মেঘালয়ৰ মন্ত্ৰী আৰু বিধায়ক সকল কোভিড-১৯ প্ৰতিৰোধী, ‘বিজয়ী আলোকচ্চিত্ৰ’ ফ্ৰেমত একগোট সকলো

মেঘালয়ৰ মন্ত্ৰী আৰু বিধায়ক সকল স্পষ্টভাৱে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধী, আৰু তেওঁলোকক কোনোধৰণৰ মাস্ক পিন্ধা অথবা সামাজিক দূৰত্ব বজাই ৰখাৰ প্ৰয়োজন নায়।

শুকুৰবাৰে এন পি পি নেতা ডব্লিউ আৰ খাৰলুখি ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পাছত সংযুক্ত মৰ্চাৰ সদস্য সকলৰ বিজয় উদযাপনৰ আলোকচিত্ৰই মেঘালয়ৰ সকলো নাগৰিককে আচৰিত কৰি তুলিছে।

এখন দলীয় আলোকচ্চিত্ৰত মেঘালয়ৰ উপ-মুখ্য মন্ত্ৰী প্ৰেছট’ন টাইছঙক বিজয়ী প্ৰাৰ্থী ডব্লিউ আৰ খাৰলুখি আৰু অন্যান্য সদস্য সকলৰ সৈতে একেলগে দেখা গৈছে।

ঐতিহাসিক বিজয়ৰ আলোকচ্চিত্ৰখনত সন্মিলিত চৰকাৰখনৰ গৃহ মন্ত্ৰী লাখমেন ৰাইমবুই, বিধায়ক থমাছ চাংমা আৰু চাইনবৰ চুল্লাইকে ধৰি ভালেকেইগৰাকী নেতাক কান্ধত কান্ধ মিলাই থকা দেখা গৈছে।

যিটো সময়ত বিশ্ব স্বাস্থ্য সংস্থা আৰু স্বাস্থ্য মন্ত্ৰ্যালয়ে ক’ৰ’না মহামাৰীৰ সময়ত সামাজিক দূৰত্ব ৰক্ষা কৰি চলাটো বাধ্যতামূলক হিচাপে ঘোষণা কৰিছে তেনে সময়ত মেঘালয়ৰ ৰাজনীতিৰ এনেধৰণৰ আলোকচ্চিত্ৰ অতি দুৰ্ভাগ্যজনক।

সৌভাগ্যজনকভাৱে মেঘালয়ত ক’ৰ’না ভাইৰাছ প্ৰতিৰোধী যুঁজখনত নেতৃত্ব বহন কৰি থকা মুখ্য মন্ত্ৰী কনৰাড চাংমা আৰু স্বাস্থ্য মন্ত্ৰী  এ এল হেকক দলীয় আলোকচ্চিত্ৰখনত দেখা পোৱা নগ’ল।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে সমগ্ৰ বিশ্বত সামাজিক দূৰত্ব ‘নতুন স্বাভাৱিক’ হোৱাৰ সময়তে মেঘালয়ৰ ৰাজনৈতিক নেতা আৰু মন্ত্ৰী সকলে বিজয়ৰ আনন্দত আত্মহাৰা হৈ সেই কথা পাহৰি যোৱা পৰিলক্ষিত হৈছে।

‘নতুন স্বাভাৱিক’ৰ সময়ত মেঘালয়ৰ স্বাস্থ্য মন্ত্ৰী আৰু ৰাজ্যসভাৰ নিৰ্বাচিত প্ৰতিনিধি গৰাকীয়ে সামাজিক দূৰত্ব বজায় ৰখাৰ কথাটো পাহৰি যোৱাৰ লগতে মাস্ক খুলি থৈ ওচৰা-উচৰিকৈ থিয় হৈ থকা দেখা যায়।

উপ-মুখ্য মন্ত্ৰী প্ৰেছটন টায়ছঙক যদিও চাৰ্জিকেল মাস্ক পৰিধান কৰা দেখা গৈছিল তেওঁ ঐতিহাসিক আলোকচ্চিত্ৰখনৰ সময়ত সেই মাস্ক আঁতৰাই থৈ নাক উলিয়াই থোৱা দৃষ্টিগোচৰ হৈছে।

মহামাৰী আইন ১৮৯৭ অনুসৰি ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰাটো অপৰাধ বুলি ৰাজনৈতিক নেতা সকলে পাহৰি গৈছে নেকি?

এই নিয়ম সকলোৰে বাবে প্ৰযোজ্য, আৰু মন্ত্ৰী বা বিধায়ক সকলেৰ বাবেও এইক্ষেত্ৰত কোনোধৰণৰ ৰেহাই নায়।

উত্তৰাখণ্ডকে ধৰি কিছুসংখ্যক ৰাজ্যই ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে ৬ মাহ জেইল অথবা ৫,০০০ টকালৈ জৰিমণাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

যদিহে কোভিড-১৯ মহামাৰীৰ সময়ত নিয়ম নিৰ্মাতা সকলে নিয়ম উলংঘা কৰে তেন্তে মেঘালয়ৰ সাধাৰণ জনজাতীয় লোক সকলে ইয়াৰ পৰা কি শিক্ষা লাভ কৰিব।