কুম্ভকৰ্ণ নিদ্ৰাত অসম চৰকাৰ : অসমৰ মাটিত মেঘালয়ৰ স্কুল, অসমৰ গাঁৱত মেঘালয়ৰ ফলক

মেঘালয়ত চামিল হ'বলৈ আগবাঢ়িছে সীমান্তৱৰ্তী বিস্তীৰ্ণ এলেকা

Meghalaya is trying to annex a vast expanse of land of Assam

গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ খাৰদাং-বেলপাৰা,মংৰে,বাবুকোনাত মেঘালয়ৰ আগ্ৰাসন চলিছে৷ ৰাজ্য চৰকাৰৰ সীমান্তৱৰ্ত্তী অঞ্চল সমূহৰ প্ৰতি থকা অমনোযোগিতাৰ  বাবে এতিয়া ইয়াৰ কুফল ভোগ কৰিবল’গীয়া হৈছে সীমান্তত বসবাস কৰা লোকসকলে৷

দীৰ্ঘ দিনধৰি সীমান্তৱৰ্তী অঞ্চলসমূহত কোনো ধৰণৰ উন্নয়ন নোহোৱাৰ বাৱে অঞ্চলসমূহক বাট-পথ, খোৱাপানী, বিদ্যুৎ আদিকে ধৰি বিভিন্ন সমস্যাই ভাৰাক্ৰান্ত কৰি ৰাখিছে৷ ৰাজ্য চৰকাৰৰ সীমান্তৱৰ্তী অঞ্চলৰ উন্নয়নমূলক কাম-কাজ নকৰাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি মেঘালয় চৰকাৰে অসমৰ একএলেকাৰ বৃহৎ ভূমি দখলৰ পৰিকল্পনা কৰিছে৷

অসমৰ মাটিত বসবাস কৰা অসমীয়া লোকসকলক বিভিন্ন আঁচনিৰ প্ৰলোভন দেখুৱাই মেঘালয়ে  অসমৰ এক বৃহৎ এলেকাৰ ভূমি দখল কৰাৰ বাবে অগ্ৰসৰ হৈছে৷ সীমান্তৱৰ্তী অঞ্চলত স্কুল স্থাপন কৰাৰ উপৰিও অসমৰ মংৰে নামৰ গাওঁখনক নিজৰ বুলি দাবী কৰি আঁৰি দিছে বৃহৎ ফলক৷ শেহতীয়াকৈ মেঘালয় চৰকাৰে অসমৰ কেইবাখনো গাঁওত বিদ্যুত যোগানো দি আহিছে৷

স্থানীয় ৰাইজে মেঘালয়ৰ এই  আগ্ৰাসনৰ সন্দৰ্ভত চৰকাৰ-প্ৰশাসনক বহু অভিযোগ দিছে যদিও আজিলৈ কোনো এখন চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে৷

আনহাতে বিভিন্ন সমাস্যাৰে ভাৰাক্ৰান্ত একাংশ সীমান্তৱৰ্তী ৰাইজে মেঘালয়ৰ প্ৰলোভনত পৰি অসম এৰি নিজকে মেঘালয়ত চামিল কৰাৰো আগ্ৰহ প্ৰকাশ কৰিছে৷ কিয়নো বছৰৰ পিছত বছৰ ধৰি কোনো উন্নয়নৰ মুখ নেদেখা এই অঞ্চলৰ লোকে হাহাকাৰৰ মাজৰে দিন অতিবাহিত কৰিবল’গীয়া হৈছিল৷

ইতিমধ্যে শেহতীয়াকৈ ৫/৬ খন গাঁৱত মেঘালয় চৰকাৰে বিদ্যুৎ, খোৱা পানী যোগান ধৰাৰ লগতে আন আন সুবিধাসমূহ প্ৰদানৰ আশ্বাস প্ৰদান কৰিছে৷

সময় থাকোতে  ৰাজ্য চৰকাৰখনে এই বিষয়ে চিন্তা নকৰিলে এদিন অসমৰ এক বৃহৎ এলেকাৰ ভুখণ্ড মেঘালয়ত যে চামিল হ’ব এয়া নিশ্চিত৷