• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মেঘালয় খনি বিস্ফোৰণ: ন্যায়াধীশ আৰ এছ চৌহানৰ নেতৃত্বত উচ্চস্তৰীয় তদন্তকাৰী সমিতি গঠন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2026 3:34 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ এখন অবৈধ কয়লা খনিৰ বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ বাবে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰ এছ চৌহানক তিনিজনীয়া ন্যায়িক সমিতিৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে। যোৱা ৫ ফেব্ৰুৱাৰীত সংঘটিত হোৱা এই বিস্ফোৰণত ৩১ জন লোকৰ মৃত্যু হৈছিল।

১৪ ফেব্ৰুৱাৰীৰ এক অধিসূচনা অনুসৰি, এই সমিতিক জবাবদিহিতা নিৰ্ধাৰণ কৰা আৰু কেন্দ্ৰীয় খনি আইনসমূহৰ সম্ভাৱ্য সাংবিধানিক ৰেহাইসমূহ পৰীক্ষা কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ১৯৫২ চনৰ ‘তদন্ত আয়োগ আইন’ৰ অধীনত গঠন কৰা এই সমিতিৰ আন সদস্যসকল হ’ল অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া এইচ নংপ্লুহ আৰু প্ৰাক্তন আই এ এছ বিষয়া পি এছ খাৰ।

Apply Now

উল্লেখ্য যে, ন্যায়াধীশ চৌহান উত্তৰাখণ্ড উচ্চ ন্যায়ালয় আৰু তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল। অধিসূচনা অনুসৰি, এই আয়োগে মাইনচংগাট গাঁৱৰ দুৰ্গম থাংক্সকু অঞ্চলৰ অবৈধ খনিটোত হোৱা বিস্ফোৰণৰ অনুসন্ধানমূলক তদন্ত চলাব।

আয়োগে অধিসূচনা জাৰি কৰা তাৰিখৰ পৰা ছমাহৰ ভিতৰত তেওঁলোকৰ তথ্য আৰু পৰামৰ্শসমূহ সম্বলিত প্ৰতিবেদন ৰাজ্য চৰকাৰৰ ওচৰত দাখিল কৰিব লাগিব। আয়োগক কৰ্তৃপক্ষৰ কাৰ্য বা ত্ৰুটিসমূহ চিনাক্ত কৰিবলৈ আৰু এই দুৰ্যোগৰ ক্ষেত্ৰত কোনো গাফিলতি আছিল নেকি, সেয়া পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

তদুপৰি সমিতিয়ে কেৱল দায়িত্ব নিৰ্ধাৰণ কৰাই নহয়, মেঘালয়ত অবৈধ কয়লা খননৰ মূল কাৰণসমূহ পৰীক্ষা কৰিব আৰু এই উদ্যোগৰ ওপৰত নিৰ্ভৰশীল শ্ৰমিকসকলৰ কামৰ পৰিৱেশ পৰ্যালোচনা কৰিব। লগতে, ২০১৪ চনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে কয়লা খননত নিষেধাজ্ঞা প্ৰদানৰ ফলত ক্ষতিগ্ৰস্ত হোৱাসকলৰ বাবে প্ৰতিকাৰমূলক ব্যৱস্থা, প্ৰশাসনিক সংস্কাৰ আৰু আৰ্থিক পুনৰ্সংস্থাপন আঁচনিৰ পৰামৰ্শও আগবঢ়াব।

মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই যোৱা ৯ ফেব্ৰুৱাৰীত এই বিস্ফোৰণৰ ন্যায়িক তদন্তৰ কথা ঘোষণা কৰিছিল। ইফালে, আন এক অধিসূচনা অনুসৰি চৰকাৰে পূব জয়ন্তীয়া পাহাৰৰ আৰক্ষী অধীক্ষক বিকাশ কুমাৰক বদলি কৰি ‘নিচাজাতীয় দ্ৰব্য বিৰোধী টাস্ক ফ’ৰ্চৰ’ (ANTF) মুৰব্বী হিচাপে নিযুক্তি দিছে। এএনটিএফৰ মুৰব্বী পি কে ৰাছগানিয়া পূব জয়ন্তীয়া পাহাৰৰ নতুন আৰক্ষী অধীক্ষক হ’ব।

আনহাতে, ৰাজ্য চৰকাৰে ন্যায়িক তদন্ত আয়োগ গঠনৰ কথা ঘোষণা কৰাৰ পিছত শনিবাৰে মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধান ইদাশিষা নংৰাঙে এই ঘটনাৰ এক সমান্তৰাল বিশেষ তদন্তকাৰী দলৰ (SIT) তদন্তৰো নিৰ্দেশ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd