইছে।

মুখ্যমন্ত্ৰী কনৰাড চাংমাও সুৰক্ষিত বুলি সূত্ৰই প্ৰকাশ কৰিছে।

Related News