• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মেঘালয়ত প্ৰৱেশৰ পূৰ্বেই বহিৰাগত লোকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম-ঠিকনা

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , November 2, 2019 1:22 pm

2 min read

1-1140x570

প্ৰতিনিধিত্বমূলক ফটো

28.8k
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ত প্ৰৱেশৰ পূৰ্বে বহিৰাগত লোকে এতিয়াৰে পৰা সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে চৰকাৰৰ ঘৰত নাম-ঠিকনা পঞ্জীয়ন কৰিব লাগিব।

শুকুৰবাৰে কনৰাড চাংমা নেতৃত্বাধীন মেঘালয় চৰকাৰৰ কেবিনেটে ৰেছিডেণ্টছ ছেফটী এণ্ড ছিকিউৰিটী এক্ট ২০১৬ৰ সংশোধনীৰ জৰিয়তে বহিৰাগতসকলে ৰাজ্যৰ কৰ্তৃপক্ষৰ সৈতে পঞ্জীয়নৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়াৰ ৰূপায়নৰ সিদ্ধান্তটো গ্ৰহণ কৰে।

ৰাজ্য চৰকাৰে প্ৰস্তাৱিত সংশোধনীক এখন অধ্যাদেশৰ ৰূপত অনুমোদন জনায়। এই অধ্যাদেশৰ আওতাৰ পৰা স্থায়ী বাসিন্দাসকলৰ লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক আঁতৰাই ৰখা হৈছে।

উপ মুখ্য মন্ত্ৰী প্ৰেষ্ট’ন টাইছঙে কয়, ‘’বৰ্তমানৰ আইনখন সংশোধন কৰি বাহিৰৰ পৰা অহা ভাড়াতীয়া, শ্ৰমিক, পৰ্যটক আৰু অন্য কোনো উদ্দেশ্যত ৰাজ্যখনলৈ ভ্ৰমণ কৰা বা থকা লোকসকলে তেওঁলোকৰ নিজৰ স্বাৰ্থৰ লগতে মেঘালয়ৰ স্বাৰ্থত পঞ্জীয়ন কৰিব লাগিব।‘’

‘’২০১৬ চনত যেতিয়া এই আইনখন অনা হৈছিল, তেতিয়া কেৱল ভাড়াতীয়া লোকসকলৰ দিশটো লক্ষ্য কৰা হৈছিল,’’-কেবিনেট বৈঠকৰ পাছতে প্ৰেষ্টনে সাংবাদিকক জানিবলৈ দিয়ে।

‘’মাটিৰ গৰাকীসকলক কাগজ পত্ৰ জমা কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু তেওঁলোকে সেয়া পৰম্পৰাগত মুৰব্বীসকলক জনোৱা উচিত,’’-তেওঁ লগতে কয়।

সংশোধিত আইনখন সৰ্বাত্মক তথা সুৰক্ষিত বুলি প্ৰকাশ কৰি টাইছঙে কয় যে পঞ্জীয়নৰ বাবে লোকসকলে নিৰ্দিষ্ট কিছু নিয়ম মানিব লাগিব।

‘’পঞ্জীয়নৰ বাবে প্ৰক্ৰিয়াটো উজু হোৱাটো নিশ্চিত কৰিবলৈ আমি বৰ্তমানৰ নিয়মৰো পুনৰ খচৰা প্ৰস্তুত কৰিম আৰু আমি লগতে পঞ্জীয়ন অনলাইন কৰাৰ ব্যৱস্থা কৰিম,’’-তেওঁ কয়।

‘’তোনো ব্যক্তিয়ে তথ্য যোগান ধৰিবলৈ ব্যৰ্থ হ’লে ভাৰতীয় দণ্ডবিধিৰ ১৭৬/১৭৭ ধাৰাৰ অধীনত শাস্তিৰ সন্মুখীন হ’ব লাগিব,’’-টাইছঙে জনায়।

তেওঁ লগতে জানিবলৈ দিয়ে যে এই ব্যৱস্থাটো আন্ত:ৰাজ্যিক পাৰপত্ৰৰ সৈতে জড়িত নহয় কিয়নো সংশোধনীটো বৰ্তমানৰ আইনখনক অধিক শক্তিশালী কৰাৰ বাবে অনা হৈছিল।

টাইছঙে লগতে কয়,’’ৰাজ্যখনৰ স্থায়ী বাসিন্দা অজনজাতীয় লোকসকলে চিন্তা কৰাৰ কাৰণ নাই কিয়নো পঞ্জীয়ন প্ৰক্ৰিয়াটো বাহিৰৰ পৰা যিসকল আহে তেওঁলোকৰ বাবেহে প্ৰযোজ্য হ’ব।‘’

Recent News

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

বাংলাদেশৰ এই দুগৰাকী বিশিষ্ট ব্যক্তিলৈ ভাৰতৰ পদ্মশ্ৰী সন্মান

বাংলাদেশৰ এই দুগৰাকী বিশিষ্ট ব্যক্তিলৈ ভাৰতৰ পদ্মশ্ৰী সন্মান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd